
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে তেওঁৰ প্ৰশাসনীয় কামকাজৰ বাবে মূলগত কামখিনি আৰম্ভ কৰিছে।
ইয়াত মাজতে ভাৰতীয় মূলৰ এজন ব্যক্তিৰ বিডেন আৰু তেওঁৰ পত্নী জিল বিডেনৰ সৈতে উঠা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰচাৰ কৰা হৈছে যে আহমেদ খান নামৰ এই লোকজনক নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনে তেওঁৰ ৰাজনৈতিক উপদেষ্টা হিচাপে নিয়োগ কৰিছে।
তেনেকুৱা এটা পোষ্টত ব্যক্তিগৰাকীৰ বিডেন আৰু তেওঁৰ পত্নীৰ সৈতে থকা তিনিখনকৈ ফটোৰে লিখা হৈছে :”#ব্ৰেকিং নিউজ। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি #জঅ’ #বাইডেনে ভাৰতবৰ্ষৰ হায়দৰাবাদৰ মূলৰ #আহমদ#খানক নিজৰ ৰাজনৈতিক পৰামৰ্শ দাতা হিচাপে নিযুক্তি দিয়ে,,,আহমদ খানক শুভেচ্ছা ও অভিনন্দন, অভিনন্দন,,”

Original Link- Facebook | Archived Link
পোষ্টটোত আব্দুল হাচিব নামৰ ফেচবুক ব্যৱহাৰকাৰীজনে ফটোকেইখন ব্যৱহাৰ কৰিছিল আৰু পোষ্টটোত ৪৩৪টা ৰিয়েকচন, ৭৫টা কমেন্ট আৰু ৬০৯বাৰ শ্বেয়াৰ কৰিছিল।
পোষ্টটোত থকা সেই তথ্য মিছা। আহক সত্যাসত্য জানি লওঁ।
সত্যতা নিৰূপন পদ্ধতি:
প্ৰথমে আমি ফটোকেইখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু দেখিলো যে একেই ফটোৰে সৈতে ২০১৫চনত কেইবাটিকৈ বাতৰি প্ৰকাশ কৰা হৈছিল। বাতৰি সমুহত লিখা আছিল যে আহমাদ খান নামৰ লোকজন আছিল ২০১৬চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনে প্ৰতিদ্বণ্ডিতা আগবঢ়াবৰ বাবে গঠন কৰা ড্ৰাফ্ট বিডেন ২০১৬ নামৰ ৰাজনৈতিক কাৰ্যকৰী কমিটিৰ কাৰ্যবাহী সঞ্চালক। তেওঁ ভাৰতীয়া মূলৰ লোক।

Screenshot, article, The Hans India
Original Link- The Hans India | Archived Link
এই সূত্ৰৰ আঁত ধৰি আমি অলপ বিচাৰি চালো আৰু ১০নৱেম্বৰত আহমেদ খানে বাইদেনক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত অভিনন্দন জনাই তেওঁ কৰা এটা ফেচবুক পোষ্ট পালো। পোষ্টটোত তেওঁ সেই একেই ভাইৰেল হোৱা ফটোকেইখন আপলোড কৰিছে আৰু লিখিছে যে ২০১৬ চনত ড্ৰাফ্ট বিডেন ২০১৬ৰ আন সদস্যসকলৰ সৈতে তেওঁকো বিডেনৰ ৱাশ্বিংটন ডিছিৰ নৱল ওবজাৰভেটৰীস্থিত তেতিয়াৰ বাসগৃহলৈ নিমন্ত্ৰন কৰিছিল। Original Post- Facebook | Archived Link
কিন্তু পোষ্টটোত তেওঁ ক’তো উল্লেখ কৰা নাছিল যে তেওঁক বিডেনে কোনো পদত নিযুক্তি দিছে।
খানৰ ফেচবুক আৰু টুইটাৰ একাউন্ট পৰীক্ষা কৰি আমি নিশ্চিত হ’লো যে ভাইৰেল হোৱা ফটোত থকা লোকজনেই এইজন।

Original Link- Twitter | Archived post
আমি ২০১৫চনত খানে নিজৰ ফেচবুক একাউন্টত শ্বেয়াৰ কৰা ফটো কিছুমান দেখি নিশ্চিত হ’লো যে সেইকেইখন ফটোও পুৰণি। Original Link- Facebook | Archived Link
এই সম্পৰ্কে নিশ্চিত হবলৈ ফেক্ট ক্ৰেচেণ্ডৰ ফালৰ পৰা আহমেদ খানৰ সৈতে যোগাযোগ কৰা হ’ল । তেওঁ আমাক জনালে যে তেওঁৰ পুৰণি কামটোক বৰ্তমানৰ বুলি ভুল কৰা হৈছে । তেওঁ ২০১৫ চনতে বিডেনৰ ডেপুটি কাৰ্য্যবাহী সঞ্চালক হিচাবে ‘ড্ৰাফ্ট বিডেন ২০১৬’ নামৰ ৰাজনৈতিক কাৰ্যকৰী কমিটিত নিযুক্ত আছিল কিন্তু বৰ্তমান, ২০২০ চনত, তেওঁক বিডেনৰ ৰাজনৈতিক উপদেষ্টা হিচাবে নিয়োগ কৰা হৈছে বুলি প্ৰচাৰ হোৱা বাতৰিটো ভুৱা বা মিছা হয় ।
ফলাফল:
এইটো নিশ্চিত যে ভাৰতীয় মূলৰ আহমদ খানক আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাজনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়াটো মিছা কথা আৰু ফটোকেইখন ২০১৫ চনৰে। এই তথ্য লাভ কৰা সময়লৈকে জ’ বিডেনৰ কাৰ্যালয়ৰ পৰা খানক কোনো নিযুক্তি প্ৰদান কৰা কোনো তথ্য পোৱা যোৱা নাই।

Title:জ’ বিডেনে কোনো ভাৰতীয় মূলৰ লোকক ৰাজনৈতিক উপদেষ্টা নিয়োগ কৰা নাই
Fact Check By: Manjori BorkotokyResult: False