
শেহতীয়াভাবে অসমত এখন বিশেষ ফটো প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজত ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে সেইখন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা ঘৰ।
কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি সেই সন্দৰ্ভত প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ আৰু ফেচবুকত এটা পুৰণি পোষ্ট পালোঁ। তাত লিখা হৈছিল – “২০ জুনৰ আশে পাশে ফেচবুকৰ ৱালে ৱালে বিয়পি পৰা “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ” বুলি কোৱা এই ঘৰটো প্ৰকৃততেই কলাগুৰুৰ ঘৰ হয় নে?
.
এই সন্দৰ্ভত বিষ্ণুৰাভাৰ দ্বিতীয় পুত্ৰ শ্ৰদ্ধাৰ Hemraj Rava দেৱে তিনিবছৰমানৰ আগেয়েই এক ফেচবুক পোষ্ট যোগে ৰাইজক স্পষ্টকৈ জনাইছিল যে বিষ্ণুৰাভাৰ বাসগৃহৰ দুৰৱস্থা বুলি প্ৰচাৰ চলাই থকা গৃহটো বিষ্ণুৰাভাৰ ককায়েক প্ৰয়াত গোপাল ৰাভাৰহে ।
অন্যহাতে, হেমৰাজ ৰাভাদেৱে কোৱা মতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা থাকে বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহটোত। আৰু বিষ্ণুৰাভাৰ কোঠাতেই ৰাভাদেৱে ব্যৱহাৰ কৰা সকলো সামগ্ৰীসমূহ ৰখা হৈছে।
.
অভিনেতা, পৰিচালক শ্ৰদ্ধাৰ Manoj Saikia দেৱে কালি এই ঘৰটো কলাগুৰুৰ ঘৰ হয়নে নিশ্চয়তা বিচাৰি এটা পোষ্ট দিছিল। গতিকে, মই অৱগত হোৱা কথাখিনি জনোৱাৰ প্ৰয়োজনবোধ কৰিলোঁ।”
তাৰ পাছত আমি অসমৰ জনপ্ৰিয় পৰিচালক মনোজ শইকীয়াৰ ফেচবুক পোষ্টটোও বিচাৰি পালোঁ। ইয়াৰ পাছতেই আমি সিদ্ধান্ত ল’লোঁ সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ সৈতে যোগাযোগ কৰাৰ। ফোনযোগে তেখেতৰ সৈতে যোগাযোগ কৰাত তেখেতে পোনচাতেই নাকচ কৰে যে সেইটো বিষ্ণু প্ৰসাদ ৰাভাৰ ঘৰ। তেখেতে জানিবলৈ দিয়ে যে অসমৰ অন্যতম যুগস্ৰষ্টা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল তদানীন্তন অবিভক্ত ভাৰতবৰ্ষৰ ঢাকাত। তেখেতৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা চাকৰিসূত্ৰে ঢাকাত থকা কাৰণে বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম তাত হৈছিল। গোপাল চন্দ্ৰ ৰাভাৰ মূল ঘৰ বৰ্তমানৰ ৰাণীত আছিল যদিও তেখেতে স্থানী বসতি কৰিছিল বৰ্তমানৰ তেজপুৰত। কিন্তু পৰৱৰ্তী সময়ত কলাগুৰু বৰ্তমানৰ অসমলৈ আহে যদিও স্বাধীনতা সংগ্ৰামৰ সৈতে জৰিত হৈ থকা হেতু নিজৰ জীৱনৰ সৰহ সময় অসমৰ বিভিন্ন প্ৰান্তত অতিবাহিত কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তত দিন কটাই নিজৰ সংগ্ৰামৰ লগতে সৃষ্টিশীল জীৱনটোও সমান্তৰালভাৱে অব্যহাত ৰাখিছিল। কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গই আক্ষেপেৰে কয় যে যিটো ঘৰ কোনোপধ্যেই কলাগুৰুৰ নহয়, সেই ঘৰটোৱেই প্ৰতিবছৰে ২০ জুনৰ আশেপাশে সামাজিক মাধ্যমত প্ৰচাৰ কৰা হয়। পৰিয়ালবৰ্গই ইয়াকো কয় যে বিধায়ক হৈ থকা সময়ত কলাগুৰুৱে বেংকৰ পৰা ঋণ লৈ এটা ঘৰ সাজিছিল নিজৰ পৰিয়ালৰ কাৰণে। সেই ঘৰটোতেই বৰ্তমান বিষ্ণুপ্ৰদাদ ৰাভাৰ পৰিয়ালে বসবাস কৰে। কিন্তু সামাজিক মাধ্যমত ভাইৰেল হোৱা ঘৰটো এটা ডেৰশ বছৰ পুৰণি ঘৰ হিচাপে তেওঁলোকে সন্মানৰ দৃষ্টিৰে চাই সেইটো সংৰক্ষণৰ পোষকতা হে কৰে। কিন্তু সেইটো কলাগুৰুৰ ঘৰ নহয়। সেইটো তেখেতৰ ভাতৃ গোপাল ৰাভাৰ হে ঘৰ। বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়লবৰ্গই আমালৈ তেখেতৰ নিজৰ ঘৰখনৰ কিছু আলোকচিত্ৰ প্ৰেৰণ কৰে। পৰিয়ালবৰ্গৰ সূত্ৰত প্ৰকাশ যে ওপৰোক্ত ঘৰটোৱেই বিষ্ণু প্ৰসাদ ৰাভাই বেংকৰ ঋণ লৈ নিৰ্মান কৰিছিল নিজৰ পৰিয়ালটোৰ বাবে। এইখিনিতে উল্লেখযোগ্য যে ঋণ পৰিশোধ কৰিব নোৱাৰাত একাধিকবাৰ বেংকৰ পৰা জাননী লাভ কৰাত,সেই কথা জানিব পাৰি তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই ৰাজধানী শ্বিলঙলৈ ফোন কৰি সেই সমস্যাৰ সমাধান কৰে আৰু চৰকাৰী উদ্যোগত সেই ঋণ পৰিশোধ কৰা হয় আৰু ঘৰটো বিষ্ণু প্ৰসাদ ৰাভাৰ নিগাজি হয়।
ইয়াৰ লগতে আমাৰ অনুৰোধত কলাগুৰুৰ পৰিয়ালে বিতৰ্কিত আৰু বহু চৰ্চিত ঘৰটোৰ অন্য এটা স্থানৰ পৰা লোৱা বৰ্তমানৰ এখন আলোকচিত্ৰও আমালৈ প্ৰেৰণ কৰে।
এই সমস্ত তথ্যৰ পৰা এটা কথা সত্য হিচাপে প্ৰতিপন্ন হয় যে যিটো ফটো বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা ঘৰ বুলি প্ৰচাৰ কৰা হৈছে সেয়া মিছা। কাৰণ বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল বৰ্তমানৰ বংলাদেশৰ ৰাজধানী তথা সেই সময়ৰ ভাৰতৰ এখন চহৰ ঢাকাত। আৰু ভাইৰেল হোৱা ঘৰটো তেওঁক ককায়েক গোলাপ ৰাভাৰ হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল বৰ্তমানৰ বংলাদেশৰ ৰাজধানী তথা সেই সময়ৰ ভাৰতৰ এখন চহৰ ঢাকাত। আৰু ভাইৰেল হোৱা ঘৰটো তেওঁক ককায়েক গোলাপ ৰাভাৰ হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোত দেখা ঘৰটো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা ঘৰ নহয়, সেইটো গোলাপ ৰাভাৰ হে ঘৰ।
Fact Check By: Pranjal SharmaResult: False
