
শেহতীয়াকৈ এজন লোকে হাতেৰে খোজকাঢ়ি যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি ব্যক্তিজনে অযোধ্যালৈ যাত্ৰা কৰিছে।
ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা এজন ভক্তৰ”।
এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব।
কিন্তু সঁচাকৈয়ে এই ব্যক্তিজনে অযোধ্যালৈ যাত্ৰা কৰিছিলনে?
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ৰমন ৰাহী আৰু SPG BHARAT নামৰ ইউটিউব চেনেলত আপলোড কৰা একেধৰণৰ ভিডিঅ’ পালোঁ। তাত দিয়া তথ্য অনুসৰি এই ব্যক্তিজন হ’ল বিহাৰৰ ছাহাৰছাৰ নিহাল সিং। তেওঁ বিহাৰৰ চুলতানগঞ্জৰপৰা পানী লৈ ঝাৰখণ্ডৰ দেওঘৰ হৈ বাসুকীনাথ ধামলৈ যাত্ৰা কৰিছে। তেওঁ দিয়া সাক্ষাৎকাৰ অনুসৰি তেওঁ যোৱা ৪ জুলাইৰ পৰা এই যাত্ৰা কৰি আছে।
লাভ কৰা তথ্যৰ সহায়ত আগবাঢ়ি গৈ, ইয়াৰ সৈতে জড়িত বাতৰিৰ প্ৰতিবেদন বিচাৰি ইটিভি ভাৰতৰ ৱেবছাইটত আমি এই খবৰটো পাইছিলোঁ ২০২৩ চনৰ ১৬ জুলাই তাৰিখে। যাৰ মতে ছহাৰছা বাসিন্দা নিহাল সিঙে শাওনত বৃশ্চিক দৰে হৈ দেওঘৰ হৈ বাসুকীধামলৈ গৈ আছিল। বাতৰিৰ লগতে নিহাল সিঙৰ বৃশ্চিকৰ দৰে যাত্ৰাৰ ভিডিঅ’ও উপলব্ধ।
এই সম্পৰ্কে প্ৰতিবেদন অমৰ উজালাৰ ৱেবছাইটত ২০২৩ চনৰ ১৫ জুলাই তাৰিখে প্ৰকাশ কৰা হৈছিল।
তাৰপিছত আমি ইউটিউবৰ পৰা তেওঁৰ নম্বৰ চাৰ্চ কৰি ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত তথ্য পালোঁ, য’ত ভাইৰেল দাবীটো তেওঁ ফোনযোগে খণ্ডন কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে এইটো এটা ভুৱা দাবী। তেওঁ কয় যে আচলতে তেওঁ খোজকাঢ়ি বাসুকীনাথ মন্দিৰলৈ গৈ আছিল। যোৱা বছৰৰ জুলাই মাহৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই যাত্ৰা আৰু দুমাহলৈ চলিব। বৰ্তমান তেওঁ অযোধ্যালৈ নহয় বাসুকীনাথ ভ্ৰমণত আছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ’টোৰ অযোধ্যাৰ ৰাম মন্দিৰৰ সৈতে কোনো সম্পৰ্ক নাই। ভিডিঅ’টোত দেখুওৱা ব্যক্তিজনৰ নাম নিহাল সিং আৰু তেওঁৰ বাসুকীনাথলৈ যাত্ৰা কৰি আছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টোত ব্যক্তিজনে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কৰি থকা নাই।
Written By: Debanjana BaishyaResult: False
