
দেৱালীৰ পাছতেই স্মগৰ কাৰণে ৰাজধানী দিল্লী এটা গেছ চেম্বাৰলৈ পৰ্যবসিত হৈছিল আৰু সাধাৰণ মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি জানিব পৰা গৈছে ।
স্মগৰ মাত্ৰা কমিছে যদিয়ো ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বিশেষ ফটোখনত দিল্লী বিজেপিৰ মুৰব্বী আৰু লোকসভা সাংসদ মনোজ তিৱাৰীক ফটকা ফুটাই থকা দেখিবলৈ পোৱা গৈছে ।
ফটোখন শ্বেয়াৰ কৰা পোষ্টবোৰত দাবী কৰা হৈছে যে দিল্লীৰ সাধাৰণ মানুহখিনিৰ লগত ৰাজধানীখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ কাৰণে সহানুভূতি প্ৰকাশ কৰাৰ বিপৰীতে বিজেপি নেতাজনে ফটকা ফুটাই আৰু প্ৰদূষণ বিয়পোৱাত ব্যস্ত । ফটোখনৰ সৈতে বিজেপি নেতাজনে কৰা এটা টুইট গাঁঠি দিয়া হৈছে য’ত ইংৰাজীত তেওঁ লিখিছে যে তেওঁৰ “চকুহাল আজি দিল্লীত পুৰিছে, আৰু আপোনাৰ?”
এই পোষ্টটো সমগ্ৰ দেখতে ভাইৰেল হৈ পৰিছে আৰু অসমতো মান্না বৰভূইয়া নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা ৩ নৱেম্বৰ, ২০১৯ তাৰিখে এই পোষ্টটো শ্বেয়াৰ কৰা হৈছে আৰু পোষ্টটোৰ সৈতে লিখা হৈছে যে “ভণ্ডামিৰ যদি এখন মুখ থাকিলেহেঁতেন” । এই পোষ্টটো বহুতো মানুহে লাইক আৰু শ্বেয়াৰ কৰিছে লগতে অসমত হোৱাটচ এপ্পটো এই বিশেষ ফটোখন ভাইৰেল হোৱা দেখা গৈছে ।
যি সময়ত দিল্লীৰ বায়ু প্ৰদূষণ লৈ সমগ্ৰ দেশতেই এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আতচবাজি এক প্ৰকাৰ নিষিদ্ধ কৰি দিয়া হৈছিল দেশৰ ৰাজধানীখনত, ঠিক সেই সময়ত দিল্লী বিজেপিৰ মুৰব্বীয়ে ফটকা ফুটাই আনন্দউল্লাস কৰিছিল নেকি? এই বিশেষ ফটোখনৰ সত্যতা কি? জানো আহক ।
প্ৰণালী
আমি ফটোখন লৈ গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু পালোঁ যে এই ফটোখন আচলতে পাঁচ বছৰ পুৰণি আৰু ২০১৪ চনতে দিল্লীত ছট পূজাৰ সময়ত তোলা ফটো হয় ।
ৰিভাৰছ ইমেজ ছাৰ্চৰ ফলত আমি ‘দা পায়নিয়েৰ’ত প্ৰকাশ হোৱা এটা নিউজ ৰিপৰ্ট পালোঁ য’ত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল । এই ৰিপৰ্টটো ২৯ অক্টোবৰ, ২০১৪ তাৰিখে প্ৰকাশ পাইছিল । সেই বছৰ ছট পূজাৰ উপলক্ষে ৰাজহুৱা ছুটি ঘোষণা কৰা হৈছিল আৰু নিউজ ৰিপৰ্টটো এই বিষয়টোৰ ওপৰত আছিল ।
আমি এই ফটোখন ‘আউটলুক’ মেগাজিনৰ পুৰণি অনলাইন ফটো গেলাৰীতও দেখা পালোঁ য’ত লিখা আছে যে তিৱাৰীয়ে পূৰ্বাঞ্চলি সকলৰ সৈতে দিল্লীত ছট পূজা উদযাপন কৰি থাকোঁতে এই ফটোখন তোলা হৈছিল ।
মনোজ তিৱাৰীয়ে শেহতীয়াকৈ দেৱালী উদযাপন কৰি থকা কোনো ফটো আমি বিচাৰি নাপালোঁ ।
ফলাফল
এই ফটোখন ৫ বছৰ পুৰণি আৰু শেহতীয়াকৈ হৈ যোৱা দেৱালীৰ লগত কোনো সম্পৰ্ক নাই । কিছুমান দুষ্টবুদ্ধিৰ মানুহে এই পুৰণি ফটোখন পুনৰ ব্যৱহাৰ কৰি দিল্লী বিজেপিৰ নেতা মনোজ তিৱাৰীয়ে দিল্লীত প্ৰদূষণ বিয়পোৱাত ব্যস্ত বুলি মিছাতে ছচিয়েল মিডিয়াত ভাইৰেল কৰিছিল ।

Title:মনোজ তিৱাৰীয়ে ফটকা ফুটাই থকা ফটোখন পাঁচ বছৰ পুৰণি!
Fact Check By: Manjori BorkotokyResult: False