শেহতীয়াকৈ সংখ্যালঘু বৃত্তি আঁচনিৰ এক কেলেংকাৰী সম্পৰ্কে এক খবৰ ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত শ্বেয়াৰ হোৱা এক স্ক্ৰীণশ্বটত লিখা আছে এইদৰে, "১৪৪.৮৩ কোটিৰ কেলেংকাৰীত প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণী! সংখ্যালঘু বিভাগত ৮৩০ জনক ভুৱা নিযুক্তি, ৫৩% ভুৱা শিক্ষাৰ্থীৰ নামত সৰকাইছিল ধন"। এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে "শেহতীয়া আপডেট" বুলি।

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। তেতিয়া ইণ্ডিয়া টুডেত ২০২৩ চনৰ আগষ্ট মাহৰ ১৯ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি সংখ্যালঘূ বৃত্তি কাৰ্যসূচীৰ (Minority Scholarship Program) এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কৰা এক আভ্যন্তৰীণ তদন্তত প্ৰকাশ পাইছিল যে সংখ্যালঘু বৃত্তি কাৰ্যসূচীৰ অধীনস্থ ৫৩% প্ৰতিষ্ঠান ভুৱা। এনে ৮৩০টা প্ৰতিষ্ঠানত গভীৰভাৱে শিপাই থকা দুৰ্নীতিৰ ফলত বিগত ৫ বছৰত ১৪৪.৮৩ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৩ চনৰ ১০ জুলাইত এই সম্পৰ্কে আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছিল। তেতিয়ালৈকে পৰীক্ষা কৰা ১৫৭২টা প্ৰতিষ্ঠানৰ ভিতৰত ৮৩০টা প্ৰৱঞ্চনামূলক কাম-কাজত জড়িত বুলি ধৰা পৰিছিল। এই পৰিসংখ্যা ৩৪খন ৰাজ্যৰ ভিতৰত ২১খন ৰাজ্যৰ। এই ৮৩০টা প্ৰতিষ্ঠানৰ সৈতে জড়িত একাউণ্টসমূহ ফ্ৰীজ কৰাৰ নিৰ্দেশ দিছিল কৰ্তৃপক্ষই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

Archived Link

প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিছিল। এই কেলেংকাৰীত স্মৃতি ইৰাণী জড়িত থকা বুলি কোৱা হোৱা নাছিল। তদুপৰি ৮৩০ খন ভুৱা প্ৰতিষ্ঠানৰ কথাহে উল্লেখ কৰা হৈছিল, তাত ৮৩০ জনক ভুৱা নিযুক্তি প্ৰদান কৰা বুলি কোৱা হোৱা নাছিল।

উল্লেখযোগ্য যে মন্ত্ৰালয়ৰ বৃত্তি কাৰ্যসূচী প্ৰায় ১,৮০,০০০ প্ৰতিষ্ঠানলৈ বিস্তৃত, প্ৰথম শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈকে ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে। ২০০৭-২০০৮ শিক্ষাবৰ্ষত এই পদক্ষেপ আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত বৃত্তি এই প্ৰতিষ্ঠানসমূহে ভুৱা হিতাধিকাৰীৰ নামত প্ৰতি বছৰে সংগ্ৰহ কৰিছিল।

আমি পুনৰ অনুসন্ধান কৰি ইণ্ডিয়া ডট ক'মৰ ২০২৩ চনৰ ১৯ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদনতো অনুৰূপ বাতৰিয়ে প্ৰকাশ কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

একে ধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে সংখ্যালঘু বিভাগত ৮৩০ জনক ভুৱা নিযুক্তি প্ৰদান কৰা হোৱা নাছিল আৰু স্মৃতি ইৰাণী ১৪৪.৮৩ কোটি টকাৰ এই কেলেংকাৰীত জড়িত থকাৰ কোনো তথ্য নাই। বৰং এই সংখ্যালঘূ বৃত্তি কাৰ্যসূচীৰ অধীনত ৮৩০ খন ভুৱা প্ৰতিষ্ঠানে বৃত্তি লাভ কৰি আছিল আৰু এই তথ্য সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ আভ্যন্তৰীণ তদন্তত প্ৰকাশ পোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে এই সম্পৰ্কে তদন্ত কৰিবলৈ চিবিআইক দায়িত্ব অৰ্পণ কৰিছিল। তদুপৰি এই বাতৰিটো পুৰণি, ২০২৩ চনৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সংখ্যালঘু বৃত্তি কাৰ্যসূচীৰ ১৪৪.৮৩ কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

Fact Check By: FactCrescendo Assamese

Result: Misleading