মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা ঘোষণা প্ৰসংগ সংগতিহীন কেপশ্বনেৰে ভাইৰেল হৈছে।

Missing Context Social

অলপতে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা বাতৰি এই কেপশ্বনেৰে- “৪৫০ টকাতে এতিয়াৰে পৰা উপলব্ধ হ’ব ৰন্ধন গেছ। ৰাখী পূৰ্ণিমা উপলক্ষে ১ কোটি মহিলাৰ একাউণ্টত সোমাব চৰকাৰৰ ধন”।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো ভালদৰে চালোঁ, তেতিয়া আমি ভিডিঅ’টোৰ ১ মিনিট ৬ ছেকেণ্ডত ‘মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনৰ মহিলাক দিছে এই উপহাৰ’ বুলি লিখা থকা দেখিলোঁ লগতে বাতৰি পৰিৱেশকগৰাকীয়েও কোৱা শুনিলো। 

আগবাঢ়ি গৈ ভিডিঅ’টোৰ ৩ মিনিট আঠ ছেকেণ্ডত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এখন সভাত ভাষণ প্ৰদান কৰা দেখা গ’ল য’ত তেওঁ কৈছিল এইবুলি “ৰন্ধন গেছ ৪৫০ টকাত তোমালোকৰ ভায়ে দিব আৰু তাৰপিছত স্থায়ী ব্যৱস্থা কৰিম যাতে দামী গেছে সমস্যাৰ সৃষ্টি নকৰে।” তদুপৰি বিদ্যুতৰ মূল্যবৃদ্ধি ৰোধ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। দুখীয়া মহিলাসকলৰ বিদ্যুতৰ মাছুল প্ৰতিমাহে ১০০ টকা কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে।

এই আঁচনিৰ নাম হ’ল লাডলী বেহনা।

এই সম্পৰ্কে অধিক জানিবলৈ আমি গুগলত কীৱ’ৰ্ড চাৰ্চ কৰি দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন পালোঁ। তাত এই আঁচনিৰ বিষয়ে বিষদভাৱে লিখা আছিল।

এই সম্পৰ্কে আৰু এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ কেপশ্বনটো প্ৰসংগ সংগতিহীন। ভিডিঅ’টোত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘোষণা কৰা লাডলী বেহনা আঁচনিৰ কথাহে উল্লেখ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা ঘোষণা প্ৰসংগ সংগতিহীন কেপশ্বনেৰে ভাইৰেল হৈছে।

Written By: Factcrescendo Team 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *