ক্ষমতালৈ অহাৰ পিছত উত্তৰ প্ৰদেশত ২০০০ মছজিদ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই অখিলেশ যাদৱে!

False Political

শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ উদ্ধৃতি দেখুওৱা এখন পোষ্টাৰ অসমত সামাজিক মাধ্যমৰ যোগেদি ব্যাপকভাৱে প্ৰচাৰিত হৈছে। পোষ্টাৰখনত দাবী কৰা হৈছে যে অখিলেশ যাদৱে নিৰ্বাচনত জয়ী হ’লে ২০০০ মছজিদ নিৰ্মাণ, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ হ্ৰাস কৰা আৰু মুছলমানসকলক ৩০ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পোষ্টাৰখনে আৰু দাবী কৰিছে যে লাভ জিহাদৰ আইন বাতিল কৰা হ’ব।

পোষ্টাৰত উল্লেখ কৰা হৈছে, “পশ্চিম উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলত ২০০০ নতুন মছজিদ নিৰ্মাণ কৰা হ’ব, অযোধ্যাৰ বাবৰি মছজিদৰ বাবে হাজাৰ কোটি টকা দিয়া হ’ব। দলিত আৰু পিছফালৰ লোকসকলৰ সংৰক্ষণ হ্ৰাস কৰি মুছলমানসকলক ৩০% সংৰক্ষণ দিয়া হ’ব। উইল, লাভ জিহাদৰ আইন বাতিল কৰা হ’ব, এইটো মুছলমানসকলক মোৰ প্ৰতিশ্ৰুতি।”

এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰাসঙ্গিক বাতৰিৰ প্ৰতিবেদন বিচাৰি গুগলত এটা কীৱৰ্ড অনুসন্ধান কৰিলোঁ।অৱশ্যে, আমি ইয়াৰ পাছত কোনো প্ৰাসঙ্গিক প্ৰতিবেদন বিচাৰি পোৱা নাছিলো। যদি সমাজবাদী পাৰ্টিৰ নেতাজনে মুছলমানসকলৰ বাবে ইমান ডাঙৰ ঘোষণা কৰিছিল, তেন্তে মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে এই বিতৰ্কিত নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ প্ৰতিবেদন বা আনকি বিতৰ্ক ও কৰিলেহেঁতেন। অৱশ্যে, তেনে কোনো প্ৰতিবেদন, বিতৰ্ক বা আলোচনা হোৱা নাছিল। 

ইয়াৰ পিছত, ফেক্ট ক্ৰেচেণ্ডোৱে সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ নাছেৰ চেলিমৰ সৈতে কথা পাতিছিল যিয়ে আমাক নিশ্চিত কৰিছিল যে ভাইৰেল ছবিখন ভুৱা। তেওঁ লগতে কয়, “আমি আমাৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই ভাইৰেল পোষ্টাৰৰ ওপৰত স্পষ্টীকৰণ ইতিমধ্যে জাৰি কৰিছো।”

আমি টুইটাৰত সমাজবাদী পাৰ্টিৰ তথ্য পৰীক্ষা একাউণ্টৰ এটা স্পষ্টীকৰণ টুইট পাইছিলো যিয়ে পোষ্টাৰখন ভুৱা বুলি স্পষ্ট কৰে। তেওঁলোকে উল্লেখ কৰে, “বিভিন্ন ভুৱা স্ক্ৰীণশ্বট প্ৰস্তুত কৰি বিজেপি আৰু ইয়াৰ ট্ৰ’ল সেনাই সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে বিভিন্ন ভুৱা স্ক্ৰীণশ্বট প্ৰস্তুত কৰি উৰাবাতৰি বিয়পাই আছে। যদি এছপি চৰকাৰ গঠন কৰা হয় তেন্তে উৰাবাতৰি বিয়পোৱা সকলোৰে বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

সেয়েহে, এয়া স্পষ্ট যে প্ৰচলিত ভাইৰেল পোষ্টাৰটো ভুৱা। এইটো স্পষ্ট যে কোনোবাই এছপি নেতা আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱক মন্তব্যৰ অনাহকত বিতৰ্কৰ সৃষ্টি কৰিবলৈ গ্ৰাফিক্সৰ সহায়ত ভুৱা পোষ্টাৰ প্ৰচাৰ কৰিছে । 

ফলাফল 

ফেক্ট ক্ৰেচেণ্ডোৱে ছচিয়েল মিডিয়াত ভাইৰেল ছবিৰ সৈতে কৰা দাবীটো মিছা বুলি সাব্যস্ত কৰিছে। প্ৰচলিত পোষ্টাৰখন ভুৱা হয় ।  সমাজবাদী দলে তেনে কোনো পোষ্টাৰ প্ৰকাশ কৰা নাই, এনে কোনো প্ৰতিশ্ৰুতিও অখিলেশ যাদৱে দিয়া নাই।

Avatar

Title:ক্ষমতালৈ অহাৰ পিছত উত্তৰ প্ৰদেশত ২০০০ মছজিদ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই অখিলেশ যাদৱে!

Fact Check By: Manjori Borkotoky 

Result: False