
অলপতে এটা ভিডিঅ’ আমাৰ হোৱাটচএপ নম্বৰলৈ ফ’ৰৱাৰ্ড কৰা হৈছিল। “তামিলনাডুৰ চেন্নাইত কি ঘটনা ঘটি আছে” – এইদৰে আমালৈ ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে তিনিজন মাস্ক পৰিহিত মানুহে এজন ব্যক্তিক আক্ৰমণ কৰিছে আৰু ব্যক্তিজন দৌৰি পলাইছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে মূল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰিলোঁ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিবলৈ। ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি কিছু তথ্য পালোঁ। আমি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে “টাইমছ অফ ইণ্ডিয়া”ত প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ য’ত লিখা আছিল যে দিন দুপৰতে কইম্বাটুৰত দুজন ব্যক্তিক নিৰ্মমভাৱে আক্ৰমণ কৰা হয়। পাঁচজনীয়া এটা দলে আক্ৰমণ কৰে ব্যক্তি দুজনক। এই ঘটনাত এজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত হয়। সমগ্ৰ ঘটনাটো কেমেৰাত ধৰা পৰে। সেই প্ৰতিবেদনত সংলগ্ন ভিডিঅ’টো আছিল আমালৈ অহা ভিডিঅ’টোৰ সৈতে সাইলাখ একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি নিউজব্ৰিক্ছ নামৰ ৱেবচাইট এটাত এক প্ৰতিবেদন পালোঁ।

প্ৰতিবেদনত কোৱা হৈছে যে চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত দণ্ডাধীশ আদালতৰ সমীপৰ কইম্বাটুৰত এই কাণ্ড সংঘটিত হৈছিল। ২২ বছৰীয়া এজন অভিযুক্ত গোপালক হত্যাৰ বিচাৰত হাজিৰ হ’বলৈ আদালতলৈ যোৱাৰ পথত একাংশ লোকে আক্ৰমণ কৰি হত্যা কৰে। গোপালৰ বন্ধু মনোজকো আক্ৰমণ কৰি আহত কৰে দুৰ্বৃত্তই। কাঁচিৰে আঘাত কৰা মনোজৰ মূৰ আৰু হাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
এই সম্পৰ্কে আৰু প্ৰতিবেদন ইয়াত পঢ়িব পাৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে এই ভিডিঅ’টো তামিলনাডুৰ চেন্নাইৰ নহয় বৰং কইম্বাটুৰৰহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
