
যোৱা কেইবছৰমানৰ পৰা আমাৰ দেশৰ একাংশ লোকে দেশৰ নাম ইণ্ডিয়াৰ(INDIA)ৰ পৰা ভাৰতলৈ সলনি কৰাৰ দাবী উত্থাপন কৰি আহিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে আমাৰ সংবিধানত ভাৰত আৰু ইণ্ডিয়া(INDIA) দুয়োটা নাম উল্লেখ কৰা হৈছে। পাছত এই সম্পৰ্কীয় গোচৰটো খাৰিজ কৰা হয়।
শেহতীয়া ভাৱে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে যে অক্সফ’ৰ্ড অভিধানে INDIAN(ভাৰতীয়) শব্দৰ অৰ্থ পুৰণিকলীয়া আৰু অপৰাধী বুলি সংজ্ঞায়িত কৰিছে বুলি দাবী কৰা হৈছে ।
এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে INDIAN শব্দটোৰ অৰ্থ অবৈধ সন্তান বুলি দাবী কৰিছে। সেইবাবেই ব্ৰিটিছে চিনেমা হল আৰু বহু ৰাজহুৱা স্থানত ‘কুকুৰ আৰু ভাৰতীয়ৰ অনুমতি নাই’ বুলি লিখিছিল বুলি উল্লেখ কৰিছে ফেচবুক পোষ্টটোত।
পুৰণি অক্সফৰ্ড অভিধানতো ৭৮৯ নং পৃষ্ঠাত ইণ্ডিয়ান(INDIAN)ৰ প্ৰতিশব্দ Old fashioned আৰু criminal peoples বুলি উল্লেখ কৰা হৈছিল বুলি পোষ্টটোত কোৱা হৈছে। ইণ্ডিয়ান মানে সেইসকল বুলিও উল্লেখ কৰা হৈছিল, যাৰ পিতৃ-মাতৃয়ে গীৰ্জাত বিয়া পতা নাছিল। এনে শিশুক অবৈধ সন্তান বুলিও গণ্য কৰা হয়।

কিন্তু সঁচাকৈয়ে অক্সফ’ৰ্ড অভিধানে INDIAN মানে পুৰণিকলীয়া আৰু অপৰাধী বুলি কৈছেনে? এয়া সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি গুগলত সন্ধান কৰি এটা ৱেবছাইটত অক্সফৰ্ড অভিধানখন পাইছিলোঁ। কিন্তু অভিধানখনৰ ৭৮৯ নং পৃষ্ঠাত আমি INDIA বা INDIAN শব্দটো পোৱা নাছিলো।
তাৰ পাছত আমি ১৯৩৪ চনত প্ৰকাশিত অক্সফৰ্ড অভিধানৰ সংস্কৰণটো বিচাৰিলোঁ। এই সংস্কৰণতো আমি ৭৮৯ নং পৃষ্ঠাত উল্লেখ কৰা ধৰণে INDIA শব্দটো নাপালোঁ। এই পৃষ্ঠাত ‘অ’ৰে আৰম্ভ হোৱা শব্দৰ প্ৰতিশব্দহে উল্লেখ কৰা হৈছিল।

আমি দেখিলোঁ যে INDIA আৰু INDIAN শব্দৰ অৰ্থ ৫৮০ নং পৃষ্ঠাত উল্লেখ কৰা হৈছে। অভিধানখনত INDIAৰ অৰ্থ দিয়া হৈছে – এছিয়া মহাদেশৰ এখন দেশ যিখন সিন্ধু নদীৰ পূব দিশত আৰু হিমালয় পৰ্বতমালাৰ দক্ষিণ দিশত অৱস্থিত ।
আনহাতে অভিধানখনত INDIAN শব্দটোৰ অৰ্থ হ’ল – আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ মূল বাসিন্দা। ব্ৰিটানিকাৰ ৱেবছাইটতো উল্লেখ আছে যে আমেৰিকাৰ আদিবাসীসকলক INDIAN বুলি কোৱা হৈছিল । কাৰণ ক্রিষ্টোফাৰ কলম্বাছে বাৰে বাৰে ভুলকৈ বিশ্বাস কৰিছিল যে তেওঁ দক্ষিণ এছিয়াত উপনীত হৈছে৷ নিজকে শুদ্ধ বুলি ভাবি তেওঁ তাত থকা মানুহবোৰক ইণ্ডোজ(INDOS) বুলি ক’বলৈ ধৰিলে। (ইণ্ডোজ মানে সিন্ধু উপত্যকাৰ মানুহ)

আমি এইটোও দেখিলোঁ যে অক্সফৰ্ড অভিধানৰ আন এটা ৱেবছাইটতো INDIANক আমেৰিকাৰ থলুৱা জাতিৰ পুৰণি আৰু কেতিয়াবা আক্ৰমনাত্মক বুলি উল্লেখ কৰা হৈছে।

ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে ফেচবুক পোষ্টটোৰ দ্বাৰা উত্থাপন কৰা এই দাবী বিভ্ৰান্তিকৰ। কিন্তু এইটো সঁচা যে অক্সফ’ৰ্ড অভিধানত INDIANক পুৰণিকালীয়া আৰু অপৰাধী বুলি অভিহিত কৰা হৈছিল, কিন্তু ইয়াত আমাৰ দেশ ভাৰতবৰ্ষ বা আমি ভাৰতীয়সকলৰ উল্লেখ কৰা হোৱা নাছিল। অভিধানখনে দিয়া প্ৰতিশব্দটোৱে INDIAN মানে আফ্ৰিকাৰ নেটিভ আমেৰিকান জাতিক হে বুজাইছিল ৷
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অক্সফ’ৰ্ড অভিধানে ভাৰতীয়সকলৰ পুৰণিকলীয় আৰু অপৰাধী বুলি উল্লেখ কৰিছে নেকি? সত্যটো কি?
Written By: Pranjal SharmaResult: Misleading
