FACT CHECK: এই ভিডিঅ'টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই
শেহতীয়াভাৱে দুটা দলৰ মাজৰ মাৰপিটৰ এটা দৃশ্যই বাতৰিৰ শীৰোনাম দখল কৰিছে। অসমৰ একাংশ ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দাবী কৰিছে যে দিল্লীত একাংশ ক্ৰোধিত কৃষকে অভিনেতা অজয় দেৱগনক প্ৰহাৰ কৰিছে। ৫মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ'টোত দেখা পোৱা গৈছে যে লোকসকলে পৰস্পৰে পৰস্পৰক গালিগালাজ কৰিছে আৰু মাৰিছে। বাউন্সাৰসকলে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা কৰিছে কিন্তু কিছুসময়ৰ বাবে সেই পৰিবেশেই অব্যাহত থাকে।কেমেৰাত আৱদ্ধ হোৱা এই দৃশ্য ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু দাবী কৰা হয় যে ক্ৰোধিত কৃষকৰ সৈতে অজয় দেৱগনৰ কাজিয়া লাগিছিল।
তেনেকুৱা এটা পোষ্ট এইটো: (সতৰ্কবানী: অশালীন শব্দ আছে)
Original Link- Facebook | Archived Link
আমি জানিব পাৰিলো যে ভাইৰেল হোৱা দাবীটো মিছা। এয়া অজয় দেৱগনক প্ৰহাৰ কৰা ভিডিঅ' নহয়।
সত্যতা নিৰূপন পদ্ধতি:
আমি এই কথা জানো যে এই মাহৰ আৰম্ভনীতে কৃষি আইনৰ বিৰোধত চলি থকা কৃষক বিদ্ৰোহ সন্দৰ্ভত অজয় দেৱগনে কৰা এটা টুইটৰ প্ৰতিবাদত মুম্বাইত তেওঁৰ গাড়ীখন এজন লোকে আৱদ্ধ কৰিছিল। Original Link- Free Press Journal
এইটো দাবীৰ সত্যাসত্য নিৰূপনৰ বাবে আমি অজয় দেৱগনৰ ছোচিয়েল মিডিয়া একাউন্টসমুহ পৰীক্ষা কৰিলো আৰু ২০২১চনৰ ২৯মাৰ্চত কৰা এটা পোষ্ট দেখিলো য'ত লিখা আছিল যে 'মোৰ দৰে দেখা কোনো' লোক সমস্যাত পৰিল। মই বহুজনৰ পৰা কুশল বাৰ্তাৰ বাবে ফোনকল লাভ কৰি আছো। নিশ্চিত কৰো যে মই ক'লৈকো যোৱা নাই, সকলো বাতৰি মিছা আৰু ভিত্তিহীন। হোলীৰ শুভকামনা!"
Some ‘doppelgänger’ of mine seems to have got into trouble.
— Ajay Devgn (@ajaydevgn) March 29, 2021
I’ve been getting concerned calls. Just clarifying, I’ve not traveled anywhere. All reports regarding me being in any brawl are baseless. Happy Holi
আমি মূল ভিডিঅ'টো বিচাৰিলো। গুগলত প্ৰাসংগিক শব্দৰে কৰা ছাৰ্চে আমাক ইণ্ডিয়া টুডে'ৰ এটা বাতৰিৰ সন্ধান দিলে।
বাতৰিটো অনুসৰি ২৭মাৰ্চত দিল্লীৰ এ'ৰোচিটীত দুটা গোটৰ মাজত সংঘাত লাগে। এখন গাড়ীয়ে আন এখন গাড়ীত খুন্দা মৰাৰ ফলত এই কাজিয়াৰ সুত্ৰপাত ঘটে। বাতৰিটোত সাংবাদিকজনে ক'তো এবাৰো অজয় দেৱগনৰ নাম উল্লেখ কৰা দেখা নগ'ল।
এনডিটিভিৰ বাতৰি মতে সেই ঘটনাটোত গ্ৰেপ্তাৰ কৰা দুজন হৈছে জনকপুৰীৰ তৰণজিৎ সিং(৩১) আৰু ছাওলা গাঁৱৰ নভীন কুমাৰ(২৯)।
শুকুৰবাৰে নিশা সিং আৰু কুমাৰে নিশাৰ আহাে গ্ৰহন কৰি আহি থকাৰ সময়ত তেওঁলোকৰ গাড়ীখনত আন এখন গাড়ী 'সামান্য' স্পৰ্শ কৰাৰ পিছত ঘটনাটো ঘটিছিল। আৰক্ষীৰ মতে তেওঁলোকে কাজিয়া আৰম্ভ কৰিছিল আৰু আন বহুকেইজন লোকে তেওঁলোকৰ লগ লাগে।
টাইমছ নাউৰ বাতৰি এটাৰ উত্তৰ দি আইজিআই বিমানবন্দৰৰ ডেপুটী কমিছনাৰ অৱ পুলিছে টুইট কৰি জানিবলৈ দিয়ে যে দিল্লীৰ এ'ৰোচিটীৰ সেই ঘটনাটো সন্দৰ্ভত আইনৰ নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে আইজিআই বিমানবন্দৰ আৰক্ষীয়ে। তদন্তৰ সময়ত দুয়োপক্ষৰে দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তদন্ত অব্যাহত আছে।
#NewsAlert | New Delhi: Brawl breaks out between two groups after a car collision near Aerocity.
— TIMES NOW (@TimesNow) March 27, 2021
Details by Nilashish. pic.twitter.com/M1qiRTLePm
আনহাতে অজয় দেৱগনে এই কথাক উৰাবাতৰি আখ্যা দি নস্যাৎ কৰিছে। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত অজয় দেৱগনৰ কাৰ্যালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভিডিঅ'ত দেখা মানুহজন অজয় দেৱগন নহয়। আমোদজনকভাৱে যোৱা ১৪মাহত অজয় দেৱগনে এবাৰো ৰাজধানী চহৰখনলৈ যোৱা নাই।
"২০২০চনৰ জানুৱাৰীত টানহাজী দ্য আনচাং ৱাৰিয়ৰ নামৰ চিনেমাখনৰ প্ৰচাৰৰ বাবে দিল্লীলৈ যোৱাৰ পিছৰে পৰা তেওঁ আৰু যোৱা নাই। গতিকে দিল্লীৰ পাব এখনৰ সমুখৰ তেওঁ কাজিয়াত লিপ্ত হোৱাৰ খবৰটো সম্পূৰ্ণ ভিত্তিহীন। আমি সংবাদ মাধ্যমক অনুৰোধ কৰো এটা কথা প্ৰকাশ কৰক যে বিগত ১৪মাহত অজয় দেৱগনে এবাৰো দিল্লীলৈ যোৱা নাই আৰু মুম্বাইত মইদান, মে'ডে' আৰু গংগুবাই কাথিৱাৰীত শ্বুটিঙত ব্যস্ত আছে। সকলো সংবাদ মাধ্যমকে যিকোনো কথা প্ৰকাশ কৰাৰ আগতে এবাৰ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনালো।" ডিএনলৈ অজয় দেৱগন অফিচৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিবৃতিত প্ৰকাশ। Original Link- DNA | Archived Link
ফলাফল:
গতিকে, এইটো নিশ্চিত যে দিল্লীৰ সেই ভিডিঅ'টোত অজয় দেৱগন নাই। আৰু তেওঁক কৃষকে প্ৰহাৰ কৰা কথাটো মিছা।
Title:এই ভিডিঅ'টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই
Fact Check By: Manjori BorkotokyResult: False