ইষ্টানবুল বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ নতুন ২১ সংখ্যক বিমান বন্দৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেইখন উত্তৰ প্ৰদেশৰ এটা নতুন বিমান বন্দৰৰ ফটো। লগতে দাবী কৰিছে যে এই নতুন বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰিছে। পোষ্টটোত লিখিছে এইদৰেঃ- কি ধুনীয়া দেখোন। কুম্ভমেলাৰ পাছত এনেকুৱা বিমান বন্দৰ বনাব পাৰিছে উত্তৰ প্ৰদেশে। ২১টা বিমান বন্দৰ […]

Continue Reading

স্নানৰত অৱস্থাত চুম্বনৰত দম্পতীৰ ভিডিঅ’টো মহাকুম্ভ মেলাৰ সময়ৰ নহয়। সেইটো অযোধ্যাৰ এটা পুৰণি ভিডিঅ’হে।

শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে শেহতীয়াকৈ সম্পন্ন হৈ যোৱা প্ৰয়াগৰাজৰ মহাকুম্ভত এক দম্পতীয়ে স্নানৰ সময়তেই চুম্বনত লিপ্ত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে পানীৰ মাজত সেই দম্পতীয়ে আলিংগনাবদ্ধ হৈ আছিল আৰু অন্য লোকে তেওঁলোকক পানীৰ […]

Continue Reading

জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে ৰিলায়েন্স জিঅ’ই ইতিমধ্যেই জিঅ’ ইলেক্ট্ৰিক চাইকেল বজাৰত মুকলি কৰি দিছে। মুকেশ আম্বানী আৰু এখন ইলেক্ট্ৰিক চাইকেলৰ ফটো সংলগ্ন কৰি আপলোড কৰা ফটোখনত লিখা হৈছে এইদৰেঃ  JIOই মুকলি কৰিলে JIO ELECTRIC CYCLE। মাত্ৰ ২৯,৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক চাইকেলখন। এবাৰ […]

Continue Reading

মঞ্চাভিনয় কৰি থকা এই ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ এগৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলাৰ এক মঞ্চাভিনয়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এক পুৰণি কমেডী ভিডিঅ’।  ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কমেডিয়ান যেতিয়া ৰাষ্ট্ৰপতি হয়! (ভাৰততো এনে বহু সংখ্যক জেলেনস্কী Version আছে)” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া সোৱনশিৰি নৈৰ পাৰৰ বালিচৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ কাছ পানীৰ পৰা পাৰলৈ উঠি আহিছে। ভিডিঅ’টোক ব্যৱহৃত অসমীয়া ভাষাৰ ভয়ছ ওভাৰত শুনা যায় যে এয়া অসমৰ সোৱনশিৰি নৈৰ পাৰৰ দৃশ্য আৰু এইদৰে নৈৰ পৰা কাছবোৰ পাৰলৈ উঠি আহিছে আৰু […]

Continue Reading

আকাশত যুদ্ধ বিমানেৰে গঠন কৰা ত্ৰিশূল আকৃতিৰ এই ফটোখনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

যুদ্ধ বিমানেৰে আকাশত ত্ৰিশূলৰ আকৃতি গঠন কৰা এখন ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ‌ অন্তিম দিনা ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰা ‘এয়াৰ শ্বো’ৰ দৃশ্য সেয়া।  ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “যোৱা শিৱৰাত্ৰীৰ দিনা প্ৰয়াগৰাজ মহাকুম্ভত তিনিখন ছুখয় বিমানে আকাশমাৰ্গত ত্ৰিশূলৰ সৃষ্টি কৰে ।‌ ইতিমধ্যে মহাকুম্ভমেলাৰ […]

Continue Reading

এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।

শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভত গাড়ীত উঠি অহা এগৰাকী ভিআইপি, উপায়ুক্তক এগৰাকী সাংবাদিকে চৰ মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল।    Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

হিন্দী গীতত নৃত্য কৰি থকা এই মহিলাগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই এটি হিন্দী গীতত নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “দিল্লীৰ নতুন মুখ্যমন্ত্ৰী জনীৰ […]

Continue Reading

২০২৩ চনত গীতৰ প্ৰচাৰৰ বাবে বাৰানসীত উপস্থিত হোৱা ছানী লিয়নীৰ ভিডিঅ’ শেহতীয়া মহাকুম্ভৰ গংগা স্নানৰ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ একাংশ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা বিশেষ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱেও সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে অভিনেত্ৰী ছানী লিয়নীয়ে মহাকুম্ভ মেলাত গংগানদীত স্নান কৰিছে। “কুম্ভমেলাত গংগা স্নান কৰিলে ছানী লিয়নে, মহাকুম্ভত পূণ্য অৰ্জন কৰিবলৈ এয়া ছানী লিওনী” আদি কেপছনেৰে ছানী লিয়নীৰ সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। […]

Continue Reading

ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

যোৱা ২০ ফেব্ৰুৱাৰীত ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই তৰোৱাল চালনা প্ৰদৰ্শন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নাৰী শক্তিৰ এক  নিদৰ্শন ❤️🙏 দিল্লীৰ বিজেপিৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয়া […]

Continue Reading