
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল আৰু সেয়েহে তেওঁৰ বিৰুদ্ধে এনে ব্যৱস্থা লোৱা হৈছে ।
এনে কিছুমান পোষ্টৰ লিংকবোৰ ইয়াত দিয়া হৈছে:

ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি ঠাৱৰ কৰিছে । আমি কেনেকৈ এই সিদ্ধান্তত উপনীত হ’লো চাওঁ আহক:
সত্যতা নিৰূপণ পদ্ধতি
যিহেতু অসম আৰক্ষীৰ সকলো অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেল অতি সক্ৰিয়, আমি দাবীটোৰ সৈতে সম্পৰ্কিত কোনো বাৰ্তা আছে নেকি পৰীক্ষা কৰাৰ সিদ্ধান্ত ললো । আমি ২০২২ চনৰ ২৫ মাৰ্চত গুৱাহাটী আৰক্ষীৰ অফিচিয়েল টুইটাৰ একাউণ্টত প্ৰকাশিত এই টুইটটো পালো য’ত কোৱা হৈছে যে “মাননীয় মুখ্যমন্ত্ৰীৰ চলাচলৰ সময়ত কৰ্তব্যৰ অৱহেলাৰ বাবে এজন ট্ৰেফিক আৰক্ষীক ৰিজাৰ্ভলৈ বন্ধ কৰি দিয়া হৈছে বুলি কিছুমান উৰাবাতৰি ওলাইছে। এইটো সম্পূৰ্ণৰূপে অসত্য। আমি সকলোকে এনে মিছা তথ্য প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছো”
ইয়াৰ উপৰিও আমি এই বিষয়ে এক বাতৰি প্ৰতিবেদনও প্ৰকাশ হোৱা দেখিলোঁ য’ত স্পষ্ট হৈছে যে গুৱাহাটী আৰক্ষীয়ে কোনো ট্ৰেফিক আৰক্ষীৰ বিৰুদ্ধে এনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । News Asn link
ফলাফল
গুৱাহাটী আৰক্ষীৰ ওপৰোক্ত বিবৃতিত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত কৰ্তব্যৰ অৱহেলাৰ বাবে এজন কনিষ্টবলক ৰিজাৰ্ভলৈ বন্ধ কৰি দিয়া হৈছে বুলি ভাইৰেল হোৱা বাৰ্তা বা দাবী মিছা ।

Title:অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই!
Fact Check By: Manjori BorkotokyResult: False
