
ছুপ্ৰীম কোৰ্টে অযোধ্যাত ৰাম মন্দিৰ হ’ব বুলি ঘোষণা কৰাৰ পাছতেই, এক বিশেষ পোষ্ট ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই পোষ্টটোৰ মতে ৰানু মণ্ডল নামৰ এগৰাকী গায়িকায়ে এতিয়া অযোধ্যাত গীৰ্জাৰ কাৰণেও মাটি বিচাৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে ছুপ্ৰীম কোৰ্টৰ ৰায়ত মুছলিম সকলৰ বাবে ৫ একৰ মাটি এটা মছজিদ বনাবলৈ দিয়া হব বুলি ঘোষণা কৰা হৈছিল ।
অসমতো এই পোষ্ট হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । হোৱাটচ এপ্পৰ ফৰৱাৰ্ডটোত লিখা হৈছে যে “ৰানু মণ্ডলে অযোধ্যাত গীৰ্জাৰ কাৰণে মাটি বিচাৰিছে ! ৰেলৱে ষ্টেচনৰ গায়িকাৰ মূৰত ধৰিলে নেকি fameএ? অযোধ্যাৰ কথাটো মাত মাতিব পৰা হ’ল ৰানু মণ্ডল!”
যিসকল জ্ঞাত নহয়, ৰানু মণ্ডলে ৰেলৱে ষ্টেচনত গান গাই থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতেই ৰানু মণ্ডল গোটেই ভাৰতবৰ্ষতে প্ৰখ্যাত হৈ পৰিছিল । তাৰ পাছতেই যশস্বী সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰানু মণ্ডলক নিজৰ লগত লৈ গৈ চিনেমাত গান গাবলৈ দিছিল আৰু মণ্ডলে গোৱা কেইবাটাও গান ব্যাপক ভাৱে প্ৰচাৰ লাভ কৰিছিল । তাৰ পাছতেই কিন্তু ৰানু মণ্ডলৰ বিৰুদ্ধে বিভিন্ন বাতৰি বা গুজৱ ওলাইছিল যে খ্যাতিয়ে মণ্ডলক মতগৰ্বী কৰি তুলিলে আৰু তেওঁ নিজৰ সাধাৰণ অতীতটো পাহৰি পেলাইছে । গতিকে যেতিয়া এই মেচেজটো প্ৰচাৰ হ’ল যে এইবাৰ ৰানু মণ্ডলে অযোধ্যাত গীৰ্জাৰ বাবে মাটি বিচাৰিছে, বহুতে এইয়া সঁচা বুলি ভাবিলে আৰু মেচেজটো আনৰ লগত শ্বেয়াৰ কৰিলে । কিন্তু সঁচাকৈ ৰানু মণ্ডলে এই কথা কৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিশেষ ফৰৱাৰ্ড মেচেজটোৰ লগত জৰিত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ ফলত আমি পালোঁ যে আচলতে The Fauxy নামৰ এটা ৱেবছাইটত প্ৰথম ৰানু মণ্ডলৰ বিষয়ে এই লিখনিটো প্ৰকাশ পাইছিল ।

The Fauxyয়ে আচলতে ব্যঙ্গাত্মক ৰচনা প্ৰকাশ কৰে । ৱেবছাইটটোৰ About usত তেওঁলোকে নিজৰ বিষয়ে লিখিছে যে The Fauxyyয়ে নৱ প্ৰজন্মৰ বাবে লিখনি প্ৰকাশ কৰে আৰু কমেডী তেওঁলোকৰ লিখনিৰ এক অপৰিহায্য অংগ ।

ইয়াৰ পৰা এটা কথা নিশ্চিত হলোঁ যে ৰানু মণ্ডলে আচলতে তেনেকোৱা কোনো কথা কোৱা নাছিল বৰঞ্চ The Fauxyয়ে প্ৰকাশ কৰা এটা ব্যঙ্গাত্মক লিখনিৰ বাবে এই ভুল বুজা বুজিটো হৈছে । ইয়াৰ উপৰিয়ো আমি ৰানু মণ্ডলে এনে কোনো বক্তব্য ৰাখিছিল নেকি চাবলৈ গুগলত কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ আৰু এনে কোনো বাতৰি আমাৰ মূলসুঁতিৰ নিউজ গোষ্ঠীয়ে প্ৰকাশ কৰা দেখা নাপালোঁ ।
ফলাফল
ৰানু মণ্ডলে অযোধ্যাত গীৰ্জা বনাবলৈ মাটি বিচৰা নাছিল বৰঞ্চ এটা ব্যঙ্গাত্মক লিখনিৰ বাবে এই উৰা বাতৰিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।

Title:ৰানু মণ্ডলে অযোধ্যাত গীৰ্জা বনাবলৈ মাটি বিচাৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False