

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে । স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে বুলি এক বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । ক’ৰনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জাননীখনত উল্লেখ আছে ।

জাননীখনত বিশ্ববিদ্যালয়খনৰ পৰীক্ষাৰ কণ্ট্ৰলাৰৰ এক চহী দেখা গৈছে । উক্ত জাননীখনে অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু কেইদিনমানৰ আগতে, যোৱা ৪ ছেপ্টেম্বৰত স্নাতক পৰ্য্যায়ৰ পৰীক্ষাৰ তাৰিখ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছিল ।
সঁচাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে নেকি? উক্ত জাননীখন ভুৱা নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্চ কৰিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সম্পৰ্কে কিছু বাতৰি প্ৰকাশিত হোৱা দেখিলোঁ । চেণ্টিনেল নামৰ বাতৰি কাকতখনত এই বিষয়ে এক বাতৰি প্ৰকাশ হৈছে য’ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সূত্ৰৰ উদ্ধৃতি দি স্পষ্ট কৰা হৈছে যে উক্ত জাননীখন ভুৱা হয় আৰু আগৰ নিৰ্দেশনাৰ মতেই পৰীক্ষাবোৰ অনুষ্ঠিত কৰা হব ।

এই বিষয়ে নিশ্চিত হবলৈ আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ধ্ৰুৱজ্যোতি চৌধুৰীৰ সৈতে যোগাযোগ কৰিলোঁ । উল্লেখযোগ্য যে উক্ত ভাইৰেল জাননীখনত তেওঁৰ চহী আছিল । তেওঁ নিশ্চিত কৰিলে যে এই জাননীখন ভুৱা হয় আৰু উক্ত চহীটো তেওঁ কৰা নাই । তেওঁ লগতে জনালে যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে এক গোচৰ ৰুজু কৰিছে ।
ফলাফল
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হোৱা নাই । উক্ত জাননীখন ভুৱা হয় ।

Title:গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে বুলি ভুৱা জাননী ভাইৰেল!
Fact Check By: Manjori BorkotokyResult: False