বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

International Misleading

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ।

ভিডিঅ’টোত ৰেষ্টুৰেণ্ট এখনৰ পৰা দূৰৈত দেখা গৈছে ধোঁৱাৰ বিশাল ডাৱৰ। ধোঁৱাৰ পিছত এটা বিশাল বিস্ফোৰণ ঘটে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ভয়াৱহ ভূমিকম্পৰ সময়ত তুৰস্কৰ পাৰমাণৱিক কেন্দ্ৰত বিস্ফোৰণ ঘটিছিল এনেদৰে”। 

Facebook Link | Archived Link

কেপশ্বনত এই ভিডিঅ’টো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি উল্লেখ কৰা হোৱা নাই যদিও হেশ্বটেগত “TurkeyEarthquake” বুলি দিয়াৰ ফলত এই ভিডিঅ’টো সম্পৰ্কে বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।

সেয়েহে এই ভিডিঅ’টো তুৰস্কৰ হয়নে নহয় সেয়া নিশ্চিত হ’বলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগল আৰু ইউটিউবত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। ইয়াৰ ফলত আমি পোৱা তথ্য অনুসৰি সেই ভিডিঅ’টো তুৰস্কৰ নহয় বৰং লেবাননৰহে আছিল। “Sky News“এ তেওঁলোকৰ ইউটিউব চেনেলত সেই ভিডিঅ’টো দুবছৰ আগতে আপলোড কৰিছিল।

যিহেতু ভিডিঅ’টো ২০২০ চনতে আপলোড কৰা হৈছিল, গতিকে তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক থাকিব নোৱাৰে। ভিডিঅ’টোত দিয়া বৰ্ণনা অনুসৰি ২০২০ চনৰ আগষ্ট মাহত লেবাননৰ ৰাজধানী চহৰ বেইৰুটক ধ্বংস কৰা এক বৃহৎ বিস্ফোৰণৰ দৃশ্য আছিল সেয়া।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেইৰুটৰ বন্দৰ এলেকাত এমোনিয়াম নাইট্ৰেটৰ বৃহৎ ভাণ্ডাৰত হোৱা বিস্ফোৰণত শ শ লোকৰ মৃত্যু হয় আৰু হাজাৰ হাজাৰ লোক আহত হয়। বিস্ফোৰণৰ ফলত শ শ আৰু হাজাৰ হাজাৰ লোকো গৃহহীন হৈ পৰে।

এইদৰে ভিডিঅ’টো শেহতীয়াকৈ তুৰস্কৰ ভূমিকম্পৰ নহয়। যদিও তুৰস্কৰ নিৰ্মাণৰত আক্কুয়ু পাৰমাণৱিক উদ্যোগৰ ক্ষতি হোৱাৰ উৰাবাতৰি ওলাইছিল, অৱশ্যে প্লাণ্টটো নিৰ্মাণ কৰা ৰাছিয়াৰ কোম্পানীটোৱে এই উৰাবাতৰি খণ্ডন কৰিছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাইও (IAEA) তুৰ্কী কৰ্তৃপক্ষৰ পৰা নিশ্চিত কৰিছে যে আক্কুয়ু পাৰমাণৱিক উদ্যোগত কোনো প্ৰভাৱ পৰা নাই।

ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰিছে যে, “প্লাণ্টটোৰ নিৰ্মাণ কাৰ্যত কোনো প্ৰভাৱ পৰা নাছিল, আই এ ই এয়ে কয়। ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক মুৰব্বী ৰাফেল গ্ৰ’চিয়ে কয় যে IAEA এ তুৰ্কী চৰকাৰৰ সৈতে যোগাযোগ কৰিছে বিল্ডিং-ইণ্টিগ্ৰিটি মূল্যায়নৰ বাবে”।

পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণ কৰা ৰাছিয়াৰ ইঞ্জিনিয়াৰিং কোম্পানী ৰোজাটুমেও এই উৰাবাতৰি খণ্ডন কৰিছে। ৰয়টাৰৰ এক প্ৰতিবেদনত ৰোজাটাম কোম্পানীটোৰ প্ৰতিনিধি আনাষ্টেছিয়া জোটিভাৰ উদ্ধৃতি দি এইদৰে কোৱা হৈছে: “ইয়াত প্ৰায় ৩ মাত্ৰাৰ ভূমিকম্প অনুভৱ কৰা হৈছিল… কিন্তু আমাৰ বিশেষজ্ঞসকলে বিল্ডিঙৰ গঠন, ক্ৰেন আৰু সঁজুলিৰ কোনো ধৰণৰ ক্ষতিৰ কথা প্ৰকাশ কৰা নাই”।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ নহয় বৰং লেবাননৰ পাৰমাণৱিক প্লাণ্টত ২০২০ চনৰ আগষ্ট মাহত হোৱা বিস্ফোৰণৰহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

Fact Check By:  FactCrescendo Assamese  

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *