
অসমত ছ’চিয়েল মিডিয়াত অতি সোনকালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলি ব্যাপক ভাৱে পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে।
অসম বিধানসভাৰ দিন ঘোষণা কৰা হৈছে বুলি প্ৰচাৰ কৰি থকা তেনেকুৱা এটা ফৰৱাৰ্ড মেছেজ আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিবলৈ বিচাৰিছিল। ফৰৱাৰ্ড মেছেজটোত এটা স্ক্ৰিণশ্বট আছে যত আজ টক নামৰ নিউজ চেনেলটোৰ লোগো লগোৱা আছে আৰু তাত এখন তালিকা দিয়া আছে যত অসমকে ধৰি ভাৰতৰ আন আন ৰাজ্যৰ নিৰ্বাচনৰ দিন উল্লেখ কৰা হৈছে। সেই মৰ্মে অসমত ৪ আৰু ১১ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব বুলি দাবী কৰা হৈছে।

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই তথ্য পুৰণি আৰু প্ৰসংগ সংগতিহীন ভাৱে শ্বেয়াৰ কৰি থকা হৈছে। এয়া সত্যতা নিৰূপণঃ
সত্যতা নিৰুপন পদ্ধতি
আমি প্ৰথমে গুগলত ছাৰ্চ কৰি চালো অসমত ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা সম্পৰ্কত কিবা বাতৰি লাভ কৰো নেকি। কিন্তু আমি তেনেকুৱা একো বাতৰিকেই লাভ নকৰিলো।
ইয়াৰ পিছত নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবচাইট আৰু ছোচিয়েল মিডিয়া একাউন্টবোৰ পৰীক্ষা কৰি চালো আৰু তাত কতোৱেই তেনেকুৱা কোনো ঘোষণা কৰা দেখা নাপালো। Original Link- Election Commission of India | Archived Link
তাৰ পিছত আমি আজ টকৰ অফিচিয়েল ছোচিয়েল মিডিয়া একাউন্টত তেনেকুৱা কিবা বাতৰি তেওঁলোকে শেহতীয়াভাৱে কৰিছে নেকি তাক চালো। কিন্তু তাতো বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ দাবীৰে কৰা কোনো বাতৰি লাভ নকৰিলো। Original Link- Twitter | Archived Link
আমি আন এটা চাৰ্ছ কৰি চালো আৰু গম পালো যে যি দুটা দিনত অসমত নিৰ্বাচন অনুষ্ঠিত হব বুলি ঘোষণা কৰা হৈছে বুলি দাবী কৰা হৈছে সেয়া আচলতে ২০১১ চনৰ দুটা প্ৰৰ্যায়ত অসম বিধাসভা নিৰ্বাচনৰ হে দিন আছিল। Original Link- DNA | Archived Link

Original Link- Times of India | Archived Link
আমি ২০১১ চনৰ বাতৰি পৰীক্ষা কৰি চালো আৰু দেখিলো যে স্ক্ৰিনশ্বটত উল্লেখ কৰা দিনকেইটা সেই সময়ত অসমত হোৱা নিৰ্বাচনৰ দিনৰ সৈতে মিলি গৈছে।
ফলাফল
স্ক্ৰিনশ্বটত উল্লেখ কৰা দিনকেইটা ২০১১চনৰ নিৰ্বাচনৰ দিন আৰু সেই কথাকে কোনো সংগতিহীনভাৱে প্ৰচাৰ কৰি থকা হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই।

Title:অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুলি ভুলকৈ দাবী কৰা হৈছে!
Fact Check By: Manjori BorkotokyResult: Missing Context