
সম্প্ৰতি কপিল ছিবালৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ২০২০ চনৰ ২৯ জুলাইৰ এই টুইটটোত লিখা আছিল যে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হোৱাৰ পূৰ্বেই কপিল ছিবালে আত্মহত্যা কৰিব। বৰ্তমান ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কপিল ছিবালে এই কথা টুইট কৰিছিল আৰু এতিয়া তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিবলৈ তেওঁক সোঁৱৰাই দিয়াৰ সময় আহি পৰিছে।
কিন্তু ফেক্ট ক্ৰেচেণ্ডোৱে এই দাবীক মিছা আৰু ভিত্তিহীন বুলি বিবেচনা কৰিছিল। জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে এনে কোনো বক্তব্য প্ৰকাশ কৰা নাছিল। এই টুইটটো অনলাইন টুইট জেনেৰেটৰ সঁজুলি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এই সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি তাৰ সত্যতা জানিব বিচাৰিছিল।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমতে আমি টুইটৰ স্ক্ৰীণশ্বট লোৱা টুইটাৰ একাউণ্টটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলোঁ। টুইটাৰত সন্ধান কৰাৰ পিছত আমি @kapilsibal নামৰ ব্যৱহাৰকাৰী নামৰ একেটা একাউণ্টটো বিচাৰি নাপালোঁ৷ ইয়াৰ ফলত একাউণ্টটোৰ বিশ্বাসযোগ্যতা আৰু টুইটটোৰ ওপৰত আমাৰ সন্দেহ বৃদ্ধি হ’ল।
ইয়াৰ পাছত আমি দেখিলোঁ যে অধিবক্তা কপিল ছিবালৰ প্ৰকৃত টুইটাৰ একাউণ্টত এটা বেলেগ ইউজাৰনেমত আছে। সেয়া হৈছে @KapilSibal
ওপৰৰ কথাখিনিৰ পৰা আমি গম পালোঁ যে টুইটটোৰ ভাইৰেল স্ক্ৰীণশ্বট কপিল ছিবালৰ মূল একাউণ্টৰ পৰা অহা নাছিল। তলত আপুনি পাৰ্থক্যটো চাব পাৰিব।

২০২০ চনৰ ২৭ জুলাইৰ পৰা ২০২০ চনৰ ৩১ জুলাইলৈকে কপিল ছিবালৰ টুইটবোৰো আমি বিচাৰি চাওঁ। কিন্তু, সেই সময়ছোৱাত তেওঁৰ পৰা কোনো টুইট পোৱা নাছিলোঁ য’ত তেওঁ ৰাম মন্দিৰ বা তেওঁৰ আত্মহত্যাৰ কথা উল্লেখ কৰিছিল। এই সময়ছোৱাত তেওঁ দুটা টুইট কৰিছিল যি দুটা তলত চাব পাৰিব।

আমাৰ অধিক অনুসন্ধানত আমি তেওঁ ডিলিট কৰা টুইটবোৰৰ আৰ্কাইভ চাবলৈ চেষ্টা কৰিলোঁ। দাবীত উল্লেখ কৰা ধৰণে তেওঁৰ দ্বাৰা পোষ্ট কৰা এনে কোনো টুইট আমি তাত পোৱা নাছিলো।
আমি আমাৰ পাঠকসকলক জনাই দিব বিচাৰো যে ইণ্টাৰনেটত একাধিক চাইট উপলব্ধ যিবোৰে যিকোনো ব্যক্তিৰ নামত ভুৱা টুইট সৃষ্টি কৰাত সহায় কৰে। ভাইৰেল স্ক্ৰীণশ্বটত উল্লেখ কৰা টুইটাৰ একাউণ্টৰ অস্তিত্ব নথকাৰ বাবে এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে কপিল ছিবালৰ আত্মহত্যাৰ বিষয়ে কৰা টুইটটো ভুৱা টুইট জেনেৰেটৰ ৱেবছাইটবোৰৰ ভিতৰত কোনো এটা ৱেবছাইটৰ দ্বাৰা সৃষ্টি কৰা হৈছে।
ৰাম মন্দিৰক লৈ কপিল ছিবালৰ মতামত কি আছিল?
প্ৰাসংগিক কী-ৱৰ্ড অনুসন্ধানৰ ফলত ২০১৭ চনত জি নিউজৰ ৱেবছাইটত প্ৰকাশিত এটা লেখা পোৱা গ’ল। সেই প্ৰতিবেদন অনুসৰি কপিল ছিবালে স্পষ্ট কৰি দিছিল যে তেওঁ নিজেই কেতিয়াও ৱাকফ ব’ৰ্ডৰ অধিবক্তা হোৱা নাছিল। ইয়াৰ উপৰিও তেওঁ লগতে কয় যে ভগৱান ৰামে ইচ্ছা কৰিলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ’ব।

ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল হোৱা টুইটাৰ একাউণ্টটোৰ কোনো অস্তিত্ব নাই। ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বে কপিল ছিবালৰ আত্মহত্যাৰ বিষয়ে কৰা টুইটটো ভুৱা টুইট জেনেৰেটৰ ৱেবছাইট ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৰাম মন্দিৰ নিৰ্মান হ’লে কপিল চিবালে আত্মহত্যা কৰিব বুলি টুইট কৰিছিল নেকি সঁচাকৈ?
Written By: Pranjal SharmaResult: False
