পাকিস্তানৰ ড্ৰাগছ বিৰোধী অভিযানৰ পুৰণি ভিডিঅ’ ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান চলোৱা ভিডিঅ’ বুলি ভাইৰেল।

শেহতীয়াকৈ কিছুমান আৰক্ষী বিষয়াই পথৰ কাষত শুই থকা ব্যক্তি এগৰাকীৰ তালাচী চলোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ধূৰন্ধৰ-২ চিনেমাখনে মুক্তি লাভ কৰাৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান কৰাৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পাকিস্তানৰ লায়াৰী অঞ্চলত ‘ধুৰন্ধৰ ২’ (Dhurandhar 2) ৰ সৈতে জড়িত কিছু খবৰ প্ৰকাশ পোৱাৰ পিছতে […]

Continue Reading

জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

ইজৰাইলত ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো মিছা।

শেহতীয়াকৈ, ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ অৱস্থিতি প্ৰকাশ কৰাৰ অভিযোগত ইজৰাইল আৰক্ষীয়ে ভাৰতীয় সাংবাদিক আদিত্য ৰাজ কৌলক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে সাংবাদিক আদিত্য ৰাজ কৌলে আক্ৰমণৰ বলি হোৱা স্থানৰ পৰা বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত বেঞ্জামিন নেতান্যাহু সেই স্থানলৈ আহিছে। […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ ডুবাইত মহিলাৰ লাইভ ষ্ট্ৰিমিঙৰ সময়ত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাই লাইভ ষ্ট্ৰিমিং কৰি আছে। হঠাৎ এটা শব্দ শুনা যায় আৰু মহিলাগৰাকী থিয় হয়। তাৰপাছতে এটা বিস্ফোৰণ হয় আৰু লাইভ ষ্ট্ৰিমিংটো বন্ধ হৈ পৰে। দাবী কৰা হৈছে এই ভিডিঅ’টো ডুবাইৰ য’ত শেহতীয়াকৈ এইদৰে ইৰাণে মিছাইল আক্ৰমণ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে যে […]

Continue Reading

ইজৰাইল আৰক্ষীয়ে ৰাজহুৱা স্থানৰপৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ইজৰাইলৰ আৰক্ষীয়ে ৰাস্তাৰ খুঁটা আৰু অট্টালিকাৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মিছাইল আক্ৰমণৰ ক্ষয়ক্ষতিৰ খবৰ ইৰাণে নোপোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইলে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

ছিৰিয়াৰ পুৰণি ভিডিঅ’ আয়াতুল্লাহ খোমেইনীৰ মৃত্যুৰ পাছত তেওঁৰ নিৰাপত্তাৰক্ষীক আটক কৰাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এজন লোকক এদল অস্ত্ৰধাৰী লোকে চকুত কাপোৰ বান্ধি বন্দী কৰি আনিছে আৰু আৰবী ভাষাত কথা পাতিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইৰাণৰ সর্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ সকলো গোপন তথ্য ইজৰাইল আৰু আমেৰিকাৰ সৈতে আদান-প্রদান কৰিছিল খামেনিৰ দেহৰক্ষীয়ে নিজ মুখে স্বীকাৰ কৰিছে […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ হোৱা ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য বুলি ভাইৰেল।

পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ ভয়াৱহ বিস্ফোৰণ হোৱা বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে আৰু হিন্দী ভ‌ইচঅ’ভাৰ এটাত মহিলা কণ্ঠ‌ই কৈছে যে এই সময়ৰ ডাঙৰ খবৰ আহিছে কৰাচী পাকিস্তানৰ পৰা। ভয়াৱহ বিস্ফোৰণত সমগ্ৰ কৰাচী কঁপি উঠিছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এপষ্টিন ফাইলছ প্ৰকাশৰ পাছত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্যৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পুত্তলিকাত মৰিয়াই আছে। দাবী কৰা হৈছে যে এপষ্টিন ফাইলছ প্ৰকাশৰ পাছতেই ট্ৰাম্পৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#এপষ্টেইন_ফাইল-ত #ট্ৰাম্পৰ নাম প্ৰকাশ পোৱাৰ পিছত ট্ৰাম্পৰ বিৰোধিতা বাঢ়িছে..!!” Facebook Link | Archived Link  […]

Continue Reading

ইৰাণৰ চেজিল ক্ষেপণাস্ত্ৰৰ ফটো ICBM ক্ষেপণাস্ত্ৰৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰকেট উৎক্ষেপণৰ এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া ইৰাণৰ শেহতীয়া ICBM Missile ৰ ফটো। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “#BreakingNews ইৰাণৰ ১০০০০ কিলোমিটাৰ দূৰত্ব লৈ যাব পৰা #ICBMৰ মিচাইলৰ পৰীক্ষা। উক্ত শক্তিশালী মিচাইলৰ পৰীক্ষণৰ পিছতে আমেৰিকাৰ ইৰাণ আক্ৰমণৰ পৰিকল্পনা বাতিল। আমেৰিকাৰ কেইবাখনো চহৰ উক্ত মিচাইলৰ পৰিসৰত।” Facebook […]

Continue Reading

ছিৰিয়াৰ ৰাক্কাৰ ভিডিঅ’ ইৰাণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ইৰাণত মহিলাসকলক লৈ যোৱা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৃশ্য ইৰাণৰ…  চাওক ইৰাণত ইজনে সিজনৰ মাক ভগ্নীক কেনেকৈ লৈ গৈছে …  কুৰ্দ, তুৰস্ক, ইৰাণ, ইৰাক, ছিৰিয়া সকলোৰে ঈশ্বৰ একে কিন্তু যেতিয়াই তেওঁলোকৰ মাজত যুদ্ধ হয় , তেতিয়াই ইজনে সিজনৰ মহিলাক […]

Continue Reading