
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৪৭ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ আছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে ১৮০০তকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৫৮ জনৰ মৃত্যু হৈছে । অসমতো ১৬জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে ।
এই সময়তে ক’ৰনা ভাইৰাছ ৰোগৰ লগত সম্বন্ধ থকা বিভিন্ন মেছেজ হোৱাটচ এপ্পৰ যোগেদি বহুল ভাৱে শ্বেয়াৰ হৈ ভাইৰেল হৈ পৰিছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই ।
এনে এক মেছেজৰ মতে ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছ ৰোগৰ সম্বন্ধিত কিবা পোষ্ট কৰাটো এক শাস্তিমূলক অপৰাধ হিচাবে চৰকাৰে ঘোষণা কৰিছে । মেছেজটোত আৰু লিখা আছে যে অকল চৰকাৰী এজেঞ্চিয়েহে এই বিষয়ে পোষ্ট কৰিব পাৰিব । ৰবি নায়ক বুলি এজনৰ নাম গৃহ মন্ত্ৰালয়ৰ বিষয়া হিচাবে উক্ত মেছেজটোৰ তলত দিয়া আছে ।
মেছেজটোৰ সত্যতা কি, জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি চৰকাৰে এনে কোনো নিৰ্দেশনা দিছে নেকি জানিবলৈ পিআইবি ফেক্ট চেকৰ টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে পিআইবি ফেক্ট চেকৰ ফালৰ পৰা ইতিমধ্যে এই মেছেজটোৰ সম্পৰ্কে এক টুইট কৰিছে । টুইটাৰত তেওঁলোকে স্পষ্ট কৰি দিছে যে এনে ধৰণৰ কোনো নিৰ্দেশনা গৃহ মন্ত্ৰালয়ে দিয়া নাই আৰু উক্ত মেছেজটো সম্পূৰ্ণৰূপে ভুৱা হয় । টুইটটোত আৰু লিখিছে যে ক’ৰনা ভাইৰাছ সম্বন্ধে অকল সঠিক আৰু অফিচিয়েল মেছেজ শ্বেয়াৰ কৰি সকলোৱে নিজৰ আৰু নিজৰ পৰিয়ালৰ মানুহক নিৰাপদে ৰাখিব পাৰিব । এই বিষয়ে পঢ়ক ইয়াত ।

ইয়াৰ পাছত আমি গৃহ মন্ত্ৰালয়ৰ ৱেবছাইটত ৰবি নায়ক নামৰ কোনো প্ৰিন্সিপাল চেক্ৰেটেৰী আছে নেকি বিচাৰি চালোঁ কিন্ত এনে কোনো লোক আমি বিচাৰি নাপালোঁ । এই বিষয়ে পঢ়ক ইয়াত ।


গৃহ মন্ত্ৰালয়ে এনে কোনো নিৰ্দেশনা দিছে বুলি মূলসুঁতিৰ এখনো বাতৰি কাকত বা ৱেবচাইটত আমি এই বিষয়ে বাতৰি প্ৰকাশ হোৱা নেদেখিলোঁ ।
ফলাফল
ভাইৰেল হোৱাটচ এপ্পৰ ফৰৱাৰ্ডটো ভুৱা হয় যিহেতু গৃহ মন্ত্ৰালয়ে এনে কোনো নিৰ্দেশনা দিয়া নাই বুলি আমি নিশ্চিত হলোঁ । এই ভাইৰেল মেছেজটোৱে জনসাধাৰণৰ মাজত অনাহকত ভুল ধাৰণা বিয়পাইছে ।

Title:ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছ ৰোগৰ সম্বন্ধিত পোষ্ট কৰাটো এক শাস্তিমূলক অপৰাধ হিচাবে চৰকাৰে ঘোষণা কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False