
সঘনাই সলনি হৈ থকা ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত, ছ’চিয়েল মিডিয়াত কোম্পানীসমুহৰ ব্যক্তিগতকৰণৰ বিভিন্ন বাতৰি প্ৰচাৰ হৈ আছে। তাৰে সৰহসংখ্যকেই বিভ্ৰান্তিকৰ। তেনেকুৱা এটা উদাহৰণ হৈছে ইণ্ডিয়ান অইল – আদানী গেছ নামৰ এটা তেল ডিপোৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
তাৰে সৰহেই প্ৰেৰণ কৰা হৈছে হোৱাটছএপত আৰু লিখা হৈছে যে ভাৰত চৰকাৰে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড নামৰ প্ৰতিস্থানটো আদানী গ্ৰুপক বিক্ৰী কৰি দিছে আৰু সেইবাবেই সেই তেল ডিপোটোৰ নাম ইণ্ডিয়ান অইলৰ সলনি ইণ্ডিয়ান অইল- আদানী গেছ বুলি লিখা হৈছে।
আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ এই ফটো প্ৰেৰণ কৰি ইয়াৰ সত্যাসত্য জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ইণ্ডিয়ান অইল-আদানী গেছ প্ৰাইভেট লিমিটেড ৫০-৫০ অংশীদাৰীত্বৰে ২০১৩চনত প্ৰতিস্থা হৈছিল আৰু তেতিয়াৰে পৰা মসৃনভাৱে পৰিচালনা হৈ আছে।
সত্যতা নিৰূপন পদ্ধতি
আমাৰ সত্যতা নিৰূপনৰ প্ৰাৰম্ভতেই আমি গুগলত ছাৰ্চ কৰি দেখিলো যে একেটা কথায়ে বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে। কিন্তু আমি কোনো নিৰ্ভৰযোগ্য প্ৰতিস্থানৰ এনে কোনো বাতৰি লাভ নকৰিলো যিটোৱে প্ৰমান কৰিব পাৰে যে আদানী গ্ৰুপে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড ক্ৰয় কৰিছে।
ইয়াৰ পিছত আমি ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড (IOCL)ৰ ৱেবচাইটটো চালো আমি গম পালো যে IOCLএ আদানী গেছ লিমিটেডৰ সৈতে অখ যুটীয়া প্ৰকল্পত কাম কৰি আছে।
Original Link- IOAG
আমি তদুপৰি জানিব পাৰিলো যে ইণ্ডিয়ান অইল আন বহুকেইটা ব্যক্তিগত কোম্পানীৰ সৈতে বিভিন্ন যুটীয়া প্ৰকল্পৰ অংশীদাৰ,যত লুব্ৰিদজেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দৰে কোম্পানীও আছে।
Original Link- IOCL
আমি তদুপৰি ইণ্ডিয়ান অইল-আদানী গেছৰ ৱেবচাইটটোও চালো আৰু “আমাৰ বিষয়ে” শীতানতো পঢ়িলো যত দেখিলো যে “ইণ্ডিয়ান অইল-আদানী গেছ প্ৰাইভেট লিমিটেড হৈছে ভাৰত চৰকাৰৰ মহাৰত্ন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু আদানী গেছ লিমিটেডৰ এক যুটীয়া অংশীদাৰী কোম্পানী । আদানী গ্ৰুপৰ এক বৃহত গেছ বিতৰণ কোম্পানী এইটো।
Original Link- Zaubacorp
আমি যেতিয়া এই যুটীয়া প্ৰকল্পটোৰ আৰু অধিক তথ্য লাভ কৰিলো, আমি জানিব পাৰিলো যে ইণ্ডিয়ান অইল-আদানী গেছ প্ৰাইভেট লিমিটেড ২০১৩চনৰ ৪অক্টোবৰত কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰতিস্থা হৈছিল। ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু আদানী গেছ লিমিটেড মাজত এই যুটীয়া প্ৰকল্পটো গেছ বিতৰণ ব্যৱসায়ত নিয়োজিত। ২০১৩চনত আদানী গেছ লিমিটেডএ ইণ্ডিয়ান অইল কৰ্পৰেচনৰ সৈতে ৫০-৫০ শতাংশ যুটীয়া অংশীদাৰিত্বৰে এই ব্যৱসায় আৰম্ভ কৰিছিল। ২০১৯-২০বৰ্ষৰ বেলেন্স শ্বিট মতে ইণ্ডিয়ান অইল আৰু আদানী গেছ লিমিটেডৰ মাজত ৫০-৫০ শতাংশ অংশীদাৰীত্ব আছে।
Original Link- Adani Gas
ফেক্ট ক্ৰেছেণ্ডোৰ ফালৰ পৰা ইণ্ডিয়ান অইল-আদানী গেছ কোম্পনীৰ এগৰাকী বিষয়াৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু তেওঁ আমাক জানিবলৈ দিছিল যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টবোৰ অসত্য। ইণ্ডিয়ান অইল আৰু আদানী গেছ হৈছে এক ৭বছৰ পুৰণি যুটীয়া কোম্পানী । আদানী গ্ৰুপ ইণ্ডিয়ান অইল ক্ৰয় কৰা কথাটো অশুদ্ধ। ৱেবচাইটত সকলো তথ্য উপলব্ধ হৈ আছে”
ফলাফল
সকলোখিনি পৰীক্ষা কৰি আমি জানিব পাৰিলো যে ভাইৰেল হোৱা কথাটো মিছা। ‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই। ইণ্ডিয়ান অইল-আদানী গেছ প্ৰাইভেট লিমিটেড হৈছে ৫০-৫০ অংশীদাৰীত্বৰে কংগ্ৰেছ আমোলতে প্ৰতিস্থা হোৱা এক যুটীয়া প্ৰকল্প।

Title:‘ইণ্ডিয়ান অইল’ক আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হোৱা নাই।
Fact Check By: Manjori BorkotokyResult: False