বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৭ চনৰ ৭ অক্টোবৰত grid.id নামৰ এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো পালোঁ। প্ৰতিবেদন অনুসৰি এক বয়সস্থ দম্পতীয়ে নিজৰ পোহনীয়া কুকুৰ দুটাক পানীৰ মাজত এৰি থৈ যাবলৈ অমান্তি হৈছিল আৰু তেতিয়া তেওঁলোকৰ লগতে কুকুৰ দুটাকো উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ কৰিছিল।

Archived Link

প্ৰতিবেদনত এটা ইউটিউব লিংক সংলগ্ন কৰা হৈছিল য'ত এই ভিডিঅ'টোৰ বৰ্ধিত সংস্কৰণ এটা আছিল। ইউটিউবত এই ভিডিঅ'টো আপলোড কৰা হৈছিল ২০১৫ চনৰ ১০ চেপ্তেম্বৰত। ভিডিঅ'টোত থকা বৰ্ণনা অনুসৰি জাপানৰ জ'ছ' চহৰত হোৱা বানপানীৰ দৃশ্য এয়া।

Archived Link

এই তথ্যক সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এন বি চি নিউজত ২০১৫ চনৰ ১০ চেপ্তেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ২০১৫ চনৰ চেপ্তেম্বৰত জ'ছ' চহৰত হোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত বহু লোকক ঘৰৰ চাদৰপৰা হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হৈছিল। এই প্ৰতিবেদনত ভাইৰেল ভিডিঅ'টোত থকা দৃশ্যাংশ‌ও আমি দেখিলোঁ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

একেটা বাতৰি আমি France 24 ৱেবছাইটতো পালোঁ।

Archived Link

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টো পুৰণি আৰু জাপানৰহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। বানপানীত আবদ্ধ লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এই দৃশ্য বাংলাদেশৰ শেহতীয়া বানপানীৰ নহয় বৰং ২০১৫ চনত জাপানৰ জ'ছ' চহৰত হোৱা বানপানীৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

-
Avatar

Title:জাপানৰ পুৰণি ভিডিঅ' বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

Written By: Debanjana Baishya

Result: False