শেহতীয়াভাৱে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনে এটি শিশুৰ আগত আঠু লোৱা এখন ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

বহু ফেচবুক ব্যৱহাৰকাৰীয়ে অসমতো সেই ফটোখন আপলোড কৰি দাবী কৰিছে যে বাইডেনে জৰ্জ ফ্লইডৰ পুত্ৰৰ সমুখত আঠু লৈ ক্ষমা বিচাৰিছে ।

Biden floyd FB.png

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

২৫মেত এখন নকল ২০ডলাৰৰ নোট ব্যৱহাৰ কৰি চিগাৰেট ক্ৰয় কৰিবলৈ যোৱাৰ অপৰাধত ফ্লইডক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰক্ষীৰ জিম্মাত, এজন প্ৰাক্তন মিনিওপলিছ আৰক্ষীয়ে ফ্লইডৰ ডিঙিত নিজৰ আঠুৰে ৯মিনিটলৈ হেচা মাৰি ধৰিছিল-সেই সময়ত ফ্লইডে বাৰে বাৰে কৈছিল যে তেওঁ উশাহ লব পৰা নাই

ফেক্ট ক্ৰেছেণ্ডে আছামিজে সিদ্ধান্ত গ্ৰহন কৰিলো যে ইয়াক লৈ সত্যতা নিৰূপন কৰা হওক আৰু জানিব পাৰিলো যে সেই শিশুটি জৰ্জ ফ্লইডৰ সন্তান নহয়। বৰং বাইডেনে ডেট্ৰইট ভ্ৰমনলৈ যোৱাৰ সময়ত তাত লগ পোৱা এখন স্থানীয় দোকানৰ মালিকৰ সন্তান।

সত্যতা নিৰূপন পদ্ধতি

আমি ফটোখন গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু ডেট্ৰইটৰ এটা স্থানীয় নিউজ পৰ্টেলে প্ৰকাশ কৰা এটা বাতৰিত সেই ফটোখন প্ৰকাশ কৰা দেখা পালোঁ, য'ত লিখা হৈছিল যে সেই শিশুটি তাৰ স্থানীয় এখন দোকানৰ মালিক ক্লিমেট ব্ৰাউনৰ সন্তান। বাইডেনে ডেট্ৰইট ভ্ৰমন কৰিব যাওতে তেওঁক লগ পাইছিল, যেতিয়া তেওঁ দেউতাকৰ দোকানলৈ গৈছিল।

WhatsApp Image 2021-01-11 at 10.59.21.jpeg

Original Link- WXYZ Detroit | Archived Link

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল ছাৰ্চ কৰোতেওঁ পালো যে সেই একেইদিনৰে আন কিছু ফটো ডেট্ৰইটৰ এক স্থানীয় পৰ্টেলৰ বাতৰিত প্ৰকাশ হৈছে য'ত আমি ভাইৰেল ফটোৰ কণমানিটোক দেখা পালোঁ । আমি দেখিলোঁ যে উক্ত বাতৰিটোত লিখা আছে যে বাইডেনে সেইদিনা সেই দোকানখনলৈ নিজৰ নাতিৰ বাবে বজাৰ কৰিবলৈ গৈছিল । Original Link- Detroit Free Press | Archived Link

ফলাফল

ফটোত দেখা শিশুটি জৰ্জ ফ্লইডৰ সন্তান নহয়। তেওঁ ডেট্ৰইটৰ স্থানীয় এখন দোকানৰ মালিক ক্লিমেট ব্ৰাউনৰ সন্তান হে হয় । বাইডেনে ডেট্ৰইট ভ্ৰমনৰ সময়ত তেওঁক লগ পাইছিল।

Avatar

Title:এই শিশুটি জৰ্জ ফ্লইডৰ সন্তান নহয়!

Fact Check By: Manjori Borkotoky

Result: False