
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটো আছিল দুখন বেলেগ বেলেগ ফটোৰ ক’লাজ। ফ’টোখনত লিখা আছিল যে জাৰ্মানীত ভগৱান নৰসিংহৰ ভাস্কৰ্য পোৱা গৈছে। কাৰ্বন ডেটিঙৰ দ্বাৰা নিশ্চিত কৰা হৈছে এই ভাস্কৰ্য ৩৫,০০০ ৰ পৰা ৪০,০০০ বছৰ পুৰণি। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি পোষ্টটোত থকা দুয়োখন ফটো পৃথকে পৃথকে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ।
প্ৰথমে আমি বাওঁফালৰ ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। আমি mayapur.com নামৰ এটা ৱেবছাইটত “নৃসিংহ চতুৰ্দশী” উপলক্ষে হোৱা “নৰসিংহ অভিষেক” সম্পৰ্কে এটা প্ৰবন্ধ পালোঁ। প্ৰবন্ধটোত সংলগ্ন নৰসিংহ মূৰ্তিৰ ফটোখন আছিল আমালৈ অহা পোষ্টটোৰ বাওঁফালৰ ফটোখনৰ সৈতে একেই। এই নৰসিংহ অভিষেক হৈছিল পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰত।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ।
এইবাৰ আমি ২০১৯ চনৰ মে’মাহৰ ১৮ তাৰিখে Mayapur TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা “Complete Maha Abhishek of Narasimha Dev in Time lapse” শীৰ্ষক এটা ভিডিঅ’ পালোঁ। তাত দেখুওৱা নৰসিংহৰ মূৰ্তিটো আছিল আমালৈ অহা পোষ্টটোত থকা ফটোখনৰ সৈতে একেই।
গতিকে ইয়াৰদ্বাৰা আমি নিশ্চিত হ’লোঁ যে আমালৈ অহা পোষ্টটোত থকা বাওঁফালৰ ফটোখন জাৰ্মানীত পোৱা নৰসিংহৰ মূৰ্তি নহয়, বৰং পশ্চিম বংগৰ মায়াপুৰৰ ইস্কন মন্দিৰত স্থাপিত নৰসিংহৰ মূৰ্তিহে।
এইবাৰ আমি পোষ্টটোৰ সোঁফালে থকা ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ।
আমি বৃটিছ মিউজিয়ামৰ এটা ব্ল’গ পোষ্ট পালোঁ। তাত সংলগ্ন ফটোখন আছিল আমালৈ অহা পোষ্টটোত থকা ফটোখনৰ সৈতে সাইলাখ একেই। ফটোখনৰ কেপশ্বনত লিখা আছিল “The Lion Man” বুলি। এই লায়’ন মেন ভাস্কৰ্য ১৯৩৯ চনত দক্ষিণ জাৰ্মানীৰ এটা গুহাত উদ্ধাৰ হৈছিল। এই ভাস্কৰ্য নিৰ্মাণ কৰা হৈছিল মেম’থৰ দাঁতৰ পৰা আৰু ই ৪০,০০০ বছৰ পুৰণি।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
ইয়াৰ দ্বাৰা আমি নিশ্চিত হ’লোঁ যে এই ভাস্কৰ্য নৰসিংহ অৱতাৰৰ নহয়, বৰং জাৰ্মানীত উদ্ধাৰ হোৱা “লায়’ন মেন”ৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে আমালৈ অহা পোষ্টটোত থকা ফটো দুখন জাৰ্মানীত উদ্ধাৰ হোৱা ৩৫,০০০ পৰা ৪০,০০০ বছৰ পুৰণি ভগৱান নৰসিংহৰ ভাস্কৰ্য নহয়, বৰং এখন ফটো পশ্চিম বংগৰ মায়াপুৰৰ ইস্কন মন্দিৰত স্থাপিত নৰসিংহৰ মূৰ্তিৰ আৰু সোঁফালে থকাখন জাৰ্মানীত উদ্ধাৰ হোৱা লায়’ন মেন ভাস্কৰ্যৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এয়া জাৰ্মানীত উদ্ধাৰ হোৱা ৩৫,০০০ৰ পৰা ৪,০০০০ বছৰ পুৰণি ভগৱান নৰসিংহৰ ভাস্কৰ্য নহয়
Fact Check By: Debanjana BaishyaResult: False
