

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৩১৬৩ জনৰ মৃত্যু হৈছে । অসমতো ১৫৪জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে ।
যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত লক ডাউন ৩১ মে’, ২০২০ তাৰিখ পৰ্য্যন্ত বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে এক ফটো সম্প্ৰতি ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৰাজস্থান আৰু অন্যান্য ৰাজ্য সমূহত কৰ্মৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী সকলক উভতাই পঠোৱাৰ ক্ষেত্ৰত নিজৰ খৰছত ১০০০ খন বাছ যোগাৰ কৰিছিল আৰু এইখন তাৰেই ফটো । অসম কংগ্ৰেছৰ অফিচিয়েল ফেচবুক পে’জৰ পৰা উক্ত ফটোখন ১৯ মে’, ২০২০ তাৰিখে আপলোড কৰা হৈছে আৰু লগতে, “নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয়া সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ৰাজস্থান আৰু অন্যান্য ৰাজ্য সমূহত কৰ্মৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী সকলক উভতাই পঠোৱাৰ ক্ষেত্ৰত ১০০০ খন বাছ নিজৰ খৰছত যোগান ধৰিবলৈ ওলোৱা কাৰ্যত উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্য নাথে বাছ সমূহ নিজ ৰাজ্যত প্ৰৱেশ কৰিবলৈ নিদিয়া সিদ্ধান্ত অৱশেষত বাতিল কৰিবলৈ বাধ্য হয় ।” বুলি শিৰোনামা দিয়া হৈছে । উক্ত পোষ্টটো ১৩১বাৰ শ্বেয়াৰ কৰা হৈছে আৰু পোষ্টটোত ৯৬টা কমেণ্টছ কৰা হৈছে ।
উল্লেখযোগ্য যে দেশত শেহতীয়াকৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক নিজ ঘৰলৈ বিপদ সংকুল ভাৱে যাত্ৰা কৰাৰ ফলত মৃত্যু মুখত পৰা খবৰ আহি আছে । সেই সময়তে এই ফটোখন ভাইৰেল হৈ পৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ । সঁচাকৈ এই ভাইৰেল ফটোখন প্ৰিয়ংকা গান্ধীয়ে ৰাজস্থান আৰু অন্যান্য ৰাজ্য সমূহত কৰ্মৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী সকলক উভতাবলৈ যোগাৰ কৰা ১০০০ খন বাছৰ ফটো নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে উক্ত ফটোখন ফাইনেন্সিয়েল এক্সপ্ৰেছ নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত ফেব্ৰুৱাৰী ২৮, ২০১৯ তাৰিখে আপলোড কৰা দেখিলোঁ । বাতৰিটোত স্পষ্ট হৈ পৰিছে যে উক্ত ফটোখন যোৱা বছৰ কুম্ভ মেলাত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নামৰ ঠাইখনত তোলা হয় ।

আমি আৰু দেখিলোঁ যে এই একেইখন ফটো কুইণ্ট নামৰ নিউজ পৰ্টেলটোৰ ফেব্ৰুৱাৰী ২৮, ২০১৯ তাৰিখে প্ৰকাশিত এক বাতৰিত ব্যৱহত হৈছে ।

উক্ত বাতৰিবোৰৰ মতে প্ৰয়াগৰাজ মেলাত উত্তৰ প্ৰদেশ চৰকাৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰায় ৫০০ বাছ এই অনুষ্ঠানত আছিল । গতিকে স্পষ্ট হৈ পৰিল যে উক্ত বাছবোৰৰ বা ফটোখনৰ বৰ্তমান প্ৰিয়ংকা গান্ধীয়ে পঠোৱা বাছৰ লগত কোনো সম্পৰ্ক নাই ।
ফলাফল
ভাইৰেল বাছৰ ফটোখন বৰ্তমানৰ নহয় । দৰাচলতে ফটোখন যোৱা বছৰ কুম্ভ মেলাত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নামৰ ঠাইখনত তোলা হয় । বৰ্তমান প্ৰিয়ংকা গান্ধীয়ে পঠোৱা বাছৰ লগত এই ফটোখনৰ কোনো সম্পৰ্ক নাই ।

Title:এইখন প্ৰিয়ংকা গান্ধীয়ে দেশৰ বিভিন্ন ৰাজ্যত কৰ্মৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলক উভতাবলৈ যোগাৰ কৰা ১০০০খন বাছৰ ফটো নেকি?
Fact Check By: Manjori BorkotokyResult: False