মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ’টো সন্দেশখালিৰ নহয়।

উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট […]

Continue Reading

জাপানৰ এই ভিডিঅ’সমূহ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কেইটামান বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’সমূহ জাপানৰ আৰু ইয়াত মুছলমান জেহাদীয়ে স্হানীয় লোকক আক্ৰমণ কৰা দেখা গৈছে।  ফেচবুকত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইউৰোপ আমেৰিকাৰ দেশ সমূহৰ পিছত এইবাৰ জাপানত মুছলমান জিহাদীৰ আক্ৰমণ।  জাপানৰ স্থানীয় নাগৰিকৰ লগত সংঘৰ্ষত লিপ্ত মুছলমান জিহাদী বোৰ। ভাৰতত মুছলমানৰ সাহস […]

Continue Reading

এই ভিডিঅ’টোত সঁচাকৈয়ে শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে এক শ্ৰেণীকোঠা সদৃশ পৰিবেশ আৰু তাত এজন ব্যক্তিয়ে প্ৰত্যেকৰে ওচৰলৈ গৈ প্ৰত্যেকৰে ডিঙিত এক তৰোৱাল সদৃশ অস্ত্ৰেৰে আঘাত কৰাৰ নিচিনা কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ট্ৰেনিং চেণ্টাৰ গল কাটিবলৈ  ট্ৰেনিং দি থকা হৈছে । আৰু আমাৰ মূৰ্খ হিন্দু সকলে বাবে অহিংসয় পৰম ধৰ্ম […]

Continue Reading

পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়। এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ হোৱাৰ […]

Continue Reading

এই ভিডিঅ’টো স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্যৰ নহয়।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত স্বামী বিবেকানন্দৰ চিকাগো ভাষণ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত স্বামী বিবেকানন্দৰ নিচিনা পোছাক পৰিহিত এজন ব্যক্তিয়ে ভাষণ আৰম্ভ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ দৃশ্যৰ। ভিডিঅ’টো ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে সেয়া স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্য হ‌য়নে? […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত সেই বিস্কুট তাত থকা ব্যক্তি এজনক দিছে। দাবী কৰা হৈছে যে কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মী এজনক দিছে। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। […]

Continue Reading

৫বছৰ পুৰণি ফটো মডেল পুনম পাণ্ডেৰ মৃতদেহ বুলি ব্যৱহাৰ কৰা হৈছে।

দেশৰ চৰ্চিত আৰু বহু সময়ত বিতৰ্কিত মডেল-অভিনেত্ৰী পুনম পাণ্ডেৰ ৩২ বছৰ বয়সত চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই চৌপাশে এক আশ্বৰ্যৰ বাতাবৰণ সৃষ্টি হয়। অনুৰাগীসকলে সেই কথা মানি ল’বলৈ টান পায় আৰু শোক প্ৰকাশ কৰে। সেই প্ৰেক্ষাপটতে মৃত্যুশয্যাত পুনম পাণ্ডে বুলি দাবী কৰি এখন ফটো ভাইৰেল হৈ পৰিছে। এগৰাকী […]

Continue Reading

জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল’বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে […]

Continue Reading