অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

False Social

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড।

ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে ফ্ৰীজৰ ভিতৰত এগৰাকী উলংগ মহিলাৰ মৃতদেহ দেখুওৱা ছবি। পোষ্টটোত লগতে দাবী কৰা হৈছে যে মহিলাগৰাকীক বাৰে বাৰে ধৰ্ষণ কৰি জীৱিত অৱস্থাত পিছত ফ্ৰীজত ভৰাই থোৱা হৈছিল।

ভাইৰেল পোষ্টটোৰ কেপচনত লিখা আছে, “আন এগৰাকী শ্ৰদ্ধাক ফ্ৰীজত পেক কৰা হ’ল অসমত… গফ্ফৰ মিঞাই লিভ-ইন ৰিলেচনশ্বিপত থকা প্ৰথমে কাজলক ৭টা মুছলমান ল’ৰাৰদ্বাৰা ধৰ্ষণ কৰায় আৰু তাৰ পিছত অচেতন অৱস্থাত ফ্ৰীজত ভৰাই থয় …যাৰ ফলত ঠাণ্ডাত তাই মৃত্যুবৰণ কৰিলে, অমানৱীয়তাৰ সীমা অতিক্ৰম কৰিলে যেতিয়া গফ্ফৰ মিঞা”।

Tweet Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ তদন্ত আৰম্ভ কৰিছিলো গুগলত কীৱৰ্ড চাৰ্চ চলাই অসমৰ ঘটনাৰ সৈতে জড়িত প্ৰাসংগিক বাতৰিৰ ৰিপৰ্ট বিচাৰি। এই চাৰ্চে আমাক লৈ যায় অসম আৰক্ষীয়ে ২০২২ চনৰ ৮ ডিচেম্বৰত পোষ্ট কৰা এটা টুইটলৈ। পোষ্টটোৰ কেপচনত লিখা আছে, “#FakeAlert: ২০১০ চনৰ পৰ্তুগীজ ব্লগৰ এখন ছবি ছ’চিয়েল মিডিয়াত সম্পূৰ্ণ ভুৱা প্ৰসংগত শ্বেয়াৰ কৰা হৈছে। এনে বাৰ্তা শ্বেয়াৰ কৰা দেখা পোৱাসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

ভাইৰেল ঘটনাটোক ভুৱা বুলি আখ্যা দি অসম আৰক্ষীয়েও মূল ঘটনাৰ খবৰ শ্বেয়াৰ কৰিছে।

প্ৰকৃত ঘটনাটো কি?

২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত পৰ্তুগীজ ব্লগৰ মতে, এই ছবিসমূহ ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ পৌৰসভা অছাস্কোত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ। সংগীয়ে হত্যা কৰে ভুক্তভোগীক।

এক প্ৰতিবেদন অনুসৰি জোছা লোপেছ দা চিলভা নামৰ এজন ৪৫ বছৰীয়া যুৱকক তেওঁৰ ২৮ বছৰীয়া সংগী কাটিয়ানা ডি ছৌজা মৌৰাক হত্যা কৰি নিজৰ ঘৰৰ ফ্ৰীজত মৃতদেহ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। জোছা লোপেছ দা চিলভাই নিজৰ পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰে আৰু পিছত মৃতদেহটো পেলাই দিবলৈ ফ্ৰীজৰ ভিতৰত থৈ দিয়ে। এই ভাইৰেল ছবিসমূহৰ লগতে আন কেইবাখনো ছবি ২০১০ চনৰ আগষ্ট মাহত ‘ডকুমেণ্টিং ৰিয়েলিটি’ নামৰ এটা ব্লগে পোষ্ট কৰিছিল। এই ঘটনা সন্দৰ্ভত আন আন বাতৰি অনুসৰি,মহিলাগৰাকীৰ মৃতদেহ ফ্ৰীজত উদ্ধাৰ হৈছিল আৰু তিনি মাহতকৈ অধিক সময় ফ্ৰীজত ৰখা হৈছিল।

এইদৰে স্পষ্ট যে ছ’চিয়েল মিডিয়াত ভাইৰেল ছবিসমূহে ২০১০ চনত ব্ৰাজিলত সংঘটিত হোৱা এটা কাণ্ড দেখুৱাইছে। লাভ জেহাদৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই আৰু অসমৰো নহয়। শেহতীয়াকৈ অসমত এনে কোনো ঘটনা সংঘটিত হোৱা নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল হোৱা দাবীটো মিছা। সম্প্রতি অসমত এনে কোনো হত্যাকাণ্ড বা ‘লাভ জেহাদ’ কাণ্ড সংঘটিত হোৱা নাই৷ ভাইৰেল ছবিসমূহ হ’ল ২০১০ চনত ব্ৰাজিলত সংঘটিত হোৱা হত্যাকাণ্ডৰহে ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

Fact Check By: Debanjana Baishya  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *