বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত আল-কাইডাই নতুন সংগঠন খোলা দৃশ্য। পোষ্টটোত লিখিছে- #বাংলাদেশত আৰম্ভ হৈছে #আল_কায়দা ৰ সংগঠন ..এয়া ভাৰতৰ অংগ  ৰাজ্য পশ্চিমবঙ্গ আৰু অসমৰ বাবে #অশনি_সংকেত

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdDdnmKr5IQmM_wI1eVKz9mUVfiq7va0BZYCZftDlJX2BtymYiR3bQiGODwY7nVK41Jv7mizejk_u8PUw4_RJFgqE8V3L9Ku3H-M58uEPcatGDghcljjv4L-yNRSOBUMfPFwYkD49Oy6GhpHowCN8L0zUiA?key=TZcg-N8XE4Ll_CyWw3_92IxY

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি কেইবাটাও বাতৰিৰ লিংক লাভ কৰিলোঁ। বহুকেইটা সংবাদ প্ৰতিস্থানে এক নিৰ্দিষ্ট অনুষ্ঠানৰ বাতৰি পৰিবেশন কৰি সেই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। সময় নামৰ সংবাদ প্ৰতিস্থানটোত বাংলাদেশৰ ৰাজধানী ঢাকাৰ চোহৰাৱাৰ্ডী উদ্যানত আয়োজিত বিভিন্ন ইছলামিক পণ্ডিত তথা শিক্ষাবিদৰ এক বিশাল সমাবেশ সম্পৰ্কীয় এক বাতৰি আমি লাভ কৰিলোঁ। সেই বাতৰিটোত এই ফটোখন ব্যৱহাৰ কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcL-g0uHH-CNuMLmovFLoJHLnKNfEUhJpzyRA9JMTceh_rXgiZ_KENjHt_3EU9_-ifWXC138b226qXoHY81AYaOUnElCRS6es4RkbgwEHK_ltLWjploQwxEKm4t1MjUlBjbkctiy7DPRhRrxwW78U9TPF2F?key=TZcg-N8XE4Ll_CyWw3_92IxY

আনহাতে ভোৰেৰ ডাক নামৰ সংবাদ প্ৰতিস্থানেও সেই একেটি অনুষ্ঠান সম্পৰ্কে পৰিবেশন কৰা বাতৰিত একেখন ফটোকে ব্যৱহাৰ কৰা আমি দেখা পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdeJgwXvJhl3OjEtBq3P-lsQBFIVyTMeA6aGwpSuhZlnJX9e10lQMWkrfazclD8TP74YdNKD1BjFPrEKi3PtB3th3oanCOYiIouyHXE7Q-hz9IS7HK-_JxBLioouHMuV4tQo1UYKOnhip4hi_ruwd2BxG-t?key=TZcg-N8XE4Ll_CyWw3_92IxY

ঠিকানা নামৰ সংবাদ প্ৰতিস্থানেও ইছলামিক ধৰ্মগুৰু তথা শিক্ষাবিদৰ সেই মহাসন্মিলন সম্পৰ্কে পৰিবেশন কৰা বাতৰিটোত সেইখন ফটো ব্যৱহাৰ কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd4Dw91lwKL_c_TB9V9nEduDsrj1liPWveWaUDLPiQ9Vs2orYqWVIIogMmTSK-sRyeUEtq3pF1Wa57lNmMx13ySkFyNza_XgjonxTZjN79tPULV7K8PhuiRtW400KKbnxa_Vnk4uWQp2BHh92lA-wTw9a5L?key=TZcg-N8XE4Ll_CyWw3_92IxY

একে প্ৰসংগতে ইট্টেফাক নামৰ প্ৰতিস্থানে কৰা বাতৰিটো ফটোখন দেখা গৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf9t9dtApPXpd2OdMwqj7aD25dBvoeURgYNb0fPACRAXak-lIueVWMrnuPvtPVMLxLxciPkRUoiWkPepdlxHNtJqzSgiRiZO9QXfTL4W3Nfm-eeBFVmDl2TIXJDbSEEDfOkPQ9G7uR5OUlczDUvdnipu3oc?key=TZcg-N8XE4Ll_CyWw3_92IxY

এই সন্মিলনখন সম্পৰ্কে ইউটিউৱত আমি এক ভিডিঅ’ বাতৰিও লাভ কৰিলোঁ। তাতো সেই ফটোখন দেখা পোৱা গৈছে। 

অনুৰূপ ধৰণৰ ইউটিউৱ ভিডিঅ’ ইয়াত আৰু ইয়াত চাব পাৰিব।

এইসমুহ তথ্য়ৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই ফটোখন বাংলাদেশৰ ৰাজধানী ঢাকাৰ চোহৰাৱাৰ্ডী উদ্যানত অলপতে আয়োজিত ইছলামিক ধৰ্মগুৰু তথা ইছলামিক শিক্ষাবিদৰ এক মহাসন্মিলনৰহে। সেই ফটোখনৰ আল-কাইদাৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফটোখন বাংলাদেশৰ ৰাজধানী ঢাকাৰ চোহৰাৱাৰ্ডী উদ্যানত অলপতে আয়োজিত ইছলামিক ধৰ্মগুৰু তথা ইছলামিক শিক্ষাবিদৰ এক মহাসন্মিলনৰহে। সেই ফটোখনৰ আল-কাইদাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *