ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ এইদৰেই সাগৰত পেলাই দিছে নেকি?

Coronavirus False International

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৯৫ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৬ লাখ মানুহ আক্রান্ত হৈ আছে । 

বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে ছয়হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ১৯৯ জনৰ মৃত্যু হৈছে । অসমতো ২৯জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে । 

এই সময়তে হোৱাটচ এপ্প আৰু ফেচবুকত লক ডাউন সম্পৰ্কীয় বিভিন্ন মেছেজ/ফটো/ভিডিঅ’ আদি বহুল ভাৱে শ্বেয়াৰ হৈছে আৰু অসমো এই ক্ষেত্ৰত পিছ পৰি থকা নাই । 

এনে এক ভিডিঅ’ হোৱাটচ এপ্পৰ যোগেদি অসমত ভাইৰেল হৈছে য’ত আমি কিছুমান মৃত্যুদেহ সাগৰৰ পাৰত পৰি থকা দেখিছোঁ আৰু অলপ পাছত কিছু মানুহ আহি উক্ত মৃতদেহবোৰ উদ্ধাৰ কৰা দেখিছোঁ । 

ভিডিঅ’টোৰ সৈতে দিয়া এক মেছেজত দাবী কৰা হৈছে যে কিছুমান দেশে ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ সাগৰত পেলাই দিছে । সেইবাবে সাগৰীয় মাছ আদি খোৱা বন্ধ কৰিব লাগে আৰু পৃথিৱীখন সঁচাকৈ শেষ হবলৈ গৈ আছে বুলি এই মেছেজটোত লিখা আছে । 

ভিডিঅ’টোৰ সত্যতা কি জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু উক্ত ভিডিঅ’টোৰ কেইবাটাও অনলাইন লিংক পালোঁ । আমি জানিব পাৰিলোঁ যে ভিডিঅ’টোত আচলতে আফ্ৰিকান প্ৰব্রজনকাৰী মেডিটেৰেনিয়ান সাগৰখন পাৰ হবলৈ লওঁতে মৃত্যুমুখত পৰা লোকসকলৰ মৃতদেহ দেখিবলৈ পোৱা গৈছে । 

dead body yt.png

আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু ইউৰ’নিউজত ২৮ আগষ্ট, ২০১৪ তাৰিখে এই বিষয়ে প্ৰকাশিত এক নিউজ ৰিপৰ্ট দেখিলোঁ । ইয়াত স্পষ্টকৈ লিখা আছে যে ভিডিঅ’টো লিব্যাৰ সাগৰৰ তীৰৰ হয় আৰু প্ৰব্রজনকাৰী দলৰ নাওঁ দুৰ্ঘটনাৰ ফলত এই মানুহবোৰ মৃত্যু মুখত পৰিল । 

dead body.png

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এতিয়ালৈকে ক’ৰনা ভাইৰাছ ৰোগৰ ফলত মৃত্য মুখত পৰা ব্যক্তিৰ মৃতদেহৰ পৰা নতুনকৈ মানুহলৈ সংক্ৰমণ হোৱা কোনো তথ্য নাই । কিন্তু খৰধৰকৈ এনে মৃতদেহ সৎকাৰও কৰিব নালাগে । বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰট’কলৰ বিষয়ে ইয়াত পঢ়ক । 

dead body 1.png

ইয়াৰ উপৰিয়ো ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ সাগৰত পেলাই দিছে বুলি আমি কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীৰ ৱেবচাইটত বাতৰি দেখা নাপালোঁ  । 

ফলাফল

উক্ত ভিডিঅ’টো বহু পুৰণি হয় আৰু ক’ৰনা ভাইৰাছ ৰোগৰ লগত কোনো সম্পৰ্ক নাই । এইটো আচলতে ২০১৪ চনত আফ্ৰিকান প্ৰব্রজনকাৰী কিছুমান মেডিটেৰেনিয়ান সাগৰখন পাৰ হবলৈ লওঁতে মৃত্যুমুখত পৰা পাছত ৰেকৰ্ড কৰা ভিডিঅ’ হয় ।

Avatar

Title:ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ এইদৰেই সাগৰত পেলাই দিছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *