
বহু অপেক্ষাৰ অন্তত,অৱশেষত বিভিন্ন দেশত এতিয়া ক’ৰনা ভাইৰাছ ভেকচিন উপলব্ধ হৈ পৰিছে।চীন দেশেও ক’ৰনাভাইৰাছক প্ৰতিহত কৰিবলৈ তেওঁলোকৰ ভেকচিন প্ৰদান কৰা কাৰ্য আৰম্ভ কৰিছে। এইসময়ত বিভিন্ন ছোচিয়েল মিডিয়া পোষ্ট আৰু বিভিন্ন প্ৰতিস্থানৰ বাতৰি পোহৰলৈ আহিছে য’ত চীন দেশৰ ভেকচিনক মস্কৰা কৰা হৈছে আৰু কিছুমানে তো এখোপ ওপৰলৈ গৈ ইয়াকো কৈছে যে চীন দেশৰ ভেকচিন ব্যৱহাৰ কৰিলে বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে শৰীৰত।
অসমতো ফেচবুকত এনেকুৱা পোষ্ট কৰা হৈছে য’ত দাবী কৰা হৈছে চীন দেশৰ ভেকচিন লোৱাৰ পিছত কন্ঠস্বৰ সলনি হৈ যোৱা, দেহৰ গঠন সলনি হৈ যোৱাৰ দৰে ঘটনা দেখা পোৱা গৈছে।
Original Link- Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই সিদ্ধান্ত গ্ৰহন কৰিলো যে আমি এই দাবীটোৰ সত্যতা নিৰূপন কৰিম আৰু আমি গম পালো যে ব্যংগাত্মকভাৱে কৰি থকা কিছুমান পোষ্টকে পিছলৈ এইদৰে সঁচা বুলি প্ৰচাৰ কৰা হৈছে। এইটো স্পষ্ট যে বিভিন্ন স্থানত ভেকচিন লোৱাৰ পিছত কোনো কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা গৈছে, কিন্তু মাত সলনি হৈ যোৱা, দেহৰ গঠন সলনি হৈ যোৱাৰ দৰে দাবীবোৰ সত্য নহয়।
সত্যতা নিৰূপন পদ্ধতি
সৰ্বপ্ৰথমে আমি কেইটামান প্ৰাসংগিক শব্দ ললো আৰু গুগলত ছাৰ্চ কৰি চালো এই দাবীটো সম্পৰ্কত। আমি কোনো ধৰণৰ বিশ্বাসযোগ্য সংবাদ প্ৰতিস্থানৰে ভেকচিন লোৱাৰ পিছত কন্ঠস্বৰ সলনি হোৱা, দেহৰ গঠন সলনি হোৱা আদি ধৰণৰ কোনো বাতৰি লাভ নকৰিলো। আমি ‘বিবিচি’য়ে কৰা চীন দেশৰ ভেকচিন বিষয়ক এক সবিস্তাৰ বাতৰি লাভ কৰিলো, কিন্তু তাতো কোনো এনেকুৱা কথা নাপালো যে সেই ভেকচিন লোৱাৰ পিছত কন্ঠস্বৰ বা শাৰীৰিক পৰিৱৰ্তন হয়।
Screenshot, Article, BBC
Original Link- BBC | Archived Link
তাৰ পিছত আমি সেই বিশেষ বাতৰিটো ভালকৈ পৰীক্ষা কৰিলো যত উল্লেখ কৰা হৈছিল যে চীন দেশৰ ভেকচিন লোৱৰ পিছত কন্ঠস্বৰ বা শৰীৰৰ অংগৰ পৰিৱৰ্তন হয়। আমি সেই বাতৰিটোৰ সৈতে সংলগ্ন কৰা এটা ভিডিঅ’ পালো, য’ত এজন মানুহে ভেকচিন লোৱাৰ কথা আৰু তাৰ প্ৰতিক্ৰিয়াৰ কথা ইংৰাজীত কৈ আছিল । মাজতে হঠাত তেওঁৰ মাতটো সলনি হয় আৰু তেওঁ চীনাভাষা কবলৈ আৰম্ভ কৰে।
Original Link- Asom Live 24 | Archived Article | Archived Video Link
আমি গম পালো যে সেইটো আচলতে এটা ব্যংগ হে আছিল আৰু সেইটো বিভিন্নজনে টুইটাৰত আপলোড কৰিছিল। লেখাটোত উল্লেখ কৰা লোকজনেও টুইটাৰত সেইটো আপলোড কৰিছিল। আমি পালো যে আন আন বহুকেইটা তেনেকুৱা ব্যংগাত্মক ভিডিঅ’ আছে য’ত চীন দেশৰ ভেকচিনৰ কাৰ্যকুশলতা সম্পৰ্কত ব্যংগ বা মস্কৰা কৰা হৈছে।
Harsh Goenka (@hvgoenka) Tweeted:
— amit kumar (@amitkumar95800) February 5, 2021
Effect of the Chinese vaccine….😀😀😀 pic.twitter.com/zDleF0hK61 https://t.co/3UD2vSOaDq
ফেক্ট ক্ৰেছেণ্ডো শ্ৰীলংকাত কৰ্মৰত আমাৰ সহকৰ্মী ফালৰ পৰা চাহানী চন্দ্ৰৰত্ন, স্বাস্থ্য প্ৰসাৰ আৰু যোগাযোগ বিষয়া, বিশ্ব স্বাস্থ্য সংস্থা, শ্ৰীলংকাৰ সৈতে যোগাযোগ কৰা হৈছিল । তেওঁ আমাক জনালে যে চিন’ফাৰ্ম আৰু চিন’ভেক্ ভেকচিন (যি বহুতো দেশত ব্যৱহাৰ কৰা হৈছে) কৰাৰ ফলত তেনে ধৰণৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কোনো প্ৰতিবেদন প্ৰকাশ পোৱা নাই । উল্লেযোগ্য যে এই ভেকচিন দুবিধেই চীনত ব্যৱহৃত হৈছে ।
ফলাফল
চীনা ভেকচিন ব্যৱহাৰ কৰাৰ পিছত সেই ভেকচিনে কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন সাধন কৰা বুলি কৰা দাবীটো মিছা। সেই বিশেষ ভিডিঅ’ আচলতে ব্যংগাত্মক এক উপস্থাপন হে যাক সঁচা বুলি বিভিন্ন পোৰ্টেলে নিজৰ বাতৰিত ব্যৱহাৰ কৰিছে।

Title:চীনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কন্ঠস্বৰৰ লগতে শাৰীৰিক পৰিৱৰ্তন হৈছে বুলি কৰা দাবীটো মিছা!
Fact Check By: Manjori BorkotokyResult: False