
ইছলামিক ৰাষ্ট্ৰ কাটাৰত সম্প্ৰতি চলি আছে ২০২২ চনৰ ফিফা বিশ্বকাপ। যেতিয়া পৰা কাটাৰক বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছিল, তেতিয়াৰে পৰা স্থানীয় আয়োজক আৰু বিশ্ব ফুটবলৰ নেতাসকলে জোৰ দি আহিছে যে বিয়েৰ অনুৰাগীৰ বাবে উপলব্ধ হ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবল শাসক সংস্থা ফিফাই ইভেণ্টৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে বিশ্বকাপৰ মেচৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত মদ্যপান নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে । ফিফাৰ বিবৃতি অনুসৰি দৰ্শকক ষ্টেডিয়ামৰ বাহিৰৰ আন কিছু নিৰ্দিষ্ট এলেকাৰ পৰা সুৰা ক্ৰয় কৰাৰ অনুমতি দিয়া হৈছে ।
এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত পেপচি কেনৰ বেশত হাইনেকেন বিয়েৰ লুকুৱাই অনা এই ফটোখন ভাইৰেল হৈ পৰে। এই ছবিখন শ্বেয়াৰ কৰা লোকসকলে দাবী কৰে যে ফুটবল অনুৰাগীয়ে কেনত ভুৱা পেপচি কভাৰ লগাই ষ্টেডিয়ামৰ ভিতৰত লুকাই চুৰকৈ বিয়েৰ সোমোৱাইছে ।
ফেক্ট ক্ৰেছেণ্ড অসমীয়াৰ পাঠকে এই ভাইৰেল ফটোখন সঁচাকৈ কাটাৰত সম্প্ৰতি চলি থকা ২০২২ চনৰ ফিফা বিশ্বকাপৰ হয় নেকি জানিবলৈ বা সত্যতা নিৰূপণৰ বাবে আমাক অনুৰোধ জনাই আমাৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ (9049053770) লৈ প্ৰেৰণ কৰিছে । Archived Link
গতিকে আমি এই বিষয়ে এক ফেক্ট-চেক কৰাৰ সিদ্ধান্ত লৈছিলো আৰু তদন্তৰ অন্তত দেখা গ’ল যে ভাইৰেল ফটোখন ২০১৫ চনৰ হয় আৰু চৌদি আৰৱৰ হয়, য’ত মদ্যপান নিষিদ্ধ কৰা হৈছে। দেশখনৰ ইউনাইটেড আৰব এমিৰেইটছৰ সৈতে সংলগ্ন সীমান্তত পেপচি কেনৰ বেশত ৪৮ হাজাৰ কেন হাইনেকেন বিয়েৰ লৈ গৈ থাকোঁতে এজন লোকক কৰ্তৃপক্ষই ধৰোতে ফটোখন তোলা হৈছিল ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে গুগল চাৰ্চ কৰি শেহতীয়াকৈ কাটাৰৰ পৰা এনেধৰণৰ বাতৰি প্ৰকাশ হৈছে নেকি বিচাৰি চালোঁ । এনে ধৰণৰ কোনো বাতৰি আমাৰ দৃষ্টি গোচৰ নহল ।
ইয়াৰ পাছত আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু ২০১৫ চনৰ ১২ নৱেম্বৰত প্ৰকাশিত এই ভাইৰেল ছবিখনৰ বিষয়ে সংবাদ মাধ্যমৰ এক প্ৰতিবেদন বিচাৰি পালোঁ। ৰিপৰ্ট অনুসৰি, ইউনাইটেড আৰব এমিৰেইটছৰ সীমান্তত চৌদি কৰ্তৃপক্ষই ৪৮,০০০ টা পেপচি কেনৰ বেশত অনা হাইনেকেন বিয়েৰ কেন লৈ এজন লোকক ধৰিছিল। চৌদি আৰৱত মদ্যপান নিষিদ্ধ।
“প্ৰথমে শীতল পানীয় পেপচিৰ স্বাভাৱিক কেন যেন লগা বস্তু কঢ়িয়াই অনা এখন ট্ৰাক ৰখাই দিয়া হ’ল আৰু সামগ্ৰীসমূহ ভালদৰে পৰীক্ষা কৰাৰ পিছত স্পষ্ট হৈ পৰিল যে এলকহলিক বিয়েৰবোৰ আচলতে পেপচিৰ ষ্টীকাৰ ল’গ’ৰে আবৃত আছিল,”
এই খবৰৰ বিষয়ে আমি ২০১৫ চনৰ ১২ নৱেম্বৰত আল আৰবিয়া নিউজৰ অফিচিয়েল ভেৰিফাইড হেণ্ডেলত এটা টুইটও পাইছিলোঁ য’ত লিখা আছিল “#চৌদি আৰক্ষীয়ে শীতল পানীয়ৰ বেশত অনা ৪৮,০০০ বিয়েৰৰ কেন জব্দ কৰে”
এই সকলোবোৰ প্ৰমাণৰ প্ৰতি লক্ষ্য ৰাখি স্পষ্ট যে ভাইৰেল ছবিখনৰ ফিফা বিশ্বকাপ কাটাৰ ২০২২ৰ সৈতে কোনো সম্পৰ্ক নাই। এই ছবিখন ২০১৫ চনত চৌদি আৰৱত তোলা, য’ত মদ্যপান নিষিদ্ধ । দেশখনৰ ইউনাইটেড আৰব এমিৰেইটছৰ সৈতে সংলগ্ন সীমান্তত পেপচি কেনৰ বেশত ৪৮ হাজাৰ কেন হাইনেকেন বিয়েৰ লৈ গৈ থাকোঁতে এজন লোকক কৰ্তৃপক্ষই ধৰোতে ফটোখন তোলা হৈছিল ।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডই ভাইৰেল ছবিখনৰ সৈতে কৰা দাবীটোক ভ্রান্তিজনক বুলি বিবেচনা কৰিছে। এই ভাইৰেল ছবিখন ২০১৫ চনৰ আৰু ইয়াৰ সৈতে ফিফা বিশ্বকাপ ২০০২ কাটাৰৰ কোনো সম্পৰ্ক নাই ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছ

Title:পেপচিৰ বেশত বিয়েৰ! এইখন কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ ছবি হয় নে?
Fact Check By: Manjori BorkotokyResult: Misleading
