এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?

False Social

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত মানুহৰ নখটোতকৈও সৰু, অতি ক্ষুদ্ৰ চৰাই এটা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া হ’ল হামিংবাৰ্ড চৰাই যি পৃথিৱীৰ আটাইতকৈ সৰু চৰাই বুলি জনাজাত । অসমত হোৱাটচ এপ্পৰ জৰিয়তে মোবাইলে মোবাইলে ভাইৰেল হৈ পৰা ফটোখনত শিৰোনামা দিয়া হৈছে যে এইয়া “পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি” ।

সঁচাকৈ এইয়া হামিংবাৰ্ডৰ ছবি নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ফটোখনলৈ ৰিভাৰছ ইমেজ চাৰ্চ কৰিলোঁ আৰু পালোঁ যে এই বিশেষ ফটোখন পিনতাৰেষ্ট নামৰ ফটো ৱেবছাইটটোত “মালিনীক মিনিএচাৰছ” নামৰ এটা প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে ।

bird 2.png

আমি ‘মালিনীক মিনিএচাৰছ’ৰ বিষয়ে আৰু চাৰ্চ কৰিলোঁ আৰু পালোঁ যে একেই নামেৰে এটা ফেচবুক পেজ আছে য’ত উপৰোক্ত ফটোখন দেখা গৈছে আৰু ইয়াৰ বাদেও আন আন একেই ধৰণৰ ফটোও দেখা গ’ল । 

bird 3.png

অনুসন্ধান কৰি আমি পালোঁ যে ভাইৰেল ফটোখনত দেখা পোৱা চৰাইটো আচলতে ক্ষুদ্ৰ প্ৰতিৰূপহে হয় আৰু ইয়াক ইনা নামৰ আমেৰিকাৰ এগৰাকী আৰ্টিষ্টয়ে বনাইছে । তেওঁ এনেকুৱা এখন ফটো নিজৰ ফেচবুক পেজত অক্টোবৰ ১৫ তাৰিখে আপলোড কৰিছে আৰু দ্বিতীয়খন ফটো অক্টোবৰ ১৮ তাৰিখে আপলোড কৰিছে । 

তেওঁ নিজৰ বিষয়ে লিখিছে, “মোৰ নাম ইনা – বা  মালিনীক মিনিএচাৰছ । মোৰ আচল ঘৰ বাৰক’ভিত্সাত (ইউৰোপ) আৰু মই বৰ্তমান আমেৰিকাত থাকোঁ । মই জন্তু আৰু চৰাই ইত্যাদি হাতেৰে বনাও আৰু প্ৰত্যেকটো সৃষ্টি একক হয় । মই পলিমাৰ ক্লেই আৰু তাঁৰ দি ভাস্কয্যটো বনাওঁ আৰু পাখি বা ফাইবাৰ দি ইয়াক ঢাকি দিয়ো । 

ফলাফল

ভাইৰেল ফটোখন হামিংবাৰ্ডৰ নহয় আৰু আচলতে এইয়া কোনো জীৱিত চৰাই নহয়েই । বৰঞ্চ এইয়া এক আৰ্টিষ্টৰ সৃষ্টি হয় আৰু চৰাইৰ ক্ষুদ্ৰ প্ৰতিৰূপহে হয় । এইয়া দুষ্প্ৰাপ্য হামিংবাৰ্ডৰ ছবি বুলি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । 

Avatar

Title:এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *