ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

মধ্য প্ৰদেশৰ ২০২২ চনৰ দৃশ্যকে নগাঁৱৰ ননৈত ওলোৱা বাঘৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত দুদিন পূৰ্বে বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। সেই প্ৰেক্ষাপটতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে সেই ভিডিঅ’টো ননৈৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা বাঘে হাবিৰ পৰা ৰাজপথলৈ উঠি আহিছে আৰু পথটোৰ এটা মুৰৰ […]

Continue Reading

২০১৭চনৰ চীনৰ দৃশ্য নগাঁৱৰ ননৈৰ বাঘৰ আক্ৰমণ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে? 

দুদিন পূৰ্বে অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যখনক জোকাৰি গৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। কিন্তু তাৰে মাজতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে ননৈৰ সেই বাঘৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সেইটো। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নীলা চোলা পৰিহিত লোক […]

Continue Reading

অযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে ২৫০০০ যজ্ঞকুণ্ড সাজু কৰি তোলা হৈছে নেকি সঁচাকৈ? 

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল। ভিডিঅ’টোত সহস্ৰ যজ্ঞকুণ্ড দেখা গৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে জানিব বিচাৰিছিল যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰ স্থাপনৰ বাবে সাজু কৰা ২৫০০০ যজ্ঞকুণ্ড হয় নেকি? Archived Link সেই ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে।  সেই একেটা ভিডিঅ’ আমি এক্স(পূৰ্বৰ টুইটাৰ)ত পালোঁ। তাতো একেই […]

Continue Reading

২০১১ চনৰে ভিডিঅ’ জাপানৰ শেহতীয়া চুনামীৰ বুলি শ্বেয়াৰ কৰা হৈছে।

সমগ্ৰ বিশ্বই নৱবৰ্ষৰ উদযাপনত আনন্দিত হৈ থকাৰ সময়তে জাপান দুখ আৰু চকুলোৰ মাজত ডুব গৈছিল। ২০২৪ চনৰ প্ৰথম দিনাই জাপানক ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইয়াৰ পাছত জাপানৰ প্ৰশাসনে উত্তৰ-পশ্চিম উপকূলীয় অঞ্চলত চুনামীৰ সতৰ্কবাণী জাৰি কৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ইছিকাৱা আৰু ইয়াৰ আশে-পাশে থকা প্ৰিফেকচাৰত সংঘটিত হৈছে এই ভূমিকম্প। সেইবাবেই নিগাটা আৰু […]

Continue Reading

ৰাম মন্দিৰ নিৰ্মান হ’লে কপিল চিবালে আত্মহত্যা কৰিব বুলি টুইট কৰিছিল নেকি সঁচাকৈ?

সম্প্ৰতি কপিল ছিবালৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ২০২০ চনৰ ২৯ জুলাইৰ এই টুইটটোত লিখা আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ পূৰ্বেই কপিল ছিবালে আত্মহত্যা কৰিব। বৰ্তমান ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কপিল ছিবালে এই কথা টুইট কৰিছিল আৰু এতিয়া তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিবলৈ তেওঁক সোঁৱৰাই দিয়াৰ সময় আহি […]

Continue Reading

অমিতাভ বচ্চন, অক্ষয় কুমাৰ,অৰ্ণৱ গোস্বামী আদিয়ে সঁচাকৈয়ে অনলাইন জুৱাৰ বাবে আহ্বান কৰিছেনে?

অতি শেহতীয়াকৈ আপোনালোকে হয়তো ফেচবুকত ইটো সিটো কথা চাই থাকোতে বহু সময়ত দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ অথবা কিংবদন্তি অভিনেতা অমিতাভ বচ্ছনৰ লগতে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰলৈকে এইসকল লোকে কিছুমান অনলাইন খেলৰ জৰিয়তে লক্ষ লক্ষ ধন লাভ কৰাৰ কথা কৈ বিজ্ঞাপন কৰা দেখিছে। তেওঁলোকে সেই নিৰ্দিষ্টি এপটোৰ জৰিয়তে কিদৰে ধন ঘটিব পাৰি সেই […]

Continue Reading

ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদৰোগো বৃদ্ধি পায় নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ LIVE TIME নামৰ এটা অসমৰ ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱাৰ কুফল সন্দৰ্ভত। তাত উল্লেখ কৰা অনুসৰি ঠাণ্ডাৰ দিনত গা ধুলে মানুহৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। একাধিক ৰোগ তথা বিসংগতিৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে।  ভিডিঅ’টোত তেওঁলোকে দাবী কৰিছে যে ঠাণ্ডা দিনত […]

Continue Reading

৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।  পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ […]

Continue Reading

পাকিস্তানৰ ইমামে ধৰ্মমূলক ভাষণ দি থাকোতেই ভাঙি পৰিছিল নেকি মঞ্চ? সত্যটো জানক।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে পাকিস্তানৰ এজন ইমামে এখন সভাত ধৰ্মমূলক ভাষণ দি থাকোতে মঞ্চখন ভাঙি পৰিছিল। ফেচবুকত পোষ্ট কৰি ব্যৱহাৰকাৰীয়ে লিখিছে- পাকিস্তানৰ এজন ইমামে কৈছিল যে তেওঁ সপোনত পাইছিল যে সকলো কাফেৰক নিঃশেষ কৰিব লাগিব। আৰু তেওঁ কয়, “যদি এইটো সঁচা নহয়, তেন্তে মোৰ তলত মাটি খহি যাওক,” আৰু চাওক […]

Continue Reading