এইখন দিল্লীৰ গংগাৰাম হস্পিটেলৰ ডাক্তৰে লিখা প্ৰেছক্ৰিপচন নহয়!

Coronavirus False Medical
WhatsApp Image 2020-06-13 at 17.51.09.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৭২.৭ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৯৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো তিনিহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে আঠজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । ক’ৰনা ভাইৰাছ ৰোগৰ চিকিৎসা সমন্ধে বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে । শেহতীয়াকৈ অসমত হোৱাটচ এপ্পৰ যোগেদি এখন বিশেষ ফটো ভাইৰেল হৈছে । 

WhatsApp Image 2020-06-13 at 17.50.23.jpeg

সংৰক্ষিত লিংক

উক্ত ফটোখনত দিল্লীৰ গংগাৰাম হস্পিটেলত কৰ্মৰত এজন ছিনিয়ৰ ডাক্তৰ, ৰাজ কমল আগৰৱালৰ হস্তাক্ষৰ আৰু ছীল-মোহৰ থকা এখন প্ৰেছক্ৰিপচন দেখা গৈছে । প্ৰেছক্ৰিপচন খনত ক’ৰনা ৰোগীৰ বাবে হোম আইছ’লেচনৰ পৰামৰ্শ আৰু লগতে হাইড্ৰ’ক্সিক্লৰ’কুইন, ক্ৰচিন আৰু চেত্ৰিজিন, আদি দৰৱ খাবলৈ কোৱা হৈছে । 

সঁচাকৈ দিল্লীৰ গংগাৰাম হস্পিটেলত কৰ্মৰত এজন ছিনিয়ৰ ডাক্তৰে উক্ত প্ৰেছক্ৰিপচনখন লিখিছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে গংগাৰাম হস্পিটেলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এক স্পষ্টীকৰণ দিয়া দেখিলোঁ । টুইটটোত স্পষ্টকৈ লিখা আছে যে উক্ত প্ৰেছক্ৰিপচনখন ভুৱা হয় আৰু ডাক্তৰজনৰ চহীটোও ভুৱা হয় । 

Prescription.png

টুইটাৰ লিংকসংৰক্ষিত লিংক

ইয়াৰ উপৰিয়ো আমি লক্ষ্য কৰিলোঁ যে ডাক্তৰে প্ৰকৃত প্ৰেছক্ৰিপচনত কেতিয়াও ভাইৰেল ফটোখনত লিখাৰ দৰে ‘To whom it may concern’ বুলি নিলিখে আৰু সাধাৰণতে কোনো ব্যক্তিক সম্বোধন কৰিহে লিখে ।

WhatsApp Image 2020-06-13 at 17.13.52.jpeg

সংৰক্ষিত লিংক

ফলাফল

উক্ত ভাইৰেল প্ৰেছক্ৰিপচনখন ভুৱা হয় আৰু গংগাৰাম হস্পিটেলত কৰ্মৰত এজন ছিনিয়ৰ ডাক্তৰে এই প্ৰেছক্ৰিপচনখন লিখা নাই । এই ভুৱা প্ৰেছক্ৰিপচনখন ভাইৰেল কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Avatar

Title:এইখন দিল্লীৰ গংগাৰাম হস্পিটেলৰ ডাক্তৰে লিখা প্ৰেছক্ৰিপচন নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *