Fact Check: নীতা আম্বানীয়ে ধৰ্মৰ বিষয়ত কোনো টুইট কৰা নাই!

False Social

নীতা আম্বানী নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা দুটা ধৰ্মক লৈ কৰা এটা টুইটৰ স্ক্ৰিনশ্বট শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। স্ক্ৰিণশ্বটটোত লিখা আছিল “পেটৰ পৰাটো হিন্দুয়েই ওলাই কিন্তু পাছত বাহিৰত তাক মুচলমান বনোৱা হয় । আল্লাৰ যদি শক্তি আছে… কেঁচুৱা জন্ম দিয়ক…”।

Nita WhatsApp.png

Archived Link

এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ সেই স্ক্ৰিনশ্বটটো ব্যৱহাৰ কৰি দিয়া এটা ফেচবুক পোষ্টৰ লিংক আমালৈ সত্যাসত্য নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল। 

আমি লিংকটো পৰীক্ষা কৰি তপন ৰয় নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে ২০ নৱেম্বৰ, ২০২০ তাৰিখে দিয়া পোষ্ট পালো। উক্ত পোষ্টটোত বৰ্তমানলৈকে ৪২০টা কমেণ্ট আৰু ২.৭ হাজাৰটা লাইক, ইত্যাদি আহিছে । ইয়াৰ উপৰিও উক্ত পোষ্টটো ৩৮৩ বাৰ চেয়াৰ কৰা হৈছে ।

Nita Facebook.png

Original Link- Facebook | Archived Link

ৰিলায়েন্স ফাউণ্ডেশ্বনৰ অধ্যক্ষা নীতা আম্বানীৰ নামত সন্দেহজনক টুইটাৰ হেণ্ডেলৰ পৰা ধৰ্ম বিষয়ক টুইট কৰা দেখা গৈছিল। সেইবাবেই আমি সেই স্ক্ৰিণশ্বটটো প্ৰকৃত হয় নে নহয় তাক প্ৰমান কৰি চাবলৈ সত্যতা নিৰূপন পদ্ধতি অৱলম্বন কৰিলো।

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে আমি টুইটাৰত নীতা আম্বানীৰ একাউন্ট আছেনে নে নাই বিচাৰি চালো আৰু আমি নীতা আম্বানীৰ কোনো অফিচিয়েল টুইটাৰ হেণ্ডেল বিচাৰি নাপালো। আমাৰ অনুসন্ধানে আমাক বহুত অনুৰাগীয়ে খুলি লোৱা ভূৱা একাউন্ট আমাক দেখুৱালে,যিবোৰ ভেৰিফাই কৰা একাউন্ট নহয়। 

Nita Twitter Search.jpg

Twitter Search Link

ইয়াৰ পিছত আমি স্ক্ৰিণশ্বটটোত দেখা @NitaMambani নামৰ একাউন্টটো বিচাৰি চালো। কিন্তু আমি তেনেকুৱা কোনো একাউন্টো নাপালো। 

তাৰ পিছত কেইটামান প্ৰাসংগিক শব্দ লৈ আমি এটা গুগল ছাৰ্চ কৰি চালো। আমি পালো ইউটিউৱ চেনেল Siasat TV Newsত এটা বাতৰি পালো,যত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহ সন্দৰ্ভত মন্তব্য দিয়া এটা ভূৱা একাউন্ট বন্ধ কৰা হৈছে। সেই ভিডিওটো ২০১৯চনৰ ২৫ ডিচেম্বৰত “Fake twitter account of Nita Ambani praises PM Modi, Amit Shah, suspended.”(প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহক প্ৰসংশা কৰা নীতা আম্বানীৰ ভূৱা টুইটাৰ একাউন্ট বন্ধ)শিৰোনামেৰে আপলোড কৰা হৈছিল। Original Link- YouTube | Archived Link

আমি তদুপৰি আন এটা বাতৰি পালো যিটোৰ শিৰোনাম আছিল-“Media Statement on Fake Tweeter Handle of Reliance Foundation Chairperson Nita Ambani”,(ৰিলায়েন্স ফাউণ্ডেশ্বনৰ অধ্যক্ষা নীতা আম্বানীৰ ভূৱা টুইটাৰ একাউন্ট সন্দৰ্ভত সংবাদ বিবৃতি) আৰু প্ৰকাশ কৰা হৈছিল Goa News Hubনামৰ পোৰ্টেলটোৰ পৰা। তাত ৰিলায়েন্স জিও ইনফোকমৰ মুখপাত্ৰৰ এটা বক্তব্যৰ কথা লিখা হৈছিল। সেই বক্তব্য মতে নীতা আম্বানীৰ কোনো টুইটাৰ একাউন্ট নাই আৰু তেওঁৰ নাম আৰু ফটো লৈ যিবোৰ একাউন্ট চলি আছে সেই আটাইবোৰেই ভূৱা। 

Nita Goa.png

Screenshot, Article, Goa News Hub

Original Link- Goa News Hub | Archived Link

Fact Crescendo Assameseএ ইতিপূৰ্বেও নীতা আম্বানীৰ নাম লৈ খোলা ভূৱা একাউন্টৰ পৰা কৰা মিছা টুইট লাভ কৰিছিল। Original Link- Fact Crescendo Assamese article 

ফলাফল

ওপৰৰ সত্যতা নিৰূপনে এটা কথা স্পষ্ট কৰিছে যে নীতা আম্বানীয়ে ধৰ্মৰ নামত কোনো টুইট কৰা নাই, কাৰণ তেওঁ নিজৰ কোনো অফিচিয়েল টুইটাৰ একাউন্টেই নাই। 

Avatar

Title:নীতা আম্বানীয়ে ধৰ্মৰ বিষয়ত কোনো টুইট কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *