শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

False Political

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল। 

ভাইৰেল হৈ থকা ছবিখনৰ লগতে  ব্যৱহাৰকাৰীজনে লিখিছে,”নেপালৰ বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল”।

হোৱাটছএপত শ্বেয়াৰ হৈ থকা পোষ্টটো আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। Archived Link

গৱেষণাই দেখুৱাইছে যে…

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি এই ছবিখন পৰীক্ষা কৰিছিলো। ইয়াৰ ফলস্বৰূপে, আমি এই ছবিখন হিন্দুস্তান টাইমছৰ ৱেবছাইটত ১৫ অক্টোবৰ, ২০১১ তাৰিখে প্ৰকাশ পাইছিল বুলি জানিব পাৰিলো। আপুনি তলত চাব পাৰে:

Archived Link

খবৰ অনুসৰি ভূটানৰ ৰাজধানীত ৰজা আৰু ৰাণীৰ বিবাহৰ অভ্যৰ্থনাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেতিয়াৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া ভূটানৰ প্ৰাক্তন ৰজা জিগমে দৰ্জি ৱাংচুকৰ সৈতে উপস্থিত হৈছিল।

ইয়াৰ পৰা, আমি ক’ব পাৰোঁ যে এই ছবিখন এতিয়াৰ নহয় বৰঞ্চ ২০১১ চনৰ হয় যি সময়ত জ্যোতিৰাদিত্য সিন্ধিয়া কংগ্ৰেছ দলৰ নেতা আছিল।

শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী এজন নেপালী বন্ধুৰ বিয়াৰ বাবে পাঁচ দিনৰ বাবে কাঠমাণ্ডুলৈ গৈছিল । এই ভ্ৰমনৰ সময়ৰ তেওঁৰ এটা ভিডিঅ’ ইণ্টাৰনেটত যথেষ্ট আলোচনা কৰা হৈছে। ইয়াত তেওঁলোকক এক নাইট ক্লাবত দেখা যায়।

ফলাফল

তথ্যবোৰ পৰীক্ষা কৰাৰ পিছত, আমি দেখিলোঁ যে ছবিখনৰ বিষয়ে কৰা দাবীটো মিছা। এই ফটোখন ২০১১ চনৰ হয় । তেতিয়া ৰাহুল গান্ধী আৰু জ্যোতিৰাদিত্য সিন্ধিয়া ভূটানৰ ৰজাৰ বিবাহৰ অভ্যৰ্থনালৈ গৈছিল। সেই সময়ত, জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপিত নাছিল, কংগ্ৰেছ দলত আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *