অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ'টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো লোক দেখা পোৱা নাই। দাবী কৰা হৈছে যে ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ কোনেও অহা নাছিল। এই ভিডিঅ'টো শ্বেয়াৰ কৰি মানুহে তেওঁক ছচিয়েল মিডিয়াত ঠাট্টা-মস্কৰা কৰিছে।

ভাইৰেল ভিডিঅ'টোত ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে -"ফ্ৰান্সত উপস্থিত হোৱা বিশ্ব গুৰুক কোনো ধৰণৰ আদৰণি জনোৱা নহ'ল"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই ভিডিঅ'টোৰ সত্যাসত্য জানিবলৈ আমি ইউটিউবত কীৱৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ১৩ জুলাইত নৰেন্দ্ৰ মোদীৰ অফিচিয়েল চেনেলত আপলোড হোৱা মূল ভিডিঅ'টো পালোঁ। তাৰ সৈতে দিয়া তথ্যত উল্লেখ আছে যে পেৰিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বৰ্ণে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাইছিল।

Archived Link

এই ভিডিঅ'টোত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোডী বিমানৰ পৰা নামি অহাৰ লগে লগে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক আদৰিবলৈ থিয় হৈ আছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে দুই এজন লোকক লগ পায় আৰু এটা বৃহৎ জোৱানৰ দলে তেওঁক গাৰ্ড অৱ অনাৰ দিয়ে। তাৰ পিছত প্ৰথমে ভাৰতৰ জাতীয় সংগীত আৰু পিছত ফ্ৰান্সৰ জাতীয় সংগীত বজোৱা হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ থিয় হৈ থকা ফ্ৰান্সৰ প্ৰতিনিধি সকলে তেওঁক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীক অতি সন্মানজনকভাৱে আদৰণি জনোৱা হৈছে। ভাইৰেল ভিডিঅ’টোত কেৱল আৰম্ভণিৰ অংশটোহে দেখুওৱা হৈছে য’ত কেৱল ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীয়েহে প্ৰধানমন্ত্ৰী মোডীক আদৰি অনা দেখা গৈছে। তলৰ তুলনামূলক ভিডিঅ’টোত মূল ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’ৰ পাৰ্থক্য চাব পাৰিব।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদীয়ে বেষ্টিল দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্সলৈ গৈছিল। এই ভ্ৰমণত ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ বছৰীয়া জয়ন্তীও উদযাপন কৰা হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ লগত কৰা দাবী মিছা। এই ভিডিঅ'টো অসম্পূৰ্ণ। মূল ভিডিঅ'টোত দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

Written By: Debanjana Baishya

Result: False