
শেহতীয়াকৈ ‘চাপাক’ নামৰ মেঘনা গোলজাৰৰ দ্বাৰা নিৰ্দেশিত ছবিখনে ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এই চিনেমাখন ২০০৫ চনতে লক্ষ্মী অগ্রৱাল নামৰ এগৰাকী মহিলাৰ ওপৰত হোৱা এটা এচিড আক্ৰমণৰ বিষয়ে নিৰ্মান কৰা হৈছে য’ত বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে মূল লক্ষ্মীৰ (চিনেমাত নাম মালতী) চৰিত্ৰটো কৰিছে । বৰ্তমান দাবী কৰা হৈছে যে চিনেমাখনত এচিড আক্ৰমণ কৰা মুছলিম ল’ৰাজনৰ নাম সলনি কৰি হিন্দু নাম ৰাজেশ কৰি দিয়া হৈছে । এই বিষয়ে ছচিয়েল মিডিয়াত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে ।
সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন লোকে এই ধৰণৰ পোষ্ট আপলোড বা শ্বেয়াৰ কৰিছে । অসমৰ বৰ্ণালী নাগ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা এই বিষয়ে এটা পোষ্ট ৮ জানুৱাৰী, ২০২০ তাৰিখে দিনৰ ২:১২ বজাত প্ৰকাশ কৰা হৈছে য’ত তেওঁ লিখিছে যে এচিড আক্ৰমণ কৰা মুছলিম ল’ৰাজনৰ নাম সলনি কৰি হিন্দু নাম ৰাজেশ দিয়া হৈছে । তেওঁৰ এই পোষ্টটোত এতিয়ালৈকে ৭৫ টা কমেণ্টছ অহা দেখা গৈছে যিহেতু বিভিন্ন জনে তেওঁৰ দাবীটো মিছা বুলি তাত লিখিছে । কিছুমানে কিন্তু সেয়া সঁচা হয় বুলিয়ো লিখিছে ।
আচলতে সত্য কি? সঁচাকৈ চিনেমাখনত মুছলিম নাম সলনি কৰি হিন্দু নাম দিয়া হৈছে নেকি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে চিনেমাখনত আচলতে এচিড আক্ৰমণ কৰা জনৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ দিয়া নাই ।
আমি এই বিষয়ে নিউজ ১৮ৰ ৱেবছাইটত প্ৰকাশিত এক বাতৰি দেখা পালোঁ য’ত স্পষ্টকৈ লিখা হৈছে যে এচিড আক্ৰমণ কৰা জনৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ দিয়া নাই বৰঞ্চ চিনেমাখনত আক্ৰমণকাৰীৰ নাম বাববু ওৰফে বছিৰ খান হয় । এই সম্পৰ্কে বিতংভাৱে পঢ়ক ইয়াত ।

আমি এই সম্পৰ্কে আৰু অনুসন্ধান কৰিলোঁ আৰু আউটলুক মেগাজিনত প্ৰকাশিত এক বাতৰি দেখা পালোঁ য’ত শিৰোনামাটোৱেই দিয়া হৈছে ‘চাপাকৰ এচিড আক্ৰমনকাৰীৰ নাম বছিৰ, ৰাজেশ নহয়’ । বাতৰিটো সম্পূৰ্ণৰূপে পঢ়ক ইয়াত ।

এই সম্পৰ্কে আমাৰ ফেক্ট ক্ৰেছচেণ্ড হিন্দী বিভাগে ইতিমধ্যে ফেক্ট চেক কৰি থৈছে য’ত স্পষ্টকৈ প্ৰমাণ হৈছে যে এচিড আক্ৰমণকাৰীৰ মুছলিম নাম ভাইৰেল পোষ্টবোৰত দাবী কৰাৰ দৰে হিন্দু নাম ৰাজেশ কৰা হোৱা নাই আৰু ‘ৰাজেশ’ নামটো আচলতে চিনেমাখনত দীপিকাৰ চৰিত্ৰ ‘মালতী’ৰ প্ৰেমিকৰ হয় । এই সম্পৰ্কে পঢ়ক ইয়াত ।

ফলাফল
ভাইৰেল পোষ্টবোৰত দাবী কৰাৰ দৰে ‘চাপাক’ নামৰ চিনেমাখনত এচিড আক্ৰমণকাৰীৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ কৰা হোৱা নাই । এয়া সম্পূৰ্ণভাৱে মিছা আৰু জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।

Title:‘চাপাক’ চিনেমাখনত এচিড আক্ৰমণকাৰীৰ মুছলিম নাম সলনি কৰি হিন্দু নাম ‘ৰাজেশ’ কৰা হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False