ডিজিটেল এৰেষ্ট কি? কেনেকৈ আপোনাৰ কষ্টোপাৰ্জিত গাঁঠিৰ ধন হৰলুকি কৰে প্ৰৱঞ্চকে? ইয়াৰ পৰা বাচি থাকিবলৈ আপুনি কি কৰিব? জানক। 

শেহতীয়াভাবে অসমৰ বিভিন্ন লোক ডিজিটেল এৰেষ্টৰ কৱলত পৰা খবৰ পোৱা গৈছে। বিভিন্ন লোকলৈ প্ৰৱঞ্চকৰ ফোন আহিছে আৰু কিছুলোকৰ একাউণ্টৰ ধন হৰলুকি কৰিছে এই প্ৰৱঞ্চকসকলে। প্ৰথমে এটা অজ্ঞাত নম্বৰৰ পৰা ফোন আহে আৰু বিভিন্ন প্ৰলোভন, ভাবুকি অথবা আৱেগিক কথা কৈ অসচেতন লোকৰ পৰা ধন হৰলুকি কৰে এই প্ৰৱঞ্চক চক্ৰই। তেনেকুৱা প্ৰৱঞ্চনা সন্দৰ্ভত বিভিন্নজনে ফেচবুকত পোষ্ট দিয়া […]

Continue Reading

মস্কোৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল।  কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ […]

Continue Reading

কংগোৰ নাও দুৰ্ঘটনাৰ ভিডিঅ’ গোৱাৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে ফেচবুক হোৱাটছএপত।

শেহতীয়াভাবে অসমৰ ফেচবুক এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মাজ সাগৰত এখন জাহাজ ডুবি গৈছে। অসংখ্য যাত্ৰীৰে ভৰি থকা জাহাজখন আহি থাকোতে এফালে বাগৰি পৰি ডুবি যায়। সেই দুৰ্ঘটনাটো ভাৰতৰ গোৱাৰ বুলি দাবী কৰি ফেচবুক তথা কোনো কোনো লোকে হোৱাটছএপটো শ্বেয়াৰ কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে-গোৱাত শোকাৱহ দুৰ্ঘটনা । সাগৰত […]

Continue Reading

ভগৱান গণেশক পূজা কৰি থাকোতে পুৰোহিতজন হৃদৰোগত আক্ৰান্ত হোৱা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড। ভিডিঅ’টোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন পুৰোহিতে ভগবান গণেশৰ পূজা কৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ ঢলি পৰে আৰু কিছুক্ষণ পাছত ভগবান গণেশৰ ধ্বজাখন তেওঁৰ গাত পৰে আৰু তেওঁ সম্বিত ঘুৰাই পায়। সেইদৰেই ভগবান গণেশে তেওঁৰ প্ৰাণৰক্ষা কৰা বুলি এক দাবীৰে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰা […]

Continue Reading

ইজৰাইলৰ গেডেৰাৰ এখন ধ্বংসপ্ৰাপ্ত বিদ্যালয়ৰ ফটো ইজৰাইলৰে নেৱাটিম বিমানঘাটিৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ নেৱাটিম বিমানঘাটিত হোৱা বিমান আক্ৰমণৰ পাছৰ ফটো। পোষ্টটোত সেই ফটোখন নেৱাটিম বিমানঘাটি বুলি দাবী কৰি লিখিছে- ইৰাণৰ ভয়াবহ মিছাইল আক্ৰমণত ইজৰাইলৰ নেৱাতিম বিমানবন্দৰ সম্পূৰ্ণৰূপে ধ্বংস। যুদ্ধৰ বাবে সাজু কৰি ৰখা পাঁচখন অত্যাধুনিক এফ – ৩৫ বিমান জ্বলি ছাই হোৱা খবৰ। […]

Continue Reading

অন্ধ্ৰপ্ৰদেশৰ পুৰণি ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্য়োতি বৰ্মন হত্যাকাণ্ড বুলি অসমৰ হোৱাটছএপত ভাইৰেল।

২ অক্টোবৰ ২০২৪ বুধবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাটত এটা ঘটনা সংঘটিত হয়। খবৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ৰডেৰে মৰিয়াই হত্যা কৰে কোনো ট্ৰাক চালকে। তাৰ পাছতে বিয়লিৰ ভাগলৈ অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত ব্যৱহাৰকাৰীৰ হোৱাটছএপতো বিয়পি পৰা […]

Continue Reading

মহাত্মা গান্ধীৰ সম্পাদিত ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল।

যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীৰ বিভিন্ন ফটো ভাইৰেল হোৱা দেখা গৈছে। তেনে এখন ফটো আমাৰ দৃষ্টিগোচৰ হ’ল য’ত মহাত্মা গান্ধীক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ […]

Continue Reading

শ্বেইখ হাছিনাই দিল্লীত ৰন্ধা-বঢ়া কৰা দাবীটো অসত্য। ফটোখন প্ৰায় ৯ বছৰো অধিক কাল পুৰণি আৰু সেয়া বাংলাদেশৰ ফটো।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ এখন ফটো আপলোড কৰা হৈছে। ৰান্ধনীশালত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত তোলা ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে ফটোখন শেহতীয়া আৰু শ্বেইখ হাছিনাই এইদৰে ভাৰতৰ ৰাজধানী দিল্লীত খাদ্য প্ৰস্তুত কৰি আছে। লিখা হৈছে- দিল্লীত সুস্বাদু ব্যঞ্জন বনাই থকা অৱস্থাত।বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা। Facebook […]

Continue Reading

এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে সেই লিংকটোক ক্লিক কৰি […]

Continue Reading

TRAIৰ নামত ভুৱা ফোনকল আৰু চাইবাৰ অপৰাধ। আপোনাৰ কৰণীয় কি? জানক।

শেহতীয়াকৈ অসমৰ বিভিন্ন লোকলৈ বিভিন্ন নম্বৰৰ পৰা একোটা বিশেষ ফোন আহিছে, য’ত কোৱা হয় যে সেই নিৰ্দিষ্ট ব্যৱহাৰকাৰীগৰাকীৰ মোবাইল নম্বৰটো অচিৰেই বন্ধ কৰি দিয়া হ’ব। Telecom Regulatory Authority of India চমূকৈ TRAIৰ তৰফৰ পৰা কৰা বুলি দাবী কৰি সেই প্ৰী-ৰেকৰ্ডেড ফোনকলবোৰ আহে। বহুলোকে এনেকুৱা ফোনকল লাভ কৰিছে আৰু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃততে কি […]

Continue Reading