ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে পিপিই কিটৰ বিষয়ে এই অতিৰিক্ত নিৰ্দেশাৱলী জাহিৰ কৰিছে নেকি?

False Medical

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৭ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে ছয়হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ২০৬ জনৰ মৃত্যু হৈছে । অসমতো ২৯জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে । 

এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত ক’ৰনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । এনে এক জাননী হোৱাটচ এপ্পৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ।

WhatsApp Image 2020-04-11 at 17.16.38.jpeg

বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ৰনা ভাইৰাছ সঁহাৰি আৰু এক্সন টিমৰ পৰামৰ্শমতে পিপিই কিটৰ বিষয়ে এই অতিৰিক্ত নিৰ্দেশাৱলী প্ৰকাশ কৰিছে । জাননীখনৰ মতে এপ্ৰিল ৪, ২০২০ তাৰিখে উক্ত অৰ্ডাৰটো দিয়া হৈছে । কভাৰঅলৰ আৰু গগলছৰ ক্ষেত্ৰত কিছু সালসলনিৰ নিৰ্দেশ দিয়া হৈছে । 

যি সময়ত পিপিই কিটৰ বিষয়ে বিভিন্ন উৰা বাতৰি উলাই আছে আৰু কিছু বাতৰিত ভাৰতত এই কিটৰ নাটনি হোৱা বুলিও প্ৰকাশ পাইছে সেই সময়তে এনে এখন জাননী ভাইৰেল হোৱাটো গুৰুত্বপূৰ্ণ । গতিকে জাননীখনৰ সত্যতা সম্পৰ্কত আমি অনুসন্ধান কৰিলোঁ । সত্য কি, জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবচাইটত এনে ধৰণৰ কোনো জাননী এপ্ৰিল ৪, ২০২০ তাৰিখে প্ৰকাশ হৈছিল নেকি চালোঁ । আমি দেখিলোঁ যে এই বিষয়ত শেহতীয়া জাননীখন মাৰ্চ ২৪, ২০২০ তাৰিখে প্ৰকাশ হৈছিল আৰু ইয়াৰ পাছত কোনো জাননী প্ৰকাশ হোৱা নাই । 

WhatsApp Image 2020-04-11 at 10.58.27.jpeg

ইয়াৰ পাছত আমি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ত এক টুইট কৰা দেখিলোঁ য’ত স্পষ্টকৈ লিখা আছে যে উক্ত জাননীখন ভুৱা হয় আৰু এনে কোনো জাননী তেওঁলোকে প্ৰকাশ কৰা নাই । 

story 1.png

ফলাফল

উক্ত ভাইৰেল জাননীখন ভুৱা হয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা এইয়া স্পষ্ট কৰি দিয়া হৈছে । নতুনকৈ পিপিই কিটৰ সম্পৰ্কত কোনো নিৰ্দেশনা ভাৰত চৰকাৰৰ ফালৰ পৰা দিয়া হোৱা নাই । 

Avatar

Title:ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে পিপিই কিটৰ বিষয়ে এই অতিৰিক্ত নিৰ্দেশাৱলী জাহিৰ কৰিছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *