ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত জৱাহৰলাল নেহৰুৰ পৰিয়াল সম্পৰ্কে কিছুমান দাবী উত্থাপন কৰা হৈছে। যেনে মতিলাল নেহৰুৰ পাঁচগৰাকী পত্নী আছিল, জৱাহৰলাল নেহৰুৰ প্ৰকৃত পিতৃৰ নাম আছিল মোবাৰক আলী, জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্না সম্পৰ্কীয় ভাতৃ আছিল ইত্যাদি। এই সকলো তথ্যৰ উৎস জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিব জন মথাইৰ ৰচিত আত্মকথা নামৰ কিতাপখন বুলি পোষ্টটোত উল্লেখ কৰা হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি দেখিলোঁ যে এই দাবীটো বহু বছৰৰ পৰা ইণ্টাৰনেটত উপলব্ধ। আনকি ২০১৩ চনৰপৰা এই দাবীটো বিভিন্ন ভাষাত উপলব্ধ।

১৯৪৬ চনৰ পৰা ১৯৫৯ চনৰ ভিতৰত মথাইয়ে জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সম্পাদক হিচাপে কাম কৰিছিল। অৱশ্যে তেওঁ চোৰাংচোৱাগিৰিৰ অভিযোগত পদত্যাগ কৰিবলগীয়া হৈছিল। মথাইয়ে দুখন আত্মজীৱনী লিখিছিল, ৰিমিনিচেন্স অৱ দ্য নেহৰু এজ (১৯৭৮) আৰু মাই ডেজ উইথ নেহৰু (১৯৭৯)। এই দুয়োখন গ্ৰন্থ বিতৰ্কিত আছিল। ফেক্ট ক্ৰেছেণ্ড‌ই এই দুয়োখন কিতাপ অধ্যয়ন কৰি পোষ্টটোত কৰা দাবীবোৰ আছে নেকি পৰীক্ষা কৰিছিলোঁ।

মূল কিতাপ ইয়াত পঢ়ক: ৰিমিনিচেন্স অৱ দ্য নেহৰু এজ (১৯৭৮) | মাই ডেজ উইথ নেহৰু (১৯৭৯)

মথাইয়ে ৰিমিনিচেন্স অৱ দ্য নেহৰু এজ গ্ৰন্থৰ প্ৰস্তাৱনাত স্পষ্টকৈ কৈছে যে ই কোনো ইতিহাস নহয়, জীৱনীও নহয়। স্মৃতিৰ আধাৰত তেওঁ এই লেখাটো কৰিছে। এই কথা তেওঁ মাই ডেইজ উইথ নেহৰু গ্ৰন্থৰ পৰিচয়ত উল্লেখ কৰিছে ৷ দুয়োখন কিতাপ পঢ়িলেই গম পোৱা গ’ল যে মতিলাল নেহৰুৰ পাঁচগৰাকী পত্নী আছে বুলি বা নেহৰু, জিন্না আৰু আব্দুল্লা শ্বেখ সতীয়া ভাই বুলি মথাইয়ে কেতিয়াও দাবী কৰা নাছিল।

দুয়োখন কিতাপতে থুছু ৰেহমান বাই বা মুবাৰক আলীৰ নামো উল্লেখ কৰা হোৱা নাই। মতিলাল নেহৰুৰ বিষয়েও মথাইয়ে কোনো আপত্তিজনক কথা লিখা নাই। ফিৰোজ গান্ধী আৰু শ্বেখ আব্দুল্লাৰ বিষয়ে পৃথক পৃথক অধ্যায় লিখা হৈছে। ইয়াৰ উপৰিও ফিৰোজ গান্ধীয়ে নিজৰ উপাধি খানৰ পৰা গান্ধীলৈ সলনি কৰিছিল বা তেওঁ মুছলমান আছিল বুলিও কোৱা হোৱা নাই। ফিৰোজ গান্ধীক পাৰ্চী বুলি স্পষ্টকৈ কোৱা হৈছে। নেহৰুৰ পৰিয়ালে ইন্দিৰা-ফিৰোজৰ বিবাহৰ বিৰোধিতা কৰিছিল যদিও ছোৱালীজনীৰ জোৰত নেহৰু মান্তি হৈছিল বুলি তেওঁ লিখিছে। অধিক তথ্যৰ বাবে পঢ়ক শশী ভূষণৰ ফিৰোজ গান্ধী গ্ৰন্থ।

মাই ডেইজ উইথ নেহৰু গ্ৰন্থৰ পৃষ্ঠা নং. ২৩৪ত মথাইয়ে লিখিছে যে শ্বেখ আব্দুল্লা প্ৰথমবাৰৰ বাবে নেহৰুৰ সংস্পৰ্শলৈ আহিছিল ৰাষ্ট্ৰীয় সন্মিলন গঠনৰ পিছত। কাশ্মীৰৰ ক্ষেত্ৰত আব্দুল্লাই জিন্নাক বিশ্বাস কৰা নাছিল। নেহৰুৰ ধৰ্মনিৰপেক্ষ নীতিৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছিল। সমগ্ৰ প্ৰক্ৰিয়াটোত মথাইয়ে ক’তো নেহৰু আৰু আব্দুল্লাক সতীয়া ভাই বুলি কোৱা নাছিল।

অৰ্থাৎ মতিলাল নেহৰু আৰু পৰিয়াল সম্পৰ্কে মথাইয়ে তেওঁ কোনো এখন গ্ৰন্থতে কোনো আপত্তিজনক কথা লিখা নাছিল।

জৱাহৰলাল নেহৰুৰ পিতৃ কোন ?

পোষ্টটোত কোৱা হৈছে যে জৱাহৰলাল নেহৰুৰ প্ৰকৃত পিতৃ-মাতৃ আছিল থুছু ৰহমান বাই আৰু মুবাৰক আলী। আলীৰ মৃত্যুৰ পিছত মতিলালে থুছু ৰহমান বাইৰ লগত বিবাহপাশত আবদ্ধ হয়। এয়া আছিল মতিলালৰ দ্বিতীয় বিবাহ। তেওঁৰ প্ৰথম পত্নীৰ নাম স্বৰূপৰাণী। গতিকে মতিলাল আছিল জৱাহৰলালৰ সতীয়া পিতৃ।

কিন্তু, মতিলাল নেহৰুৰ বিষয়ে উপলব্ধ বিভিন্ন কিতাপ অধ্যয়ন কৰিলেই গম পোৱা যায় যে সত্যটো বেলেগ।

বি আৰ নন্দাৰ The Nehrus: Motilal and Jawaharlal (1963) গ্ৰন্থ অনুসৰি মতিলাল নেহৰুৰ পিতৃৰ নাম আছিল গংগাধৰ। তেওঁ আছিল এগৰাকী কাশ্মীৰী ব্ৰাহ্মণ। শেষৰজন মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহৰ দৰবাৰত তেওঁ আছিল দিল্লীৰ কোটৱাল। কিন্তু, ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত গংগাধৰে চাকৰি হেৰুৱাই আগ্ৰাত বসতি স্থাপন কৰে। ১৮৬১ চনত তেওঁৰ মৃত্যু হয়।পিতৃৰ মৃত্যুৰ তিনিমাহৰ পিছত ১৮৬১ চনৰ ৬ মে’ত জন্মগ্ৰহণ কৰে মতিলালে।

কম বয়সতে মতিলাল নেহৰুৰ বিবাহ হৈছিল। কিন্তু সন্তান জন্মৰ জন্মৰ সময়ত তেওঁৰ প্ৰথমা পত্নী আৰু সন্তানটিৰ মৃত্যু হৈছিল। তাৰ পিছত মতিলাল নেহৰু স্বৰূপৰাণী থুছুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। স্বৰূপৰাণীও আছিল কাশ্মীৰী ব্ৰাহ্মণ। ১৮৮৯ চনৰ ১৪ নৱেম্বৰত স্বৰূপৰাণী আৰু মতিলাল নেহৰুৰ এটি পুত্ৰ সন্তান জন্ম হয়। সেই সন্তানটিয়ে আছিল জৱাহৰলাল নেহৰু। পিছলৈ তেওঁলোকৰ দুগৰাকী কন্যা সন্তান বিজয়লক্ষ্মী (১৯০০) আৰু কৃষ্ণা(১৯০৭)ৰ জন্ম হয়।

