
সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা একধৰণৰ বৌদ্ধিক স্বত্ব ।
ফেচুকত প্ৰথমে লাইভ ছেভেন চিষ্টাৰ্ছ নামৰ এটা পেজত ১৮ নৱেম্বৰ, ২০১৯ তাৰিখে আবেলি ০৫:১৬ বজাত অসমৰ গামোচায়ে জি আই টেগ পালে বুলি শ্বেয়াৰ কৰা হৈছিল । উক্ত পোষ্টটো ভাইৰেল হৈ পৰিল আৰু এতিয়ালৈকে এহেজাৰতকৈ অধিকবাৰ শ্বেয়াৰ হৈছে ।
আচলতে অসমৰ গামোচাক ভৌগোলিক সূচাংক প্ৰদানৰ দাবীটো বহু পুৰণি । গতিকে অসমৰ গামোচায়ে বহু প্ৰত্যাশিত জি আই টেগ পালে বুলি অসমৰ মানুহ স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে । কিন্তু সঁচাকৈ অসমৰ গামোচায়ে জি আই টেগ পাবলৈ সক্ষম হৈছে নে? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমেই আমি বাতৰিটোৰ লগত সম্পৰ্ক থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে গামোচাক এতিয়াও জি আই টেগ প্ৰদান কৰা হোৱা নাই কিন্তু এয়াও হয় যে গামোচাক জি আই টেগ প্ৰদানৰ বাবে আবেদন কৰা হৈছে আৰু প্ৰক্ৰিয়াটো এতিয়াও সম্পূৰ্ণ হোৱা নাই । নৰ্থ ইষ্ট টুডে নামৰ নিউজ ৱেবছাইটটোত নৱেম্বৰ ১৯, ২০১৯ তাৰিখে প্ৰকাশ হোৱা ৰিপৰ্ট এটা পঢ়ি আমি এই বিষয়ে গম পালোঁ । বাতৰিটো পঢ়ক ইয়াত ।

নৰ্থ ইষ্ট টুডেৰ বাতৰিটোত আৰু উল্লেখ কৰা হৈছে যে জি আই ৰেজিষ্ট্রিৰ ওচৰত আবেদনখন গৈছে যদিয়ো আৰু তিনি মাহৰ পাছত হে গামোচাক জি আই টেগ প্ৰদান কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হব যদিহে কোনো পাৰ্টিৰ পৰা একো ওজৰ আপত্তি নাপায় ।
আমি আৰু অনুসন্ধান কৰি অসমীয়া বাতৰি কাকত নিয়মীয়া বাৰ্তাত এটা বাতৰি দেখিলোঁ য’ত স্পষ্টকৈ লিখা হৈছে যে অসমৰ গামোচাই এতিয়াও জি আই টেগ পোৱা নাই ।


বাতৰিটোত আৰু লিখা হৈছে যে চলিত লোকসভাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰশ্ন-উত্তৰ কালত সোধা এক প্ৰশ্নৰ বিভাগীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দিয়া উত্তৰত এই বিষয়ে স্পষ্ট হৈ পৰে । উত্তৰটোত স্পষ্টকৈ দিয়া আছে যে অসমৰ পৰা এতিয়ালৈকে অকল মুগা ছিল্কয়েহে জি আই টেগ পাইছে ।


বাতৰিটোত আৰু লিখা হৈছে যে যোৱা নৱেম্বৰ ১৯, ২০১৯ তাৰিখে অসমৰ বহুতো সংবাদ মাধ্যমে গামোচাক জি আই টেগ প্ৰদান কৰা হ’ল বুলি ভুলকৈ বাতৰি পৰিবেশন তথা প্ৰকাশ কৰিছিল ।
ফলাফল
গামোচাক এতিয়াও জি আই টেগ প্ৰদান কৰা হোৱা নাই বৰঞ্চ এইয়া এতিয়াও এক প্ৰক্ৰিয়াৰ মাজত আছে আৰু অসমবাসীয়ে এই ভাল খবৰৰ বাবে তিনিমাহ মান অপেক্ষা কৰিব লাগিব । গামোচাক জি আই টেগ প্ৰদান কৰা হ’ল বুলি প্ৰচাৰ হোৱা বাতৰিটো আংশিকভাৱে মিছা ।