
যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল।
এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন ফটো শ্বেয়াৰ হোৱা দেখা গৈছে ইমৰাণ খান গুলীবিদ্ধ হোৱাৰ পাছৰ ফটো বুলি দাবী কৰি।
আঘাতপ্ৰাপ্ত ইমৰাণ খান বুলি দাবী কৰি “টাইম এইট”(Time8) নামৰ ৱেবপৰ্টেলত বাতৰি পৰিবেশন কৰা হৈছিল।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। এই ফটোখন আমি ২০১৩ চনৰ মে’মাহৰ ৭ তাৰিখে “ইণ্ডিয়া টুডে”ত প্ৰকাশিত এটা প্ৰবন্ধত পালোঁ। সংলগ্ন তথ্যত উল্লেখ আছে যে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ মাত্ৰ চাৰিদিন পূৰ্বে হোৱা এক নিৰ্বাচনী সভাত ১০-১৪ ফুট উচ্চতাৰ মঞ্চলৈ গৈ থকাৰ সময়ত ইমৰাণ খান লিফ্টৰ পৰা পৰি যায়। এই ঘটনা সংঘটিত হৈছিল লাহোৰত। মূৰত আঘাত পোৱাৰ পিছত তেওঁক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

এই একেখন ফটো ২০১৩ চনৰ ৭ মে’ত Al-Jazeera ৰ ৰিপ’ৰ্টতো দেখা গ’ল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল হোৱা ফটোখন পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত শেহতীয়াকৈ হোৱা আক্ৰমণৰ নহয় আৰু লগতে পুৰণিও।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়
Fact Check By: Debanjana BaishyaResult: Misleading
