
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে বুলি দাবী কৰি বিভিন্ন পোষ্ট তথা আপডেট বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনোৱাৰ বিপৰীতে ভাৰত চৰকাৰক সমালোচনা কৰিছে । এনে ধৰণৰ পোষ্ট অসমৰ ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ।

অনুসন্ধানৰ পিছত জানিব পৰা গৈছে যে ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হোৱা নাই ।
সত্যতা নিৰূপণ পদ্ধতি
ৰঘুৰাম ৰাজন এজন আগশাৰীৰ অৰ্থবিজ্ঞান বিশেষজ্ঞ হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত। বৰ্তমান তেওঁ চিকাগ’ বিশ্ববিদ্যালয়ৰ বুথ স্কুল অৱ বিজনেছৰ বিত্ত বিভাগৰ অধ্যাপক। বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ নিৰ্বাচিত হোৱা হ’লে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে লক্ষ্য কৰিলেহেঁতেন আৰু বাতৰি প্ৰকাশ কৰিলেহেঁতেন । কিন্তু ইণ্টাৰনেটত এনে ধৰণৰ কোনো বাতৰি পোৱা নগ’ল । ইয়াৰ ফলত এই দাবীৰ সত্যতা সম্পৰ্কে সন্দেহৰ সৃষ্টি হয়।
বেংক অৱ ইংলেণ্ডৰ অফিচিয়েল ৱেবছাইট অনুসৰি বৰ্তমানৰ গৱৰ্ণৰ এণ্ড্ৰু বেইলী। ২০১৯ চনৰ ২০ ডিচেম্বৰত তেওঁৰ নাম ঘোষণা কৰা হৈছিল ৷
২০২০ চনৰ ১৬ মাৰ্চত তেওঁ গৱৰ্ণৰ পদ গ্ৰহণ কৰে। ২০২৮ চনৰ ১৫ মাৰ্চত তেওঁৰ কাৰ্যকাল শেষ হ’ব। আমি নিশ্চিত হলোঁ যে এণ্ড্ৰু বেইলী বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ, ৰঘুৰাম ৰাজন নহয়।

মূল ৱেবছাইট – বেংক অৱ ইংলেণ্ড
কেনেকৈ পালে ৰঘুৰাম ৰাজনৰ নাম?
২০১৮ চনত বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ পদৰ বাবেও ৰঘুৰাম ৰাজন সম্ভাৱ্য প্ৰাৰ্থী হোৱাৰ খবৰ আহিছিল। পিছত চৰ্চা হৈছিল যে তেওঁক নিযুক্তি দিয়া হৈছে ৷ আনকি কংগ্ৰেছৰ সাংসদ শশী থাৰুৰেও এই উৰাবাতৰিৰ বলি হৈছিল ৷ তেওঁ ভুৱা বাতৰি টুইট কৰি ৰঘুৰাম ৰাজনৰ নিযুক্তিৰ প্ৰশংসা কৰিছিল ৷
ৰঘুৰাম ৰাজনে নিজেই কৈছিল যে ২০১৮ চনত বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ হ’বলৈ তেওঁ আগ্ৰহী নহয়। লণ্ডনত সাংবাদিকৰ আগত তেওঁ কয় যে, “চিকাগ’ বিশ্ববিদ্যালয়ত মোৰ ভাল চাকৰি আছে । মই এজন গৱেষক, এজন পেছাদাৰী বেংকাৰ নহয়। বৰ্তমানৰ কামত মই সন্তুষ্ট । মই ক’তো চাকৰি বা পদৰ বাবে আবেদন কৰা নাই আৰু নকৰোঁ।”

মূল বাতৰি ইয়াত পঢ়ক – বিজনেছ ষ্টেণ্ডাৰ্ড
এণ্ড্ৰু বেইলীৰ পূৰ্বে মাৰ্ক কাৰ্নি বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ আছিল। ২০২০ চনৰ ৩১ জানুৱাৰীত তেওঁৰ কাৰ্যকাল সমাপ্ত হয়। ইয়াৰ পূৰ্বে ২০১৯ চনত নতুন গৱৰ্ণৰৰ সন্ধান আৰম্ভ হৈছিল। সেই সময়ত ৰঘুৰাম ৰাজনৰ নাম আছিল এই পদৰ বাবে সম্ভাৱ্য ৬ জন প্ৰাৰ্থীৰ তালিকাত।
ফাইনেন্সিয়েল টাইমছৰ দৈনিক কাকতে ছয়জন সম্ভাৱ্য প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছিল। ৰঘুৰাম ৰাজনৰ সৈতে ইংলেণ্ডৰ ফাইনেন্সিয়েল ডিউটি অথৰিটিৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ড্ৰু বেইলী, বেংক অৱ ইংলেণ্ডৰ বিত্তীয় নীতিৰ উপ-গৱৰ্ণৰ বেন ব্ৰডবেণ্ট আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ সঞ্চালিকা মিনোশ্বে শ্বফিক আদিয়ে যোগদান কৰে। ইয়াৰে এজনৰ নাম আছিল এণ্ড্ৰু বেইলী।
ফলাফল
এইটো স্পষ্ট যে বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ হিচাপে ৰঘুৰাম ৰাজন নিৰ্বাচিত হোৱা নাই। বিগত কেইবাবছৰ ধৰি ভাইৰেল হৈ আহিছে এই উৰাবাতৰি। এণ্ড্ৰু বেইলী বৰ্তমান বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ হিচাপে ৰঘুৰাম ৰাজনক নিযুক্তি দিয়া হৈছেনে? সত্য পঢ়ক!
Fact Check By: Manjori BorkotokyResult: False
