ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

International Partly-False

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।

এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে প্ৰশিক্ষিত কুকুৰ। এনে সময়তে এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে যে এটা কুকুৰ ধ্বংসাৱশেষৰ ওপৰত বহি আছে আৰু ধ্বংসাৱশেষৰ মাজৰ পৰা কোনো ব্যক্তিৰ হাত এখন ওলাই আছে।

আমি ফেচবুকত পোৱা এই পোষ্টটোত থকা চাৰিখন ফটোৰ তিনিখন ফটো আছিল কুকুৰে ধ্বংসাৱশেষৰ মাজত সন্ধান কৰাৰ আৰু এখন ফটোত দেখা গৈছে ধ্বংসাৱশেষৰ সম্মুখত এগৰাকী মহিলা। 

পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে “গোটেই পৃথিৱীতে বিখ্যাত হোৱা এখন ছবি 😲❤

এই ছবিখন  তুৰস্কত হোৱা প্ৰচণ্ড ভূমিকম্পৰ পিছত ধ্বংসাৱশেষৰ মাজেৰে নিজৰ পৰিয়ালৰ সন্ধান কৰা কুকুৰৰ।

অৱশেষত সি তেওঁলোকৰ পৰিয়ালক(কুকুৰৰ গৰাকী) বিচাৰি পালে, আৰু এই ফটোবোৰ দ্ৰুতভাৱে ভাইৰেল হৈছে…

কুকুৰে নিজৰ মালিকৰ সৈতে এক অনন্য সন্মন্ধ স্থাপন কৰিবলৈ সক্ষম হয়, য’ত আনুগত্য,নিঃচৰ্ত প্ৰেম আৰু  আৱেগক ধৰি ৰখাৰ ব্যতিক্ৰমী ক্ষমতাই কুকুৰক মানুহৰ প্ৰিয় বন্ধু কৰি তোলে!”

Facebook Link | Archived Link 

এই ফটোকেইখন তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে নহয় সেয়া নিশ্চিত কৰিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ধ্বংসাৱশেষৰ সম্মুখত এগৰাকী মহিলা ৰৈ থকা ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। আমি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৭তাৰিখে ইণ্ডিয়া টুডেত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ য’ত সংলগ্ন ফটোখন আছিল ভাইৰেল পোষ্টটোত থকা ফটোখনৰ সৈতে সাইলাখ একেই। সেই ফটোখন তুৰস্কৰ হাটাইৰ বুলি উল্লেখ কৰা হৈছিল আৰু সেয়া আছিল তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ ফটো।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি কুকুৰে ধ্বংসাৱশেষৰ ওপৰত বহি থকা ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে সেই ফটোখন ২০১৮ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ। ষ্টক ইমেজ ৱেবছাইট Alamy ত আমি একেখন ছবি পাইছিলোঁ। এই ছবিখনৰ কৃতিত্ব চেক ফটোগ্ৰাফাৰ জাৰোস্লাভ নোস্কাৰ। তলৰ স্ক্ৰীণশ্বটত দেখাৰ দৰে ছবিখন ২০১৮ চনৰ ১৮ অক্টোবৰৰ পৰা ৱেবছাইটত আছে।

অনুগ্ৰহ কৰি ইয়াত চাওক। Archived Link

গতিকে এই ছবিখন শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ সৈতে সম্পৰ্কিত নহয়। পোষ্টটোত থকা আন ফটোকেইখনো একেজন ফটোগ্ৰাফাৰে alamyত আপলোড কৰা দেখা গ’ল।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত চাওক।

গতিকে এইবোৰ পুৰণি ষ্টক ফটো আৰু তুৰস্ক বা ছিৰিয়াৰ ভূমিকম্প হোৱা ঠাইৰ নহয় বুলি আমি নিশ্চিত হ’লো।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে দাবী কৰা ধৰণে ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়। এইবোৰ পুৰণি ষ্টক ফটোহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

Fact Check By: FactCrescendo Assamese 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *