
শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো বা পোষ্টাৰ ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টাৰ খনত দাবী কৰা হৈছে যে টাইম৮ নামৰ ফেচবুক পেজটো শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু ফেচবুকত মানুহে সেই সময়ত কেৱল টাইম৮ৰ বাতৰিহে চালে । উক্ত লিষ্টখনত অসমৰ চেটেলাইট চেনেল সমূহৰ উপৰিও ‘চিএনএন’, ‘ৰিপাব্লিক’ আৰু ‘আজ টক’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নিউজ চেনেলৰ নাম থকাও পৰিলক্ষিত হৈছে ।

Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Archived Link of WhatsApp forward
এই বিষয়ে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ সৈতে বিভিন্নজনে যোগাযোগ কৰাত উক্ত ভাইৰেল পোষ্টাৰখন আৰু সন্নিৱিষ্ট দাবীৰ বিশ্বাস যোগ্যতাৰ সম্পৰ্কে আমি এক অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ । আমি জানিব পৰিলোঁ যে উক্ত দাবী ভিত্তিহীন আৰু উক্ত পোষ্টাৰ প্ৰচাৰ কৰি সাধাৰণ জনতাক বিপথে পৰিচালিত কৰা হৈছে ।
সত্যতা নিৰূপন পদ্ধতি
আমি প্ৰথমে উক্ত ভাইৰেল পোষ্টাৰখন ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে তেওঁলোকে উক্ত পোষ্টাৰখনৰ নিম্ন অংশত লিখিছে যে তেওঁলোকে টাইম৮ নামৰ ফেচবুক পেজটো শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছিল বুলি দাবী ‘ক্ৰাউদতেংগ’ল‘ নামৰ ছ’চিয়েল মিডিয়া পৰ্যৱেক্ষণ কৰিব পৰা প্লেটফৰ্মটোৰ তথ্যৰ ভিত্তিত কৰিছে ।
গতিকে আমি ক্ৰাউদতেংগল’ত এই বিষয়ে অনুসন্ধান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ । আমি দেখিলোঁ যে ‘ক্ৰাউদতেংগল’ত ভাইৰেল পোষ্টাৰখনত দেখাৰ দৰে সেই একেই ধৰণৰ তথ্য (ভাইৰেল পোষ্টাৰখনত সন্নিৱিষ্ট নিউজ চেনেল বা পৰ্টেল বোৰ নিৰ্বাচন কৰিলে) ‘ভিডিঅ’ টাইম’ নামৰ বিকল্পটো বাছনি কৰিলে দেখা পোৱা গৈছে ।

আমি ‘ভিডিঅ’ টাইম’ সম্পৰ্কে আৰু জানিবলৈ ‘ক্ৰাউদতেংগল’ৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰিলো আৰু তেওঁলোকে আমাক জনালে যে ভিডিঅ’ টাইম হৈছে যিকোনো ফেচবুক পে’জত আপলোড হোৱা সকলো ভিডিঅ’ৰ দৈৰ্ঘ্যৰ যোগফল ।
গতিকে আমি জানিব পৰিলোঁ যে ভাইৰেল পোষ্টাৰখনত উল্লেখিত সময় সীমাৰ (২৮ মাৰ্চ – ১ মে’) ভিতৰত উক্ত নিউজ চেনেল বা পৰ্টেল বোৰৰ নিজৰ নিজৰ ফেচবুক পে’জত আপলোড হোৱা সকলো ভিডিঅ’ৰ দৈৰ্ঘ্যৰ যোগফলৰ তথ্য হে দেখা গৈছে । উক্ত পোষ্টাৰখনত দাবী কৰাৰ দৰে সেই তথ্য ভিডিঅ’ৰ দৰ্শনৰ হিচাব নহয় । আনবোৰতকৈ বহু বেছি দৈৰ্ঘ্যৰ ভিডিঅ’ ফেচবুক পেজত আপলোড থকা বাবে টাইম৮ নামৰ নিউজ পৰ্টেলটো শীৰ্ষত থকা দেখা গৈছে । কিন্তু সেইয়া ভিডিঅ’ৰ দৈৰ্ঘ্যৰ ভিত্তিত হে ভিডিঅ’ৰ দৰ্শনৰ ভিত্তিত নহয় ।
উক্ত ফেচবুক পে’জ সমূহৰ মাজত, সেই সময় সীমাৰ ভিতৰত, সবাটোতকৈ বেছি ভিডিঅ’ ভিউজ থকা পে’জ আদিৰ প্ৰকৃত তথ্য ইয়াত উপলব্ধ কৰা হৈছে:
CrowdTangle-Intelligence-Reportফলাফল
টাইম৮ নামৰ ফেচবুক পেজটো শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু ফেচবুকত মানুহে সেই সময়ত কেৱল টাইম৮ৰ বাতৰিহে চালে বুলি কৰা দাবী ভিত্তিহীন । উক্ত তথ্যত নিউজ চেনেল বা পৰ্টেল বোৰৰ নিজৰ নিজৰ ফেচবুক পে’জত আপলোড হোৱা সকলো ভিডিঅ’ৰ দৈৰ্ঘ্যৰ যোগফল হে দেখা গৈছে । উক্ত পোষ্টাৰখনত দাবী কৰাৰ দৰে সেই তথ্য ভিডিঅ’ৰ দৰ্শনৰ হিচাব নহয় ।

Title:নিৰ্বাচনৰ সময়ত ফেচবুকত অসমৰ টাইম৮ পে’জটো ‘ভিডিঅ’ ভিউজ’ৰ ভিত্তিত বিশ্বৰ ভিতৰত প্ৰথম স্থানত নাছিল
Fact Check By: Manjori BorkotokyResult: False
