
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link
একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি “ফ্লিকাৰ“ত আমালৈ অহা মূৰ্তিৰ ফটোখনৰ সৈতে একেই ষ্টক ইমেজ পালোঁ। বিৱৰণত লিখা আছিল যে সেয়া ইন্দোনেছিয়াৰ বালিৰ সাগৰীয় অঞ্চলৰ এক বুদ্ধ মূৰ্তি।

একেধৰণৰ ষ্টক ইমেজ আমি “এলেমি“ত পালোঁ, কিন্তু তাত পোৱা ফটোখন মূৰ্তিটোৰ পিছফালৰ পৰা তোলা হৈছিল। “এলেমি”ত পোৱা ফটোখনৰ বিৱৰণত লিখা আছিল এইদৰে “Submerged reclining Buddha statue in Tulamben, Bali, Indonesia”, অৰ্থাৎ সেই মূৰ্তিটো ইন্দোনেছিয়াৰ বালিৰ তুলাম্বেনৰ সাগৰৰ তলত অৱস্থিত শুই থকা বুদ্ধ মূৰ্তি।

একেধৰণৰ ফটো আমি ইয়াত, ইয়াত আৰু ইয়াত পালোঁ।
এইবাৰ আমি সাগৰৰ তলিত থকা বুদ্ধ মূৰ্তিৰ সম্ভেদ পাবলৈ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ।
আমি “Scuba Diving” নামৰ এটা ৱেবছাইটত ২০১৬ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰবন্ধ পালোঁ। তাত সংলগ্ন ফটোখন আছিল আমালৈ অহা মূৰ্তিৰ ফটোখনৰ ফটোখনৰ সৈতে প্ৰায় একেই। প্ৰবন্ধটোত উল্লেখ কৰা হৈছিল যে এই বুদ্ধ মূৰ্তিৰ ইন্দোনেছিয়াৰ বালিৰ “মাতাহৰি তুলাম্বেন ৰিজ’ৰ্ট” (Mataharu Tulamben Resort)ৰ ওচৰত অৱস্থিত। এই মূৰ্তিৰ নাম হ’ল “শ্লিপিং বুদ্ধ”(Sleeping Buddha) আৰু ২০১২ চনৰ পৰা এই মূৰ্তিসমূহ “লিবাৰ্টি ৰেক” (Liberty Wreck) অঞ্চলৰ ওচৰত স্থাপন কৰা হৈছে। বুদ্ধৰ মাতৃ “তাৰা”ৰ মূৰ্তিও তাত স্থাপন কৰা হৈছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link
গতিকে আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনত থকা মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয় বৰং ইন্দোনেছিয়াৰ বালিৰ তুলাম্বেনৰ সাগৰৰ তলত ২০১২ চনত স্থাপিত বুদ্ধ মূৰ্তিহে হয়।
ফলাফল
ভাইৰেল ফটোখনত দাবী কৰাৰ নিচিনাকৈ ফটোখনত থকা মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয় বৰং ইন্দোনেছিয়াৰ বালিৰ তুলাম্বেনৰ সাগৰৰ তলত ২০১২ চনত স্থাপিত বুদ্ধ মূৰ্তিহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়
Fact Check By: Debanjana BaishyaResult: False
