অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?

Political

ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে । 

এই বিশেষ ভিডিঅ’টো অসমত “সময় সংবাদ অসম” নামৰ ২৩ এপ্ৰিল, ২০১৯, পাছবেলা ২:১৬ বজাত এটা ফেচবুক পে’জতও দেখা পোৱা গৈছে । এই পে’জটোৰ এটা ফেচবুক পোষ্টত ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন অনিল উপাধ্যায় নামৰ এজন বিজেপি বিধায়ক হয় বুলি কোৱা হৈছে । 

ফেচবুক (Facebook) পোষ্টটো পঢ়ক ইয়াত

এই বিশেষ পোষ্টটো ২৩৬ বাৰতকৈ বেছি ফেচবুকত শ্বেয়াৰ হৈছে আৰু আঠ হাজাৰতকৈ অধিক বাৰ ভিডিঅ’টো দৰ্শন কৰা হৈছে । কিন্ত এই ভিডিঅ’টোত থকা মানুহজন সঁচাকৈয়ে এজন বিজেপি বিধায়ক হয়নে? সত্যতা কি, জানো আহক। । 

প্ৰণালী

সৰ্বপ্ৰথমে অনিল উপাধ্যায় নামৰ কোনো বিজেপি বিধায়ক আছে নে নাই সেই বিষয়ে আমি গুগল চাৰ্চ কৰিলোঁ । তেনে নামৰ কোনো বিজেপি বিধায়ক আমি বিচাৰি নাপালোঁ । ইয়াৰ পাছত আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰছ ইমেজ ছাৰ্চ কৰিলোঁ ফলত আমি ৰাষ্ট্রীয় নিউজ চেনেল ৰিপাব্লিক টিভিয়ে ১৮ এপ্ৰিল, ২০১৯ত এই বিষয়ে পৰিবেশন কৰা এটা বাতৰি দেখা পালোঁ ।  বাতৰিটোৰ শিৰোনামা আছিল “আশ্চৰ্য! ইছলামপুৰত টিএমচি দ্বাৰা বুথ দখল

Upadhaya.png

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে, অনিল উপাধ্যায় নামৰ লোক জন বিজেপি বিধায়ক নহয়, বৰঞ্চ তেওঁ এজন ইছলামপুৰ, পশ্চিম বংগৰ  টিএমচি নেতা হয় । আমি আৰু গম পালোঁ যে তেওঁৰ আচল নাম হ’ল হামিজোদ্দীন যেতিয়া ই টিভি ভাৰতে প্ৰকাশ কৰা এটা বাতৰিত তেওঁৰ শিকাৰুক্তি দেখা পালোঁ । ইয়াত তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ বুথৰ ভিতৰত সোমোৱাটো সঁচা ।

ইয়াৰ পাছত আমি টুইটাৰতও এই বিষয়ে চাৰ্চ কৰিলোঁ আৰু এই একেজন ব্যক্তিকে কংগ্ৰেছৰ বিধায়ক বুলি অভিহিত কৰা এটা পোষ্ট দেখা পালোঁ । 

টুইটাৰত (Twitter) পোষ্টটো পঢ়ক ইয়াত

সংৰক্ষিত (Archived) পোষ্টটো পঢ়ক ইয়াত

এই বিষয়েও গুগল চাৰ্চ কৰি আমি একো নাপালোঁ । ফলত আমি গ’ম পালোঁ যে এনে নামৰ কোনো বিধায়ক কংগ্ৰেছ বা বিজেপিত নাই, এইয়া এক কাল্পনিক সৃষ্টি হে মাথোঁ । 

ফলাফল

এই ভিডিঅ’টোত থকা মানুহজন বিজেপি বিধায়ক নহয় । তেওঁ আচলতে এজন পশ্চিম বংগৰ টিএমচি নেতা হয় । উক্ত ফেচবুক পোষ্টটো ভুৱা হয় । 

Avatar

Title:অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *