
শেহতীয়াকৈ বিবিচি নিউজৰ টুইটাৰৰ এটা স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে য’ত বলীউডৰ অভিনেতা শ্বাহৰুখ খানে পাকিস্তানক দ্বিতীয় ঘৰ বুলি অভিহিত কৰি ঘোষণা কৰিছে যে তেওঁৰ ছবি ‘পাঠান’ৰ প্ৰথম দিনাৰ পৰা পোৱা ধন পাকিস্তানী এন জি অ’ক প্ৰদান কৰা হ’ব।
জন আব্ৰাহাম আৰু দীপিকা পাডুকনে শ্বাহৰুখ খানৰ এই সিদ্ধান্তক সমৰ্থন কৰি “বয়ক’ট গেঙ”ৰ প্ৰতি তেওঁলোকৰ কোনো ভয় নাই বুলি কোৱা বুলিও উল্লেখ কৰা হৈছে।

আমি একেটা পোষ্টকে আন ফেচবুক একাউণ্টতো ভাইৰেল হোৱা দেখিলোঁ। পোষ্টটোত লিখা আছে যে তেওঁলোকে আমাৰ দেশৰপৰা খাইছে কিন্তু পাকিস্তানক সহায় কৰিছে। পাঠান বৰ্জন কৰক।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে বিভিন্ন কীৱৰ্ড চাৰ্চ কৰি চালোঁ যে শ্বাহৰুখ খানে সঁচাকৈয়ে ‘পাঠান’ ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন পাকিস্তানৰ এটা সংস্থাক দান কৰিব বুলি কৈছিল নেকি। কিন্তু ভাইৰেল পোষ্টটো নিশ্চিত কৰিব পৰা কোনো খবৰ আমি নাপালোঁ।
ইয়াৰ পিছত আমি বিবিচি হিন্দী নিউজৰ টুইটাৰত বিচাৰিলোঁ। আমি এনে কোনো টুইট বিচাৰি নাপালোঁ।
আমি BBC News ৰ এটা টুইট পাইছিলোঁ যিটো ১৫ ডিচেম্বৰত পোষ্ট কৰা হৈছিল পোষ্টটো শ্বাহৰুখ খানৰ সৈতে জড়িত এটা টুইট আছিল যিটো ৭:৫৩ বজাত কৰা হৈছিল, কিন্তু ভাইৰেল পোষ্টটো ৭:১৭ বজাত পোষ্ট কৰা হৈছিল। টুইটত লিখা হৈছে, ‘পাঠান ছবিখনৰ গীতক লৈ হোৱা বিতৰ্কত ছ’চিয়েল মিডিয়াৰ দাবী ধ্বংসাত্মক বুলি শ্বাহৰুখে কয়।’
ভাইৰেল টুইটটো ভালদৰে চোৱাৰ পিছত আমি দেখিলোঁ যে ইয়াত লিখা আছে ‘Twitter for oak satire’।
বিবিচিৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ টুইট আৰু পোষ্টত শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটৰ বিশ্লেষণত ভাইৰেল টুইটটো ভুৱা বুলি প্ৰমাণিত হৈছে।
ভাইৰেল পোষ্টটোত Twitter for oak satire বুলি লিখা আছিল, কিন্তু বিবিচিৰ মূল টুইটত তেনে কৰা হোৱা নাছিল।

তাৰ পিছত আমি Oak Satire ৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া একাউণ্ট বিচাৰিলোঁ ৷ ফলাফলত আমি ফেচবুক পেজ এটা পাইছিলোঁ। এই একাউণ্টত আমি আৰু কেইবাটাও ভুৱা টুইট পাইছিলোঁ।

ফলাফল
তথ্য পৰীক্ষা কৰাৰ পিছত আমি দেখিলোঁ যে বিবিচিয়ে এনে কোনো খবৰ টুইট কৰা নাছিল। শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম সম্পৰ্কে ভাইৰেল হোৱা দাবী মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:“পাঠান” ছবি সম্পৰ্কে বিবিচিৰ ভাইৰেল টুইটটো ভুৱা
Fact Check By: Debanjana BaishyaResult: False
