পাকিস্তানৰ এক পুৰণি প্ৰতিবাদৰ ভিডিঅ’ ভাৰতৰ কেৰেলাত শেহতীয়াকৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’ বুলি ভুলকৈ প্ৰচাৰ হৈছে!

হজৰত মহম্মদক লৈ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি দাবী কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এনে এটা ভিডিঅ’ত দেখা গৈছে যে ৰাস্তাৰ কাষত থিয় হৈ মানুহে পাকিস্তানৰ পতাকা জোকাৰি থকাৰ সময়তে ৰাস্তাত এখন ভাৰতীয় ত্ৰিৰংগা পতাকাৰ ওপৰেৰে কেইবাখনো বাহন পাৰ হৈ গৈছে […]

Continue Reading

ভাইৰেল ভিডিঅ’ত সেইবোৰ ডাইন’চৰৰ পোৱালি নহয়! 

পোৱালি ডাইন’চৰৰ দৰে দেখা প্ৰাণীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া প্ৰমাণ যে প্ৰকৃততে বৰ্তমান সময়টো ডাইন’চৰৰ অস্তিত্ব আছে । একেটা ভিডিঅ’ ফেচবুকত একাধিক প্ৰফাইলৰ দ্বাৰা আপলোড কৰা হৈছে । এইটো এনে ধৰণৰ এক ফেচবুক পোষ্ট : “🔹সমুদ্ৰৰ পাৰত বিশেষ জীৱ, সকলোৱে একেমুখে কলে ডাইনাছৰ শেষ হোৱা […]

Continue Reading

ভিডিঅ’ত থকা প্ৰাণীটো ‘লক নেছ’ দৈত্য নহয়!

দৈত্য মাছৰ দৰে দেখা পানীত সাঁতুৰি থকা এটা প্ৰাণীৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ই হৈছে ‘লক নেছ’ মনষ্টাৰ যি স্কটলেণ্ডৰ লোক কাহিনীৰ এটা অংশ হিচাবে জনাজাত হয় ।  ১১ এপ্ৰিল, ২০২২ তাৰিখে নিশা ৮:৫১ বজাত টাইম৮ পৃষ্ঠাৰ দ্বাৰা প্ৰকাশিত ফেচবুক পোষ্টটো ইয়াত দিয়া হৈছে। পোষ্টৰ শিৰোনামটোত উল্লেখ কৰা হৈছে “এটা […]

Continue Reading

প্ৰাক্তন মিছ ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই ইউক্ৰেইন সেনাত যোগদান কৰা নাই!

ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিস্ফোৰণ আৰু আক্ৰমণৰ ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে । ইয়াৰ পটভূমিত, ছ’চিয়েল মিডিয়াত এখন ছবি প্ৰচাৰ হৈছে য’ত দাবী কৰা হৈছে যে ইউক্ৰেইনৰ আটাইতকৈ ধুনীয়া মহিলা আৰু প্ৰাক্তন মিছ গ্ৰেণ্ড ইউক্ৰেইন আনাস্তাছিয়া লেন্নাই নিজৰ দেশৰ সুৰক্ষাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ইউক্ৰেইন সেনাত যোগদান […]

Continue Reading

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সামৰিক পোছাকত থকা পুৰণি ছবিবোৰ চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বুলি ভাইৰেল হৈছে! 

যোৱা কেইদিনমানৰ পৰা, সমগ্ৰ বিশ্বৰ তথ্য পৰীক্ষকসকলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভিডিঅ’ আৰু ফটো বুলি কৰা শ শ ভুৱা দাবী কৰ্তন কৰিছে। ফেক্ট ক্ৰেচেণ্ডোৱেও ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি হিচাপে অভিহিত ভিডিঅ’ আৰু ফটোৰ ভুল তথ্যৰ এক শৃংখলা ধৰা পেলাইছে। একেদৰে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ তেওঁৰ সৈনিকসকলৰ সৈতে সেনাৰ পোছাক পিন্ধা ছবিৰ এটা সংহতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধৰ ক্ষেত্ৰত তেওঁৰ […]

Continue Reading

ৰকেট নিক্ষেপৰ পুৰণি ক্লিপিং চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ৰ বুলি ভাইৰেল হৈছে! 

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ছ’চিয়েল মিডিয়াত যুদ্ধ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি ফটো, ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো সঁচা যদিওঁ এইয়া নুই কৰিব নোৱাৰি যে ইয়াৰে আন বহুতো মিছা বা ভুৱা হয় ।  এনে ধৰণৰ এক ভিডিঅ’ এতিয়া ফেচবুকৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টোৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই! 

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ছ’চিয়েল মিডিয়াত যুদ্ধ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি ফটো, ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো সঁচা যদিওঁ এইয়া নুই কৰিব নোৱাৰি যে ইয়াৰে আন বহুতো মিছা বা ভুৱা হয় ।  এনে ধৰণৰ এক ভিডিঅ’ এতিয়া ফেচবুকৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা […]

Continue Reading

১০৯ বছৰীয়া থাই মানুহৰ ভিডিঅ’ ২০০ বছৰীয়া হিমালয়ৰ সন্ন্যাসী হিচাপে মিছাকৈ ভাইৰেল!

এজন দুৰ্বল বৃদ্ধৰ এটা ভিডিঅ’ এক অস্বাভাৱিক দাবীৰ সৈতে ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এজন গেৰুৱা পোছাক পিন্ধা ব্যক্তিয়ে তেওঁক হিমালয়ৰ এজন ২০০ বছৰীয়া সন্ন্যাসী বুলি দাবী কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। Archived Link | Archived Video Link অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টোৰ সৈতে ভাইৰেল হোৱা দাবীবোৰ মিছা। এজন অতি বৃদ্ধ ব্যক্তিয়ে […]

Continue Reading

প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!  

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টত দাবী কৰা হৈছে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে। এনে ধৰণৰ পোষ্ট অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ পৰিছে ।  এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link ফেক্ট ক্ৰেচেণ্ডোৱে দাবীটো […]

Continue Reading

বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দীঘলীয়া অনুপ্ৰেৰণামূলক শিৰোনামৰ সৈতে ওপৰত অলপ লিখনি থকা দুখন ছবিৰ এটা ক’লাজ ভাইৰেল হৈ আছে। ক’লাজটোত একেগৰাকী মহিলাৰ দুখন ছবি আছে, এখনত চিকিৎসালয়ৰ বিচনাৰ দৰে দেখাত এখন বিচনাত মহিলা গৰাকীক শুই থকা দেখা গৈছে আৰু আনটোত মহিলাগৰাকীক চুটি চুলিৰে সৈতে দেখা গৈছে। শিৰোনামটোত দাবী কৰা হৈছে যে ছবিখনত থকা ব্যক্তিজন […]

Continue Reading