অৰ্থাৎ দ্বিতীয় পত্নীৰ পৰা মতিলালৰ তিনিটা সন্তান আছিল। গতিকে মতিলাল জৱাহৰলালৰ সতীয়া পিতৃ নহয়। লগতে স্বৰূপ ৰাণীয়ে কেতিয়াও মুবাৰক আলীৰ লগত বিবাহপাশত আবদ্ধ হোৱা নাছিল। অধিক তথ্যৰ বাবে উপেন্দ্ৰচন্দ্ৰ ভট্টাচাৰ্য আৰু শোৱেন্দুসুন্দৰ চক্ৰৱৰ্তীৰ সম্পাদনাত পণ্ডিত মতিলাল নেহৰু: হিজ লাইফ এণ্ড ৱৰ্ক (১৯৩১) আৰু বিজয়লক্ষ্মী পণ্ডিতৰ দ্য স্কোপ অৱ হেপিনেছ : এ পাৰ্চনেল মেম’য়াৰ (১৯৭৯) পঢ়িব পাৰে। ইয়াৰ ভিতৰত ক’তো তথ্য দিয়া হোৱা নাই যে নেহৰুৰ পাঁচগৰাকী পত্নী আছিল।

তেন্তে জিন্না আৰু আব্দুল্লাৰ লগত নেহৰুৰ কি সম্পৰ্ক ?

পোষ্টে দাবী কৰা মতে মতিলাল নেহৰুৰ চতুৰ্থ পত্নীৰ পৰা মহম্মদ আলী জিন্না আৰু পঞ্চম পত্নীৰ পৰা শ্বেইখ আব্দুল্লা দুয়ো মতিলাল নেহৰুৰ সন্তান আছিল।

মহম্মদ আলী জিন্নাৰ জন্ম হৈছিল ১৮৭৫ বা ১৮৭৬ চনত আৰু মতিলাল নেহৰুৰ জন্ম হৈছিল ১৮৬১ চনত। গতিকে জিন্নাৰ জন্মৰ সময়ত মতিলালৰ বয়স আছিল ১৪-১৫ বছৰ। আকবৰ আহমেদৰ জিন্না, পাকিস্তান এণ্ড ইছলামিক আইডেন্টিটি: দ্য চাৰ্চ ফৰ চালাদিন গ্ৰন্থ অনুসৰি জিন্নাৰ পিতৃৰ নাম আছিল জিন্নাভাই পুঞ্জা। গুজৰাটৰ পৰা কৰাচীত বসতি স্থাপন কৰিছিল। জিনাৰ বংশ হিন্দু আছিল। তেওঁ গুজৰাটৰ লোহানা সম্প্ৰদায়ৰ আছিল। অৱশ্যে জাতিৰ পৰা বঞ্চিত হৈ জিনাৰ ককাকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অৰ্থাৎ মতিলাল জিন্নাৰ পিতৃ নাছিল।

চৈয়দ তাফাজুল হুছেইনৰ শ্বেখ আব্দুল্লাহ-এ বায়গ্ৰাফী: দ্য ক্ৰুচিয়েল পিৰিয়ড ১৯০৫-১৯৩৯ ৰ মতে, ১৯০৫ চনৰ ৫ ডিচেম্বৰত কাশ্মীৰৰ সৌৰা গাঁৱত শ্বেখ মহম্মদ আব্দুল্লাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল শ্বেখ মহম্মদ ইব্ৰাহিম। তেওঁলোক আছিল কাশ্মীৰী শ্বলৰ নিৰ্মাতা আৰু বিক্ৰেতা। তেওঁৰ মৃত্যুৰ পিছত দ্য নিউয়ৰ্ক টাইমছে দিয়া বাতৰিত ইয়াৰ উল্লেখ আছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে জৱাহৰলাল নেহৰুৰ পিতৃ আছিল মতিলাল নেহৰু। মহম্মদ আলী জিন্না আৰু শ্বেইখ আব্দুল্লা জৱাহৰলাল নেহৰুৰ সতীয়া ভাই নাছিল। মতিলাল নেহৰুৰ পাঁচবাৰ নহয় বৰং দুবাৰ বিবাহ হৈছিল।

নেহৰু পৰিয়ালৰ চমু তথ্য তলত দিয়া বংশবৃক্ষত পোৱা যাব। এই বংশবৃক্ষ শশী থাৰুৰৰ নেহৰু: ভাৰতৰ উদ্ভাৱন (২০০৩) নামৰ কিতাপখনত দিয়া হৈছে। অধিক তথ্যৰ বাবে ভাৰত চৰকাৰৰ নেহৰু পৰ্টেল চাব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জৱাহৰলাল নেহৰুৰ পিতৃ মুছলমান নাছিল। নেহৰু পৰিয়াল সম্পৰ্কে কৰা ভাইৰেল দাবীটো ভুৱা।

Written By: FactCrescendo Assamese

Result: False