
শেহতীয়াভাৱে বলিউডৰ অভিনেতা চেইফ আলী খানৰ ওপৰত দুৰ্বৃত্তই আক্ৰমন কৰা ঘটনাই সমগ্ৰ দেশকে স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত এই বিষয়ত বিভিন্ন আলোচনা দেখা পোৱা গৈছে। অসমৰ ফেচবুকতো এই ধৰণৰ আলোচনা পৰিলক্ষিত হৈছে। তাৰ মাজতে ১৭ জানুৱাৰী ২০২৪ত এগৰাকী ব্যৱহাৰকাৰীয়ে চেইফ আলী খানৰ এখন ফটো আপলোড কৰি সেয়া তেওঁক দুৰ্বৃত্তই আক্ৰমন কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। ফটোখনত চেইফ আলী খানৰ আঘাতপ্ৰাপ্ত মুখমণ্ডল দেখা গৈছে। লিখিছেঃ- বলীউড অভিনেতা ছইফ আলী খানক বেয়াকৈ পিটিলে দুৰ্বৃত্তয়। আমি মন কৰিছিলোঁ যে সেই পোষ্টটোত কমেণ্ট কৰা সৰহসংখ্যক ব্যৱহাৰকাৰীয়েই সেই ফটোখন চেইফ আলী খানক দুৰ্বৃত্তই আক্ৰমন কৰাৰ পাছৰ ফটো বুলি পতিয়ন গৈছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া সেই ফটোখন সংলগ্ন কেইবাটাও লিংক আমি লাভ কৰিলোঁ। বাতৰিৰ প্ৰতিবেদনৰ লগতে একাধিক টুইটো আমি লাভ কৰিলোঁ। টাইমছ অৱ ইণ্ডিয়াৰ টাইমছ এণ্টাৰটেইমেণ্ট শীতানত ২০১৯ চনৰ ৮ অক্টোবৰত চেইফ আলী খানৰ লাল কপ্টান চিনেমাখনৰ নিৰ্মাণ সম্পৰ্কত প্ৰস্তুত কৰা এক প্ৰতিবেদন লাভ কৰিলোঁ। তাত চিনেমাখনৰ নিৰ্মাতাই প্ৰকাশ কৰা কিছুমান ফটো সম্পৰ্কত এক ভিডিঅ’ও সংলগ্ন কৰা হৈছিল। তাতেই আমি সম্প্ৰতি অসমৰ ফেচবুকত ভাইৰেল হোৱা ফটোখন দেখা পালোঁ। জানিব পাৰিলোঁ যে সেই চিনেমাখনৰ বাবে অভিনেতাগৰাকীয়ে সেই ৰূপ ধাৰণ কৰিছিল।
২০১৯ চনৰ ৮ অক্টোবৰত প্ৰকাশিত আন এক প্ৰতিবেদনত লাল কপ্টান চিনেমাখনৰ বিহাণ্ড দ্য চিন ফটো হিচাপে সেই ফটোখন আমি দেখিলোঁ।
তদুপৰি ২০১৯ চনৰে ৭ অক্টোবৰত প্ৰকাশিত আন এক প্ৰতিবেদনত লাল কপ্টান চিনেমাখনৰ এক্সন চিকুৱেঞ্চ ৰূপায়ণ কৰাৰ অন্তত অভিনেতা চেইফ আলী খানৰ সেই ৰূপ বুলি প্ৰকাশ কৰা হৈছে।
কেৱল ইমানেই নহয়, ২০১৯চনৰ ৮ অক্টোবৰত Saif Ali Khan Online এ কৰা এটা টুইটতো সেয়া লাল কপ্টানৰ বিহাইণ্ড দ্য চিন ফটো বুলি উল্লেখ কৰা হৈছে।
আনহাতে BombayTimes ৰ তৰফৰ পৰাও সেয়া লাল কপ্টানৰ ফটো বুলি প্ৰকাশ কৰি টুইট কৰা হৈছিল।
এইসমুহ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুকত দুৰ্বৃত্তৰ আঘাতত আহত চেইফ আলী খানৰ ফটো বুলি দাবী কৰা সেই ফটোখন আচলতে ২০১৯ চনত চেইফ আলী খানে অভিনয় কৰা লাল কপ্টান চিনেমাখনৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বেলিকা অভিনেতাগৰাকীয়ে ধাৰণ কৰা ৰূপৰহে। সেয়া অতি শেহতীয়াকৈ দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা চেইফ আলী খানৰ ফটো নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ফটোখন ২০১৯ চনত চেইফ আলী খানে অভিনয় কৰা লাল কপ্টান চিনেমাত ৰূপায়ণ কৰা চৰিত্ৰটোৰহে। শেহতীয়াকৈ দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা ফটো নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৯ চনৰ লাল কপ্টান চিনেমাখনৰ ফটো এখনকে চেইফ আলী খানে দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা ফটো বুলি প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
